বৃদ্ধাশ্ৰম: প্ৰয়োজন নে অভিশাপ?
প্ৰেম বৈষ্ণৱ ,বিহালী, বিশ্বনাথ
বৃদ্ধাশ্ৰমৰ ধাৰণাটো আজিৰ সমাজত এক অতিকৈ চৰ্চিত বিষয় হৈ পৰিছে। মানৱ সভ্যতাৰ প্ৰাৰম্ভিক কালৰ পৰা বৰ্তমানলৈকে পৰিয়াল হ’ল সমাজৰ মূল আধাৰ। যৌথ পৰিয়ালত জীয়াই থকা মানুহে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি জ্যেষ্ঠসকলক ঘৰৰ মুৰব্বী হিচাপে মান্যতা দি আহিছিল। সেই সময়ত বৃদ্ধসকলৰ সুৰক্ষা আৰু যতনৰ দায়িত্ব পৰিয়ালৰ স্বাভাৱিক কৰ্তব্য আছিল। কিন্তু সময়ৰ সোঁতত সমাজ ব্যৱস্থাত অহা দ্ৰুত পৰিৱৰ্তনে আজি বৃদ্ধসকলৰ জীৱনশৈলীত গভীৰ সংকট সৃষ্টি কৰিছে। পৰিয়ালসমূহৰ আকাৰ ক্ৰমে সৰু হৈ অহাৰ সমান্তৰালভাৱে মানুহে বৃত্তি বা চাকৰিৰ তাগিদাত মূল ঘৰৰ পৰা বহু দূৰত থাকিবলগীয়া হৈছে। এই পৰিস্থিতিত পিতৃ-মাতৃৰ যতন লোৱাটো এক প্ৰত্যাহ্বান হৈ পৰিছে। এই জটিল সন্ধিক্ষণত বৃদ্ধাশ্ৰমসমূহৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ নৈতিক দিশসমূহক লৈ প্ৰশ্নবোধক চিহ্নৰ অৱতাৰণা হৈছে।
আমাৰ দেশত বৃদ্ধ অৱস্থাক জীৱনৰ অৱসৰৰ সময় বুলি ধৰা হয়। শৰীৰৰ কাৰ্যক্ষমতা কমি অহাৰ লগে লগে মানুহৰ আৱেগিক আৰু শাৰীৰিক নিৰ্ভৰশীলতা বাঢ়ি আহে। এই সময়ত প্ৰত্যেক বৃদ্ধই আশা কৰে যে তেওঁলোকৰ সন্তান বা পৰিয়ালৰ সদস্যসকল কাষত থাকিব। কিন্তু বাস্তৱৰ ছবিখন ক্ৰমান্বয়ে বিপৰীতমুখী হৈ পৰা পৰিলক্ষিত হয়। বহু ক্ষেত্ৰত দেখা যায় যে সন্তানসকল নিজৰ জীৱনৰ যান্ত্ৰিক দৌৰত ইমানেই ব্যস্ত হৈ পৰে যে তেওঁলোকে পিতৃ-মাতৃক এক বোজা হিচাপে গণ্য কৰিবলৈ আৰম্ভ কৰে। এই অমানৱীয় মানসিকতাই পৰিয়ালৰ মাজত থকা মৰমৰ বান্ধোনবোৰক দুৰ্বল কৰি পেলায়। তেনে এক পৰিৱেশত বৃদ্ধাশ্ৰমসমূহ এক বিকল্প ব্যৱস্থা হিচাপে থিয় হয়। যিসকল বৃদ্ধৰ কোনো সন্তান নাই অথবা যাৰ সন্তান কৰ্মসূত্রে বিদেশত বা দূৰণিবটীয়া চহৰত থাকে, তেওঁলোকৰ বাবে এনে আশ্ৰয়স্থলসমূহৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য।
প্ৰায় প্ৰতিখন চহৰতেই এতিয়া ব্যক্তিগত খণ্ডৰ বৃদ্ধাশ্ৰম গঢ় লৈ উঠিছে। এই প্ৰতিষ্ঠানসমূহত বৃদ্ধসকলৰ বাবে থাকিবলৈ সুব্যৱস্থা আৰু স্বাস্থ্য সেৱাৰ সুবিধা থাকে। কোনো বৃদ্ধ মানুহক ঘৰত অকলে থৈ যোৱাৰ ফলত তেওঁৰ জীৱন বিপন্ন হ’ব পৰা অৱস্থাত বৃদ্ধাশ্ৰমক তেওঁৰ বাবে এক সুৰক্ষিত আশ্ৰয় বুলি ক’ব পাৰি। ইয়াত তেওঁলোকে সমবয়সীয়া মানুহৰ সান্নিধ্য লাভ কৰে। সমবয়সীয়া বন্ধুৰ সৈতে কথা পতাৰ সুযোগ পোৱাৰ ফলত তেওঁলোকৰ একাকিত্ব বহু পৰিমাণে লাঘৱ হয়। একঘেয়েমি জীৱনৰ পৰা পৰিত্ৰাণ পাবলৈ এনে সামাজিক সান্নিধ্য অতিকৈ প্ৰয়োজনীয়। সঠিক সময়ত খাদ্য গ্ৰহণ, নিয়মীয়া চিকিৎসা আৰু চাফ-চিকুণ পৰিৱেশে বৃদ্ধসকলক সুস্থ কৰি ৰখাত অৰিহণা যোগায়।
অৱশ্যে ইয়াৰ বিপৰীতে থকা ধাৰণাটোও অতিকৈ প্ৰভাৱশালী। বহু মানুহে বিশ্বাস কৰে যে সন্তানৰ সেৱা পোৱাটো পিতৃ-মাতৃৰ জন্মগত অধিকাৰ। বৃদ্ধাশ্ৰমক তেওঁলোকে এক অমানৱীয় প্ৰতিষ্ঠান হিচাপে গণ্য কৰে। তেওঁলোকৰ মতে, যিসকল পিতৃ-মাতৃয়ে সন্তানক লালন-পালন কৰি ডাঙৰ কৰিলে, সেই সন্তানসকলে শেষ বয়সত তেওঁলোকক ঘৰৰ পৰা আঁতৰাই পঠিওৱাটো নৈতিকতাৰ চৰম স্খলন। এই ধাৰণাই বৃদ্ধাশ্ৰমক এক অভিশাপৰ ৰূপত উপস্থাপন কৰে। যি মুহূৰ্তত সন্তানৰ মনত পিতৃ-মাতৃৰ প্ৰতি থকা দায়বদ্ধতা কমি আহে, তেতিয়াই বৃদ্ধাশ্ৰমসমূহ এক শীতল ঘৰ হিচাপে পৰিগণিত হয়। এনে প্ৰতিষ্ঠানত গৈ থকাৰ পাছত বহুতৰে মনত এক ধৰণৰ হীনমন্যতা গঢ় লৈ উঠে। তেওঁলোকে ভাবে যে সন্তানৰ বাবে তেওঁলোকৰ কোনো মূল্য নাই। এই অনুভৱে তেওঁলোকৰ মানসিক স্বাস্থ্যৰ ওপৰত অতি ভয়াবহ প্ৰভাৱ পেলায়।
আজিৰ যুগৰ মানুহৰ ব্যস্ততাই মানৱীয় সম্পৰ্কবোৰক যান্ত্ৰিক কৰি তুলিছে। আমি যিমান আধুনিক হৈ আছোঁ, সিমানেই আৱেগবোৰৰ প্ৰকাশ কমি আহিছে। আজিৰ প্ৰজন্মই হয়তো অনুধাৱন কৰা নাই যে আজি তেওঁলোকে পিতৃ-মাতৃৰ সৈতে যি ব্যৱহাৰ কৰিব, ভৱিষ্যতে তেওঁলোকৰ সন্তানৰ পৰাও ঠিক তেনেকুৱা ব্যৱহাৰ আশা কৰিব পাৰে। প্ৰকৃতিৰ নিয়ম অনুসৰি আমি সকলোৱে এদিন বৃদ্ধ হ’ম। বৃদ্ধাশ্ৰমসমূহ কেৱল এটা ঘৰ নহয়, বৃদ্ধাশ্ৰম সমূহ হ’ল আমাৰ সমাজৰ এখন নগ্ন দাপোণ। এই দাপোণত আমি আমাৰ নৈতিক অৱনতিৰ প্ৰতিচ্ছবি স্পষ্টকৈ দেখিবলৈ পাওঁ। যিখন সমাজত প্ৰতিজন বৃদ্ধক পৰিয়ালৰ সদস্যই আদৰ কৰে, সেইখন সমাজক আমি এক উচ্চস্তৰৰ সমাজ বুলি অভিহিত কৰিব পাৰোঁ।
