মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ উদ্যোগ খণ্ডত আত্মনিৰ্ভৰশীলতা, দক্ষতা বিকাশ, গৱেষণা, প্রশিক্ষণ, উদ্ভাৱনক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অসমৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ প্রতিষ্ঠানৰ অধীনস্থ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান(CMAAA) ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্যৱসায় প্রশাসন বিভাগৰ মাজত ২৩ জুলাইত এক বুজাবুজিৰ চুক্তি (MoU)স্বাক্ষৰ হয়। উল্লেখ্য যে উক্ত চুক্তিৰ অধীনত উদ্যোগ স্থাপনৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতা প্রদান, প্রশিক্ষণ, মেণ্টৰশ্বিপ, গৱেষণা, পৰামৰ্শমূলক কার্যসূচী, কর্মশালা, আলোচনা চক্ৰ আৰু অন্যান্য সহযোগিতামূলক কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হ’ব। বুজাবুজিৰ চুক্তি স্বাক্ষৰ সন্দৰ্ভত নিজৰ মতামত প্রদান কৰি উপাচার্য অধ্যাপক ননী গোপাল মহন্তই উল্লেখ কৰে যে ‘উক্ত বুজাবুজি চুক্তিৰ অধীনত উদ্যোগ স্থাপনৰ বাবে প্রয়োজনীয় জ্ঞান আৰু দক্ষতা প্রদান, প্রশিক্ষণ, মেণ্টৰশ্বিপ, গৱেষণা, পৰামৰ্শমূলক কাৰ্যসূচী, কর্মশালা, আলোচনা-চক্ৰ আৰু অন্যান্য সহযোগিতামূলক কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ কৰা হ’ব। লগতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান (CMAAA)-ৰ CM Fellowসকলৰ বাবে সক্ষমতা বিকাশ, গৱেষণা আৰু নীতি-আধাৰিত শিক্ষণমূলক কাৰ্যসূচী ৰূপায়ণতো এই চুক্তিখনে সহায়ক ভূমিকা পালন কৰিব।’ উক্ত অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শর্মা, ব্যৱসায় প্ৰশাসন বিভাগৰ মুৰব্বী অধ্যাপক ড° মনশ্ৰী মহন্ত, অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ যুটীয়া সঞ্চালক শান্তনু দেউৰী, উপাচাৰ্যৰ সচিব তথা জনসম্পৰ্কৰক্ষী বিষয়া ড° মৃণাল জ্যোতি ডেকা, আইন বিষয়া, কোষাধ্যক্ষ সমন্বিতে অন্য ব্যক্তিসকল উপস্থিত থাকে।
