ফাষ্টট্রেক আদালতত সাক্ষ্য পামী বৰঠাকুৰৰ

ফাষ্টট্রেক আদালতত সাক্ষ্য পামী বৰঠাকুৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্রেক আদালতত চলি আছে। আদালতত পুনৰ সাক্ষ্যদান জুবিন গাৰ্গৰ ভগ্নী ভগ্নী পামী বৰঠাকুৰৰ।উল্লেখযোগ্য যে ৪ দিন একেৰাহে সাক্ষ্য প্ৰদান কৰাৰ পাছত মঙলবাৰে সাক্ষ্যদান প্ৰক্ৰিয়া সমাপ্ত হয় পামী বৰঠাকুৰৰ। আনহাতে আদালতৰ মজিয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক বিৰোধী পক্ষৰ অধিবক্তাই বাৰম্বাৰ অপমানৰ চক্রান্ত কৰাৰ অপচেষ্টা চলোৱাক লৈ ক্ষুব্ধ হৈ পৰিছে শিল্পীগৰাকীৰ ভগ্নী ড° পামী বৰঠাকুৰ।  ফাষ্টট্রেক আদালতত সাক্ষ্য প্ৰদানৰ অন্তত সাংবাদিকৰে হোৱা কথা-বতৰাত যথেষ্ট ক্ষোভেৰে ড° বৰঠাকুৰে কয় যে জুবিন গাৰ্গৰ সৃষ্টিৰাজিক একাষৰীয়া কৰি কেৱল সুৰাপানৰ বিষয়ক লৈহে বাৰম্বাৰ বিৰোধীপক্ষৰ অধিবক্তাই প্রশ্ন কৰিছিল। যিগৰাকী জুবিন গার্গে অসমক বিশ্বৰ মানচিত্ৰত জিলিকাই তুলি অসমীয়াৰ সন্মান বৃদ্ধি কৰিলে। গোটেই জীৱনটো কেৱল কামকেই কৰিলে, সেই মানুহজনক এতিয়া মদাহী বুলি প্রতিপন্ন কৰিবলৈ চলোৱা আপ্রাণ চেষ্টা দেখি হতভম্ব হৈ পৰিছোঁ। তেওঁ কয় যে জুবিন গার্গেই যদিহে দিনে-ৰাতি কেৱল মদেই খাই আছিল, তেন্তে তেওঁ গান কেতিয়া গাইছিল, সৃষ্টি কেতিয়া কৰিছিল, চিনেমা কেতিয়া বনাইছিল আৰু মানুহক সহায় কেতিয়া কৰিছিল। সমগ্ৰ অসমবাসীয়ে মৃত্যুৰ পিছতো তেওঁক ইমানখিনি মৰম যাচিছে। প্রতিটো পলে ৰাজ্যবাসী জুবিন গাৰ্গৰ ন্যায়ক লৈ দাবী উত্থাপন কৰিছে। এজন মদাহী মানুহক এনেকৈ কোনোবাই ভাল পাব নিশ্চয়কৈ নোৱাৰে। বিৰোধীপক্ষৰ হ’লেও অসমীয়া অধিবক্তাকেইজনৰ এনেধৰণৰ কথাক লৈ মই বৰ দুখ পাইছোঁ। মই ভাবি পোৱা নাই তেওঁলোকে এই কাম কেনেকৈ কৰিব পাৰিছে। আদালতত আৱেগিক কৰি হ’লেও অভিযুক্তক সুৰক্ষা দিয়াৰ অভিযোগ তুলি ড° বৰঠাকুৰে কয় যে বাৰম্বাৰ তেওঁলোকে মোক আৱেগিক কৰিবলৈ চেষ্টা কৰিছিল। কেৱল সুৰাপানৰ বিষয়েহে প্রশ্ন কৰা বিৰোধীপক্ষৰ অধিবক্তাকেইজনে এনেধৰণৰ প্ৰশ্নৰে অভিযুক্তক সুৰক্ষা দিব বিচাৰিছে। অৱশ্যে বেয়া লাগিলেও আৱেগক সম্বৰণ কৰি যুক্তিসহকাৰে আদালতত সকলো কথা অৱগত কৰিছোঁ। মোৰ দৃঢ় বিশ্বাস- আমি ন্যায় পাম। কাৰণ কথাখিনি সদায়েই সত্য আৰু তথ্যৰ ওপৰত ভিত্তি কৰিহে মই আদালতক অৱগত কৰিছোঁ। বিভিন্ন প্ৰকাৰে অভিযুক্তকেইজনক ৰক্ষা কৰিব বিচৰা প্ৰতিপক্ষৰ অধিবক্তাই আন উপায়েৰে আদালতক পতিয়ন নিয়াব নোৱাৰি দিনে-নিশাই কেৱল সুৰাৰ ৰাগিত জুবিন গার্গে মাতাল হৈ থকা বুলি এতিয়া প্রমাণ কৰিবলৈ তৎপৰ হৈ পৰিছে। যিমান চক্রান্ত নকৰিলেও সত্য আৰু তথ্যৰ ভিত্তিত থকা প্ৰমাণ কেতিয়াও হেৰাই নাযায়। জুবিন গার্গে ন্যায় পাবই। উল্লেখ্য যে আদালতে চতুৰ্থবাৰলৈকে ড° পামী বৰঠাকুৰৰ সাক্ষ্যগ্ৰহণ কৰিছে। পৰৱৰ্তী পর্যায়ত আদালতে যদি পুনৰ বিচাৰে, তেন্তে সকলোধৰণৰ সহযোগিতা আগবঢ়াব বুলিও ড° বৰঠাকুৰে সদৰী কৰিছে। ইপিনে, প্ৰাণৰ শিল্পীৰ হত্যাৰ গোচৰৰ পৰা ৰেহাই বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনোৱা শিল্পীগৰাকীৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি আজিও আদালতত সম্পূর্ণ নহ’ল। জানিব পৰা মতে, অহা ৭আগষ্টত আদালতে পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰিছে।