নিশা মহানগৰীত পুনৰ ভয়ংকৰ দুৰ্ঘটনা
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীত নিশা পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিশাৰ ভাগত তীব্ৰ গতিত অহা এখন চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই উৰণসেতুৰ ওপৰত বাগৰি পৰে।দিছপুৰ ছুপাৰ মাৰ্কেট উৰণ সেতুত সংঘটিত হৈছে এই দুর্ঘটনা। জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বাহনখন গণেশগুৰিৰ দিশৰ পৰা খানাপাৰা অভিমুখে গৈ আছিল। উৰণসেতুৰ ওপৰেৰে গৈ থকা অৱস্থাতে বাহনখনৰ গতি অতি মাত্ৰাত তীব্ৰ হোৱাৰ বাবেই চালকজনে নিয়ন্ত্ৰণ হেৰুৱায়। ইপিনে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS01 DW 8614 বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ সময়ত বাহনখনৰ চালকৰ লগতে আৰোহীসকল সুৰামত্ত অৱস্থাত আছিল বুলি প্ৰত্যক্ষদৰ্শী তথা আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়। আনহাতে, আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহনখন জব্দ কৰি সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। চালকগৰাকী সুৰামত্ত অৱস্থাত আছিল নে নাই, সেয়া নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে।
