ডিব্ৰুগড়ত মানকটা শতদল শাখা সাহিত্য সভাৰ ২৭ সংখ্যক প্ৰতিষ্ঠা আৰু ‘ৰংমন’ দিৱস উদযাপন
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- শিশু-কিশোৰৰ মাজত ভাষা, সাহিত্য, সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতি অনুৰাগ জগাই তোলাৰ লক্ষ্যৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় ‘কুঁহি’ উপ-সমিতিৰ উদ্যোগত, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সহযোগত আৰু মানকটা শতদল শাখা সাহিত্য সভাৰ আতিথ্যত মানকটা কছাৰীবাৰীস্থিত শ্ৰীশ্ৰী আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত পাঁচদিনীয়া কেন্দ্ৰীয় ‘কুঁহি’ অনুষ্ঠান আৰু শিশু ভাওনা সমাৰোহৰ অনুষ্ঠিত হয়। ২২ জুলাইৰ পৰা ২৬ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানৰ অংশ হিচাপে প্ৰতিদিনে সন্ধিয়া শিশু ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। অনুষ্ঠানৰ প্ৰথম দিনাই মানকটা শতদল শাখা সাহিত্য সভাৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু বিশিষ্ট ৰহস্য সাহিত্যিক, ‘দস্যু ভাস্কৰ চিৰিজ’ৰ স্ৰষ্টা ‘ৰংমন’ নামেৰে পৰিচিত ৰবীন দে’ৰ সোঁৱৰণত ‘ৰংমন দিৱস’ উদযাপন কৰা হয়। দিনৰ আৰম্ভণিতে শাখা সাহিত্য সভাৰ সভাপতি কুসুম সোনোৱাল শইকীয়াই সাহিত্য সভাৰ পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে সাহিত্যিক ৰবীন দে’ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। মুকলি সভাত সভাপতি কুসুম সোনোৱাল শইকীয়াই পৌৰোহিত্য কৰে আৰু সম্পাদক নৱনীতা শ্যাম উৰঙীয়াই সভা পৰিচালনা কৰে। সভাত ৰবীন দে’ৰ অসমীয়া ৰহস্য সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বিষয়ে বিশদ আলোচনা কৰা হয়। এই উপলক্ষে শাখা সাহিত্য সভাৰ স্মৃতিগ্ৰন্থ ‘অন্তৰীক্ষ’ উন্মোচন কৰে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অজয় সিংহই। অৰুণিমা বৰুৱা আৰু দীপৰেখা সোনোৱালে সম্পাদনা কৰা ৰবীন দে’ৰ সোঁৱৰণী স্মাৰক গ্ৰন্থ ‘ৰংমন’ উন্মোচন কৰে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য নোমল চন্দ্ৰ গগৈয়ে।সন্ধিয়া অনুষ্ঠিত শিশু ভাওনা সমাৰোহ উদ্বোধন কৰি বিশিষ্ট অতিথি ড° অনিল শইকীয়াই ভাওনাৰ ঐতিহাসিক, সাহিত্যিক আৰু সাংস্কৃতিক তাৎপৰ্যৰ ওপৰত বক্তব্য আগবঢ়ায়। তেওঁ কয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ-প্ৰসাৰৰ উদ্দেশ্যে সৃষ্টি কৰা ভাওনা হৈছে গীত, নৃত্য, সংলাপ, শ্লোক, পদ আৰু প্ৰাৰ্থনাৰ এক অনন্য সমন্বয়, য’ত সদায় ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় প্ৰতিফলিত হয়। তেওঁ লগতে উল্লেখ কৰে যে ভাওনাৰ প্ৰতিটো অংগতে নৃত্য আৰু সংগীতৰ সুনিপুণ সমন্বয় লক্ষ্য কৰা যায় আৰু এই ঐতিহ্যবাহী শিল্পকলাই ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰতো বিশেষ স্বীকৃতি লাভ কৰাৰ যোগ্য। সাম্প্ৰতিক বানপানী আৰু দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি তেওঁ সকলোৰে মংগল কামনাৰে এক মিনিট মৌন প্ৰাৰ্থনা কৰাৰ আহ্বান জনায়। অনুষ্ঠানত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক অজিত বুঢ়াগোঁহাই, সাংগঠনিক সম্পাদক উৎপল সোনোৱাল, অসম লেখিকা সন্থাৰ সম্পাদিকা উদয়ন্তী হাজৰিকা দত্ত, বৰপথাৰ শাখা সাহিত্য সভাৰ সভাপতি ৰুদ্ৰ গগৈ, ডিব্ৰুগড় শাখা সাহিত্য সভাৰ সভাপতি জ্যোতি বৰগোঁহাই, সম্পাদক ৰাতুল বুঢ়াগোঁহাই, উপ-সভাপতি যাদৱ গগৈ, মানকটা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পোনা সোনোৱাল, বাণীপুৰৰ ৰামধেনু শাখা সাহিত্য সভাৰ সভাপতি ভূষণজ্যোতি সন্দিকৈ, সোনোৱাল কছাৰী যুৱ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজীৱ সোনোৱালকে ধৰি বিভিন্ন শাখা সাহিত্য সভাৰ বিষয়ববীয়া আৰু বহু সংখ্যক সাহিত্যপ্ৰেমী উপস্থিত থাকে।বিয়লি অনুষ্ঠিত ‘কুঁহি’ অনুষ্ঠানত শিশু আৰু কিশোৰ-কিশোৰীসকলে দলীয় শ্ৰদ্ধাঞ্জলি আলেখ্য, নৃত্য, বাদ্য, অভিনয়, কবিতা আবৃত্তি, সংগীত, সুৰ সমলয় আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান মনোমোহাকৈ পৰিৱেশন কৰি দৰ্শকৰ প্ৰশংসা লাভ কৰে। প্ৰথম দিনা শিশু সকলে ‘সীতা হৰণ বালী বধ’ শীৰ্ষক ভাওনা প্ৰদৰ্শন কৰে।
