নেপালত পুনৰ তিনিজন ভাৰতীয় উদ্ধাৰ

Pc Mathrubhumi English

 নেপালত পুনৰ তিনিজন ভাৰতীয় উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বিগত ২৪ ঘণ্টাত আৰু তিনিজন ভাৰতীয়ক উদ্ধাৰ কৰিব পৰা গৈছে নেপালত। শুকুৰবাৰে নিশা সামাজিক মাধ্যম এক্স হেণ্ডেলত পোষ্ট কৰি ভাৰতৰ বিদেশ মন্ত্রালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই কথা জনালে। এতিয়ালৈকে কিমানজন ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে, সেই পৰিসংখ্যাও তেওঁ প্ৰকাশ কৰে।যোৱা ২৬ আগষ্টৰ প্ৰলয়ংকৰী বানত বিপর্যস্ত নেপাল। আকস্মিক বানৰ পাছৰে পৰা বিপৰ্যস্ত নেপাল। তেনে পৰিস্থিতিত দেশখনত বহু ভাৰতীয়ও আবদ্ধ হৈ পৰিছে। তেওঁলোকৰ অধিকাংশই পৰ্যটক। আনহাতে, কোনো কোনোৱে নেপালত কাম কৰিবলৈ গৈও আবদ্ধ হৈ পৰিছে। ইতিমধ্যে তেওঁলোকৰ বহুতৰেই সন্ধান পোৱা গৈছে। শুকুৰবাৰে পুনৰ তিনিজনক উদ্ধাৰৰ কথা জনালে ভাৰতীয় বিদেশ মন্ত্রালয়ে। ৰণধীৰ জয়ছৱালে জনোৱা মতে, ত্ৰিশূলী বজাৰ অঞ্চলৰ পৰা এই তিনিজন ভাৰতীয়ক উদ্ধাৰ কৰা সম্ভৱ হৈছে। উদ্ধাৰ হোৱা তিনিজন ভাৰতীয়ৰ পৰিচয়ো প্ৰকাশ কৰিছে তেওঁ। তেওঁলোকৰ মাজত পাঁচ বছৰীয়া এটি শিশুও আছে। উদ্ধাৰ হোৱা ভাৰতীয়কেইজন হৈছে অভিজিৎ সুৰেশ পাৱাৰ, দীপিকা অভিজিৎ পাৱাৰ আৰু সমৰ্থ অভিজিৎ পাৱাৰ। প্ৰাথমিকভাৱে অনুমান কৰা হৈছে যে তিনিওজন একেটা পৰিয়ালৰ সদস্য—পিতৃ, মাতৃ আৰু সন্তান। ৰণধীৰে জনোৱা মতে, নেপালত থকা ভাৰতীয় দূতাবাসে উদ্ধাৰ হোৱা ভাৰতীয়সকলৰ সৈতে যোগাযোগ ৰাখিছে। তেওঁলোকক আকাশপথে ভাৰতলৈ ঘূৰাই অনা হ’ব। আনহাতে শুকুৰবাৰে বিদেশ মন্ত্ৰালয়ৰ তৰফৰ পৰা জনোৱা মতে নেপাল-তিব্বত সীমান্তৰ প্ৰলয়ংকৰী বানত এতিয়াও ২৭৫জন ভাৰতীয় সন্ধানহীন হৈ আছে। অৱশ্যে ১৬৯জনক ভাৰতীয় জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা গৈছে। তেওঁলোকৰ ভিতৰত শেহতীয়াকৈ ত্রিশূলী বজাৰত উদ্ধাৰ কৰা এই তিনিজন লোকো আছে। প্ৰথমৰ পৰাই ভাৰতে নেপাললৈ সাহায্য সামগ্রী পঠিয়াই আছে। এই পর্যন্ত ভাৰতে নেপাললৈ ৯৫ টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে।