অসম চিকিৎসা মহাবিদ্যালয়ত বিৰল ৰোগৰ চিকিৎসা সেৱাত ঐতিহাসিক সাফল্য
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰিছে। উত্তৰ-পূব ভাৰতৰ প্ৰথমটো কেন্দ্ৰ হিচাপে মহাবিদ্যালয়খনে ৩.৫ বছৰীয়া এটি শিশুৰ ক্ষেত্ৰত Valeglucerase Alpha ব্যৱহাৰ কৰি Enzyme Replacement Therapy (ERT) সফলতাৰে প্ৰদান কৰিছে। শিশুটোৰ Lysosomal Storage Disorder (LSD)-ৰ চিকিৎসাৰ বাবে এই চিকিৎসা প্ৰদান কৰা হয়। এই ঐতিহাসিক চিকিৎসা প্ৰক্ৰিয়াটো অধ্যাপিকা তথা বিভাগীয় মুৰব্বী ডাঃ অৰ্পিতা গগৈৰ নেতৃত্বত শিশু ৰোগ বিভাগে ডাঃ ড’ৰথী গাৰ্গো আৰু বহুবিভাগীয় চিকিৎসা দলৰ সহযোগত সম্পন্ন কৰে। ৰাষ্ট্ৰীয় বিৰল ৰোগ নীতি ২০২১ৰ অধীনত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে স্থাপন কৰা বিৰল ৰোগৰ উৎকৰ্ষ কেন্দ্ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীনত এই চিকিৎসা সম্পন্ন কৰা হয়। এই সাফল্যই অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বিৰল জিনগত আৰু বিপাকীয় ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে বিশেষায়িত চিকিৎসা সেৱাৰ সুযোগ সম্প্ৰসাৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি সূচাইছে। লগতে, উন্নত ৰোগ নিৰ্ণয়ৰ ক্ষমতা শক্তিশালী কৰাৰ উপৰি সময়মতে আৰু সমতাভিত্তিকভাৱে উন্নত তথা জীৱন ৰক্ষাকাৰী চিকিৎসা লাভৰ সুযোগ নিশ্চিত কৰাৰ ক্ষেত্ৰত অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অব্যাহত প্ৰতিশ্ৰুতিৰো প্ৰতিফলন ঘটিছে। সময়মতে বিশেষায়িত চিকিৎসা লাভ কৰাৰ এই সুযোগ কেৱল এক চিকিৎসা-সাফল্যই নহয়; বৰং বিৰল ৰোগত আক্ৰান্ত ব্যক্তি আৰু তেওঁলোকৰ পৰিয়াল সমূহৰ বাবে অধিক সহজলভ্য, সহানুভূতিশীল আৰু সমতাভিত্তিক স্বাস্থ্যসেৱা ব্যৱস্থা গঢ়ি তোলাৰ দিশত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপেও বিবেচিত হৈছে।
