প্রশ্নকাকত ফাদিলৰ বিচাৰৰ বাবে ফাষ্টট্রেক আদালত গঠন কৰা হ’বঃপ্ৰধানমন্ত্ৰী

Pc The Samikhsya

প্রশ্নকাকত ফাদিলৰ বিচাৰৰ বাবে ফাষ্টট্রেক আদালত গঠন কৰা হ’বঃপ্ৰধানমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীৰ যন্তৰ মন্তৰত নীট-ইউ জিৰ প্ৰশ্নকাকত ফাদিলক লৈ প্রতিবাদ চলি থকাৰ মাজতে কেন্দ্রীয় চৰকাৰে সিদ্ধান্ত ঘোষণা কৰিলে যে প্রশ্নকাকত ফাদিলৰ ঘটনাৰ বিচাৰৰ বাবে ফাষ্টট্রেক আদালত গঠন কৰা হ’ব। বৃহস্পতিবাৰে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এক্স পোষ্টত প্রধানমন্ত্রী মোদীয়ে লিখিছে- প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত লোকসকলক দ্ৰুত আৰু কঠোৰ শাস্তি নিশ্চিত কৰিবলৈ ফাষ্ট ট্ৰেক আদালত গঠন কৰা হ’ব । লগতে সংশ্লিষ্ট বিভাগসমূহক এই দিশত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ যুৱক-যুৱতীসকলৰ কল্যাণ আৰু ভৱিষ্যত চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ বুলি উল্লেখ কৰে । যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ লগত খেলা কৰা কোনো লোকক ৰেহাই দিয়া নহ’ব বুলিও তেওঁ উল্লেখ কৰে । বৃহস্পতিবাৰে পুৱাৰ ভাগতে দেশৰ যুৱক-যুৱতীসকলৰ ওচৰত থিয় দিয়াৰ বাৰ্তা দিয়ে প্রধানমন্ত্রীয়ে। তেওঁ লিখিছে- ‘আমাৰ যুৱক-যুৱতীসকলক ভালে ৰখা আৰু তেওঁলোকৰ সুন্দৰ ভৱিষ্যৎ নিশ্চিত কৰাই আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। আন একোৱেই ইয়াতকৈ ডাঙৰ নহয়।’ ইয়াৰ পিছতে প্রশ্নকাকত বিতৰ্কত ন্যায় বিচাৰৰ আশ্বাস দিয়ে প্রধানমন্ত্রী মোদীয়ে। লগতে প্রধানমন্ত্রীয়ে ঘোষণা কৰে যে যুৱক-যুৱতীসকলৰ ভৱিষ্যতক লৈ যিসকলে হেতালি খেলাৰ চেষ্টা কৰিব তেওঁলোকক কোনো প্ৰকাৰে ৰেহাই দিয়া নহ’ব। প্রধানমন্ত্রী মোদীয়ে জনায় যে পঢ়ুৱৈসকলৰ স্বাৰ্থৰ কথা সকলো সময়তে গুৰুত্বসহকাৰে বিবেচনা কৰে তেওঁৰ চৰকাৰখনে। প্রশ্নকাকত ফাদিল কাণ্ডত ন্যায় বিচাৰৰ বাবে ফাষ্টট্রেক আদালত গঠনো সেই ধাৰাবাহিক পদক্ষেপৰেই অংগ বুলি ঘোষণা কৰে প্রধানমন্ত্রীয়ে। ইফালে কেন্দ্ৰীয় চৰকাৰে চিজেপিৰ প্ৰতিনিধিসকলক পুনৰ আলোচনালৈ আমন্ত্রণ জনাইছে। কেন্দ্ৰৰ তৰফৰ পৰা মন্ত্ৰী জিতেন্দ্ৰ সিঙে বৃহস্পতিবাৰে জনায় যে যিকোনো সময়তে তেওঁলোকে আলোচনাত বহিবলৈ প্রস্তুত। কেন্দ্ৰৰ প্ৰতিনিধি হিচাপে তাত জিতেন্দ্ৰ সিঙৰ উপৰি উপস্থিত থাকিব আন এগৰাকী মন্ত্ৰী জে পি নাড্ডা। নাড্ডাৰ ঘৰ অথবা কাৰ্যালয়ত আলোচনা হ’ব পাৰে। আলোচনাৰ মাজেৰে সমস্যাটো সমাধানৰ আবেদন জনায় মন্ত্ৰীগৰাকীয়ে। কিন্তু চিজেপিয়ে এই আমন্ত্রণ প্রত্যাখ্যান কৰা বুলি খবৰ ওলাইছে। তেওঁলোকে নিৰপেক্ষ স্থানত আলোচনা বিচাৰে। জিতেন্দ্ৰ সিঙে মন্তব্য কৰে যে ইয়াৰ বাবে বুধবাৰে বিয়লিৰ পৰা মুঠ চাৰিবাৰ বিক্ষোভকাৰীসকলৰ প্ৰতিনিধিসকলক আলোচনাৰ বাবে আমন্ত্রণ জনোৱা হ’ল। চৰকাৰে শিক্ষাৰ্থীসকলৰ হিতাকাংক্ষী হিচাপে তেওঁলোকৰ দাবীসমূহ গুৰুত্বসহকাৰে লৈছে। কিন্তু মন্ত্ৰীগৰাকীয়ে কয়, ‘চৰকাৰে চাৰিবাৰ আনুষ্ঠানিকভাৱে বিক্ষোভকাৰীসকলক আলোচনাত বহাৰ প্ৰস্তাৱ দিছে। যুৱ সমাজৰ ওচৰত আমাৰ বাৰ্তা যে সকলো বিষয়ক লৈ চৰকাৰে আপোনালোকৰ সুবিধা মতে যিকোনো সময়তে আলোচনাত বহিবলৈ প্রস্তুত। আমি আপোনালোকক বিনীতভাৱে অনুৰোধ কৰিছোঁ আহক আলোচনাত বহক। কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ ঘৰত অথবা কাৰ্যালয়ত হ’ব পাৰে বৈঠক। নাড্ডা আৰু আমি তাত উপস্থিত থাকিম। আলোচনাৰ মাধ্যমেৰে ধীৰে ধীৰে আমি এটা সমাধানৰ দিশে আগবাঢ়িম।’ ইফালে চৰকাৰে বাৰে বাৰে আমন্ত্রণ জনালেও নাড্ডাৰ ঘৰ অথবা কাৰ্যালয়ত আলোচনাত বহিবলৈ ৰাজী নহয় চিজেপি।