পৰিয়ালৰ গুৰুত্ব বৃদ্ধকালত সৰ্বাধিক। ঘৰৰ পৰিৱেশত মানুহে যি ধৰণৰ শান্তি আৰু নিৰাপত্তা পায়, সেয়া কোনো প্ৰতিষ্ঠানত পোৱা অসম্ভৱ। এটা ঘৰৰ চাৰিটা বেৰৰ মাজত যিমানবোৰ স্মৃতি সোমাই থাকে, সেয়া আন ক’তো বিচাৰি পোৱা নাযায়। নিজৰ ঘৰত থকাৰ সময়ত বৃদ্ধজনে নিজৰ প্ৰিয় বস্তুবোৰৰ সৈতে একাত্ম হ’ব পাৰে। বৃদ্ধাশ্ৰমৰ আৱাসত তেনে কোনো ব্যক্তিগত স্থান বা অনুভূতি পোৱাটো কঠিন। তাত সকলোৱে একেটা নিয়মৰ মাজত চলিবলগীয়া হয়, যাৰ ফলত নিজৰ ইচ্ছা আৰু অনিচ্ছাৰ কোনো বিশেষ স্থান নাথাকে। বহু সময়ত দেখা যায় যে সু-স্বাস্থ্য থকা স্বত্বেও কেৱল মানসিক কষ্টৰ বাবে তেওঁলোকে মৃত্যুৰ অপেক্ষা কৰে। এইদৰে জীয়াই থকাটো কিমান বেদনাদায়ক, সেয়া কেৱল ভুক্তভোগীসকলেহে অনুভৱ কৰিব পাৰে।
বৃদ্ধসকলক অৱহেলিত কৰা প্ৰতিটো কাৰ্যই সমাজৰ ভেটি দুৰ্বল কৰি তোলে। সন্তানৰ বাবে তেওঁলোকৰ সপোন আছিল তেওঁলোকৰ বৃদ্ধকালটো তেওঁলোকৰ সৈতে অতিবাহিত কৰিব। কিন্তু আজিৰ বাস্তৱত সেই সপোনবোৰ ধূলিসাৎ হৈ পৰিছে। আমাৰ শিক্ষা ব্যৱস্থাতো নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা আগতকৈ অধিক বাঢ়িছে। আমি অনাগত দিনত এক সুন্দৰ সমাজ গঠন কৰিবলৈ পৰিয়াল ব্যৱস্থাক শক্তিশালী কৰিব লাগিব। বৃদ্ধ পিতৃ-মাতৃৰ প্ৰতি থকা দায়িত্বক কৰ্তব্য হিচাপে আৰু আদৰৰ কাম হিচাপে ল’ব লাগিব। ইয়াৰ জৰিয়তে আমি বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তাক সীমিত কৰিবলৈ সক্ষম হ’ম। পৰিয়ালৰ ভিতৰত বৃদ্ধসকলৰ ভূমিকা – আৱেগিক, সাংস্কৃতিক আৰু বৌদ্ধিক দিশৰ পৰাও অতি তাৎপৰ্যপূৰ্ণ। সমাজৰ পৰম্পৰা আৰু প্ৰমূল্যবোধ বৃদ্ধসকলৰ স্মৃতিৰ ভঁৰালত সুৰক্ষিত হৈ থাকে। তেওঁলোকৰ অভিজ্ঞতাই নতুন প্ৰজন্মক জীৱনৰ জটিল পথবোৰত বাট দেখুৱাব পাৰে। ঘৰৰ এজন বৃদ্ধ সদস্যই দিয়া পৰামৰ্শই বহু সময়ত ডাঙৰ সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হয়। এনে অৱস্থাত তেওঁলোকক বিচ্ছিন্ন কৰাটো চূড়ান্ত ৰূপে অন্যায় আৰু ই আমাৰ সংস্কৃতিকো দৰিদ্ৰ কৰি তোলে।
