ক্ৰাইম ব্ৰাঞ্চৰ চমনত গুৱাহাটীত উপস্থিত কংগ্ৰেছ নেতা পৱন খেড়া
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীত উপস্থিত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়া । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষা তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাৰ গোচৰত পুনৰ অপৰাধ শাখাত হাজিৰ হ’বলৈ গুৱাহাটীলৈ আহিল পৱন খেড়া । ইয়াৰ পূৰ্বে ক্ৰাইম ব্ৰাঞ্চে কেইবাবাৰো পৱন খেড়াক হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছিল যদিও হাজিৰ হোৱা নাছিল । দলীয় কাৰ্যসূচী আৰু শাৰীৰিক অসুস্থতাৰ বাবে হাজিৰ হোৱা নাছিল । উল্লেখ্য যে যোৱা ৬ এপ্ৰিলত ৰিণিকি ভূঞা শৰ্মাৰ এজাহাৰৰ ভিত্তিত দুবাৰকৈ অপৰাধ শাখাই মাৰাথন জেৰা চলাইছিল কংগ্রেছ নেতা খেড়াক। তাৰ পাছতো জেৰাত হাজিৰ হ’বলৈ পূর্বে দুবাৰকৈ অপৰাধ শাখাই চমন জাৰি কৰাৰ পাছতো জেৰাত হাজিৰ হোৱা নাছিল পৱন খেড়াই। অৱশেষত বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২ বজাত অপৰাধ শাখাত হাজিৰ হয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়া। আৰক্ষীৰ জেৰালৈ যোৱাৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কংগ্ৰেছ নেতা খেড়াই কয় যে কিছু ব্যক্তিগত অসুবিধাৰ বাবে পূর্বে দুবাৰ মই হাজিৰ হ’ব পৰা নাছিলোঁ। এবাৰ স্বাস্থ্য সংক্ৰান্তৰ বাবে আৰু আনবাৰ ৰাজ্যসভা নির্বাচন সংক্রান্তীয় কামৰ বাবে। উল্লেখ্য যে অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ৫ এপ্ৰিলত সংবাদমেল সম্বোধন কৰি পৱন খেড়াই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ তিনিখনকৈ পাছপ’ৰ্ট আৰু বিদেশত সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰিছিল । এনে অভিযোগক ভিত্তিহীন আখ্যাৰে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই পৱন খেড়াৰ বিৰুদ্ধে অপৰাধ শাখাত এজাহাৰ দাখিল কৰিছিল ।এই এজাহাৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ পাছতে আৰক্ষীয়ে পৱন খেড়াক বিচাৰি দিল্লী পৰ্যন্ত অভিযান চলাই যদিও গ্ৰেপ্তাৰত ব্যৰ্থ হৈছিল । ইয়াৰ পাছত তেলেংগানা উচ্চ ন্যায়ালয়ে পৱন খেড়াক ৭ দিনৰ বাবে চৰ্ত সাক্ষেপে অগ্ৰিম জামিন প্ৰদান কৰিছিল । কিন্তু এনে জামিনৰ নিৰ্দেশনাত ত্ৰুটি ৰৈ যোৱা বাবে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় । গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চত ৰুজু হোৱা গোচৰৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে পৱন খেড়াক প্ৰদান কৰা তেলেংগানা উচ্চ ন্যায়ালয়ৰ চৰ্ত সাক্ষেপ জামিনৰ নিৰ্দেশনাত স্থগিতাদেশ জাৰি কৰে । ইয়াৰ পাছতে পৱন খেড়াই এনে স্থগিতাদেশৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় । কিন্তু শুনানিৰ অন্তত উচ্চতম ন্যায়ালয়ে পৱন খেড়াৰ আবেদনখন খাৰিজ কৰি তেওঁক অসমৰ আদালতত জামিন আবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । অৱশ্যে পৰৱৰ্তী সময়ত কেতবোৰ চর্তত কংগ্ৰেছ নেতা খেড়াই অগ্রিম জামিন লাভ কৰে যদিও আদালতে তদন্তত আৰক্ষীক সৰ্বতোপ্ৰকাৰে সহযোগ কৰাৰ নিৰ্দেশ দিয়ে। তৃতীয়বাৰৰ বাবে অপৰাধ শাখাত হাজিৰ হৈ আৰক্ষীক সকলো প্ৰকাৰে সহযোগ কৰিব বুলি মন্তব্য কৰি খেড়াই কয় যে আৰক্ষীয়ে যিমানবাৰেই মাতিব সিমানবাৰেই আহিম। উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনৰ প্ৰায় ১২ বজাৰ পৰা নিশা ১০ বজালৈ ৯ ঘণ্টাজুৰি অপৰাধ শাখাই মাৰাথন জেৰা চলাই পৱন খেড়াক যাবলৈ অনুমতি দিয়ে।
