শিক্ষাৰ্থীৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলা লক্ষ্যৰে অসম আই.টি.আই ডিব্ৰুগড়ত নৱাগত আদৰণি সভা

শিক্ষাৰ্থীৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলা লক্ষ্যৰে অসম আই.টি.আই ডিব্ৰুগড়ত নৱাগত আদৰণি সভা

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  নতুন আশা, নতুন সপোন আৰু নতুন উদ্যমেৰে আৰম্ভ হৈছে শিক্ষাৰ এক নতুন যাত্ৰা। নৱাগত শিক্ষাৰ্থীসকলক আদৰণি জনোৱাৰ লগতে অগ্ৰজসকলক বিদায় সম্ভাষণ জনোৱাৰ উদ্দেশ্যে আজি ডিব্ৰুগড় মানকটা ৰোডস্থিত অসম আই.টি.আই. আৰু এ.পি.এন.আই. অসম মিডিয়া ইনষ্টিটিউটৰ উদ্যোগত আয়োজন কৰা হয় নৱাগত আদৰণি সভাৰ লগতে বিদায় সম্ভাষণ।শিক্ষাৰ্থীসকলৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলা আৰু এক সুস্থ শৈক্ষিক পৰিৱেশ সৃষ্টি কৰাৰ লক্ষ্যৰে আয়োজন কৰা এই অনুষ্ঠানত সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশ।অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে শিক্ষানুষ্ঠানখনৰ স্বত্বাধিকাৰী প্ৰাঞ্জল ফুকন, সঞ্চালক গৌতম দাস, অসম মিডিআ ইনচষ্টিটিউটৰ তদাৰক কৌশিক পাত্ৰ,আৰু সাংবাদিক প্ৰশান্ত শইকীয়াই।ডিব্ৰুগড়ৰ হস্ততাঁত বাণিজ্য কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত নৱাগত আদৰণী সভাৰ আৰম্ভণিতে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জনপ্ৰিয় গীত ‘মায়াবিনী’ৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰাৰ লগতে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়।ইয়াৰ পাছতে ‘তুমি গুৰু কলা গুৰু’ গীতৰেৰে শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰে সমবেত সংগীত। অনুষ্ঠানৰ অন্যতম আকৰ্ষণীয় আছিল শিক্ষাৰ্থীসকলৰ সাংস্কৃতিক পৰিৱেশন। ইয়াৰ পিছতে অনুষ্ঠিত হয় সম্বৰ্ধনা কাৰ্যসূচী আৰু বিশিষ্ট অতিথিসকলে শিক্ষাৰ্থীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাংবাদিক প্ৰশান্ত শইকীয়া। অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীকে ধৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।কাৰিকৰী শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলক দক্ষ কৰি তোলা আৰু ভৱিষ্যতৰ কৰ্মসংস্থাপনৰ বাবে প্ৰস্তুত কৰাত আই.টি.আই ৰ ভূমিকা গুৰুত্বপূৰ্ণ। এনে অনুষ্ঠানে নৱাগত শিক্ষাৰ্থীসকলৰ মাজত নতুন উদ্যম সৃষ্টি কৰাৰ লগতে শিক্ষানুষ্ঠানখনৰ সৈতে এক আত্মীয়তাপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাত সহায় কৰে।নতুন সপোন আৰু নতুন আশাৰে শিক্ষাৰ এক নতুন অধ্যায় আৰম্ভ কৰা শিক্ষাৰ্থীসকলৰ আগন্তুক শৈক্ষিক জীৱন সফল হওক—এই আশাৰে অনুষ্ঠিত হয় নৱাগত আদৰণি সভা।