ডিব্ৰুগড়ত অসম অনুসূচিত জাতি সংযুক্ত মৰ্চা আৰু লুইতপৰীয়া লোক-সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত শিক্ষক শিল্পীক সম্বৰ্ধনা 

ডিব্ৰুগড়ত অসম অনুসূচিত জাতি সংযুক্ত মৰ্চা আৰু লুইতপৰীয়া লোক-সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত শিক্ষক শিল্পীক সম্বৰ্ধনা 

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত অসম অনুসূচিত জাতি সংযুক্ত মৰ্চা আৰু লুইতপৰীয়া লোক-সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত গ্ৰহণ কৰা হৈছে এক উল্লেখযোগ্য পদক্ষেপ। ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি ৪ দিনীয়া কাৰ্যসূচীৰে শৈক্ষিক,সামাজিক আৰু সাংস্কৃতিক  দিশত বিশেষভাৱে অৰিহনা আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলৰ বাসগৃহত উপস্থিত হৈ তেঁওলোকক সম্ভাষণ জনোৱাৰ এক কাৰ্যসূচী হাতত লয়। আজি শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত ডিব্ৰুগড়ৰ সামাজিক শৈক্ষিক পবিত্ৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা এগৰাকী বিশিষ্ট ব্যক্তি তথা বাগ্মীবৰ নীলমনি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, মৌচাকৰ সভাপতি সঞ্জীৱ বৰদলৈক চেলেং,স্মাৰক আৰু এটা জাপিৰে সম্বৰ্ধনা জনোৱা হয়  উক্ত অনুষ্ঠানতে সাংস্কৃতিক ক্ষেত্ৰত বিশেষভাৱে অৰিহনা আগবঢ়োৱা লেখিকা,নৃত্যশিল্পী সঞ্জনা বৰদলৈক অসম অনুসূচিত জাতি সংযুক্ত মৰ্চা ডিব্ৰুগড় জিলা সমিতি,লুইতপৰীয়া লোক-সাংস্কৃতিক কলা কেন্দ্ৰৰ তৰফৰ পৰা বিশেষভাৱে সম্ভাষণ জনোৱা হয়। অনুষ্ঠানত নাগালেণ্ড কহিমা বিজ্ঞান মহাবিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ অধ্যাপক ড° পল্লৱ চাংকাকতিকো সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বিপিন বড়া,নিৰন্ত দাস,অচ্যুত দাস,চন্দন দাস আৰু গৌতম দাসৰ লগতে কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে।