ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ উদ্যোগত আঠগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক বিদায় সম্বৰ্ধনা

ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ উদ্যোগত আঠগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক বিদায় সম্বৰ্ধনা

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ উদ্যোগত ২৮ অক্টোবৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইন্দিৰা মিৰি সভা কক্ষত বিশ্ববিদ্যালয়খনৰ আঠগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক বিদায় সম্বৰ্ধনা জনোৱা হয়। বিশ্ববিদ্যালয়খনৰ শৈক্ষিক আৰু প্ৰতিষ্ঠানিক বিকাশৰ ক্ষেত্ৰত শিক্ষককেইগৰাকীয়ে আগবঢ়োৱা নিষ্ঠাপূৰ্ণ সেৱা আৰু মূল্যৱান অৱদানৰ প্ৰতি স্বীকৃতি আৰু কৃতজ্ঞতা জ্ঞাপনৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাৰ সভাপতি অধ্যাপক ডেভিড কাৰ্দঙৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড০ জিতেন হাজৰিকাই মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সভাপতি অধ্যাপক ডেভিড কাৰ্দঙে আদৰণি ভাষণ প্ৰদান কৰি অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ অৱদানৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।অনুষ্ঠানত সম্বৰ্ধনা জনোৱা অৱসৰপ্ৰাপ্ত শিক্ষককেইগৰাকী হ’ল— ইতিহাস বিভাগৰ অধ্যাপক জাহ্নৱী গগৈ, শিক্ষা বিভাগৰ অধ্যাপক প্ৰবীণ কুমাৰ গগৈ, পৰিসংখ্যা বিজ্ঞান বিভাগৰ অধ্যাপক শৰৎ চন্দ্ৰ কাকতি, অৰ্থনীতি বিভাগৰ অধ্যাপক নয়নমণি বৰগোহাঁই বৰুৱা, ভেষজ বিজ্ঞান বিভাগৰ অধ্যাপক সুৰজিত কুমাৰ ঘোষ, জীৱ বিজ্ঞান বিভাগৰ অধ্যাপক লক্ষীৰাম শইকীয়া, অসমীয়া বিভাগৰ অধ্যাপক নীৰাজনা মহন্ত বেজবৰা আৰু বাণিজ্য বিভাগৰ অধ্যাপক সীমা শ্বাহ সিংহ।অৱসৰপ্ৰাপ্ত শিক্ষককেইগৰাকীক পৰম্পৰাগত গামোচা, চেলেং, স্মাৰক আৰু কৃতজ্ঞতাপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশৰ সমৃদ্ধি, প্ৰতিষ্ঠানিক বিকাশ আৰু শিক্ষক সংস্থাৰ প্ৰতি তেওঁলোকে আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে এই সম্বৰ্ধনা জ্ঞাপন কৰা হয়।অনুষ্ঠানত উপস্থিত থকা ছগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ সৈতে জড়িত কৰ্মজীৱনৰ বিভিন্ন অভিজ্ঞতা আৰু মধুৰ স্মৃতিৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে। তেওঁলোকে বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ, প্ৰতিষ্ঠানিক জীৱনৰ বিভিন্ন দিশ আৰু ভৱিষ্যৎ উন্নয়নৰ সম্ভাৱনাৰ বিষয়ে নিজৰ মতামত প্ৰকাশ কৰাৰ লগতে কেতবোৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। তেওঁলোকৰ বক্তব্যত বিশ্ববিদ্যালয়খনৰ প্ৰতি থকা আন্তৰিকতা আৰু ভৱিষ্যতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিকাশৰ প্ৰতি থকা আগ্ৰহ প্ৰতিফলিত হয়। শিক্ষক সমাজৰ প্ৰতিনিধি হিচাপে অধ্যাপক নীতা কলিতা বৰুৱা আৰু অধ্যাপক সীমা বৰ্মা বৰবৰায়ো অনুষ্ঠানত বক্তব্য প্ৰদান কৰে।অনুষ্ঠানৰ সাংস্কৃতিক কাৰ্যসূচীত ড০ দীপক কুমাৰ দলেই ড০ নিৰ্মলপ্ৰভা বৰদলৈয়ে ৰচনা কৰাএটি গীত পৰিৱেশন কৰে। অধ্যাপক কল্যাণ ভূঞাৰ কবিতা আবৃত্তিয়ে অনুষ্ঠানটোক এক সুকীয়া মাত্ৰা প্ৰদান কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ সদস্যসকলৰ উপস্থিতিয়ে অনুষ্ঠানটো সৌহাৰ্দ্যপূৰ্ণ কৰি তোলে। সংস্থাৰ যুটীয়া সম্পাদক ড০ জিতু বৰাই আঁত ধৰা অনুষ্ঠানটোৰ শলাগৰ শৰাই আগবঢ়ায় সংস্থাৰ সম্পাদক ড০ বৰুণ দেই । তেওঁ অনুষ্ঠানটো সফলভাৱে আয়োজন কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰা উপ-সমিতিৰ সদস্য ড০ বুলুমণি কলিতা, ড০ কল্যাণ দেউৰী, ড০ প্ৰাণজিৎ কলিতা আৰু ড০ পৃথ্বীৰাজ খাখলাৰীৰ নিষ্ঠাপূৰ্ণ প্ৰচেষ্টা আৰু সহযোগিতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।বিদায় সম্বৰ্ধনা অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ শৈক্ষিক আৰু প্ৰতিষ্ঠানিক বিকাশত অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ অৱদানক স্বীকৃতি দিয়াৰ লগতে শিক্ষক সমাজৰ মাজত পাৰস্পৰিক সন্মান, কৃতজ্ঞতা আৰু সৌহাৰ্দ্যৰ সম্পৰ্কক পুনৰ প্ৰতিফলিত কৰে।