কিছুমান বৃদ্ধাশ্ৰমৰ অৱস্থা অতিকৈ শোচনীয়। এইবোৰ স্থানত বৃদ্ধসকলক অমানৱীয় অৱস্থাত ৰখা হয়। পৰ্যাপ্ত খাদ্য, উপযুক্ত স্বাস্থ্য সেৱা আৰু বিনোদনৰ অভাৱত তেওঁলোকে নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হয়। এনে বৃদ্ধাশ্ৰমবোৰ নিশ্চয়কৈ সমাজৰ বাবে কলংক। বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তা আৰু অভিশাপৰ মাজত যি সীমাৰেখা, সেয়া নিৰ্ভৰ কৰে প্ৰতিষ্ঠানসমূহৰ গুণগত মান আৰু সমাজৰ দায়বদ্ধতাৰ ওপৰত। যদি আমি একোটা বৃদ্ধাশ্ৰম স্থাপন কৰোঁ, তেন্তে তাৰ পৰিচালনাৰ বাবে স্বচ্ছ নীতি থাকিব লাগিব। তেওঁলোকৰ সৈতে কৰা আচৰণত আৱেগ আৰু মৰমৰ প্ৰয়োজনীয়তা সদায় থাকিব লাগে।
আমাৰ সমাজত বৃদ্ধাশ্ৰমৰ সংখ্যা দিনক দিনে বাঢ়ি যোৱাৰ অৰ্থ হৈছে আমাৰ পাৰস্পৰিক বিশ্বাসৰ অৱনতি। আমি ইমানেই আত্মকেন্দ্ৰিক হৈ পৰিছোঁ যে পৰিয়ালৰ জ্যেষ্ঠসকলৰ সপোন বা হেঁপাহবোৰ আমাৰ বাবে মূল্যহীন হৈ পৰিছে। এই মানসিকতাৰ পৰিৱৰ্তন নহ’লে বৃদ্ধাশ্ৰমৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই থাকিব। এক সুস্থ সমাজৰ পৰিচায়ক হৈছে – য’ত বৃদ্ধসকলে নিজৰ ঘৰত মৰ্যদাৰে জীয়াই থাকিব পাৰে। পৰিয়ালৰ সংঘাতবোৰক আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ বাবে আমি প্ৰয়াস কৰিব লাগিব। আমাৰ নৈতিক শিক্ষাত মানৱীয় গুণাৱলীৰ চৰ্চা হ’ব লাগে। শৈশৱৰ পৰাই সন্তানক শিকাব লাগিব যে পিতৃ-মাতৃৰ বৃদ্ধকালত তেওঁলোকৰ হাতত ধৰি ৰখাটো হৈছে জীৱনৰ সৰ্বশ্ৰেষ্ঠ পুণ্য। এই কথাটো কেৱল কিতাপত থকা নীতিকথা হ’লে নহ’ব, ইয়াক কাৰ্যত প্ৰমাণ কৰি দেখুৱাব লাগিব।
অৱশ্যে প্ৰতিটো পৰিয়ালৰ বাস্তৱ পৰিস্থিতি একে নহয়। আজিৰ সময়ত বহু এনে দম্পত্তী আছে, যিসকলে নিজৰ বৃদ্ধ পিতৃ-মাতৃৰ যতন ল’বলৈ অশেষ চেষ্টা কৰিও সফল হ’ব পৰা নাই। অৰ্থনৈতিক প্ৰত্যাহ্বানৰ লগতে চিকিৎসা বিষয়ক কিছুমান সমস্যাই বহু পৰিয়ালক অসহায় কৰি তোলে। তেনে অৱস্থাত বৃদ্ধাশ্ৰমসমূহক এক চৰম অভিশাপ বুলি গণ্য কৰাতকৈ তেওঁলোকৰ বাবে শেষ আশ্ৰয় হিচাপে চাব পৰা যায়। বিশেষকৈ যদি কোনো বৃদ্ধৰ চিকিৎসাত ২৪ ঘণ্টীয়া বিশেষজ্ঞৰ প্ৰয়োজন হয়, তেন্তে তেনে সেৱা ঘৰত প্ৰদান কৰা কঠিন। এই ক্ষেত্ৰত বৃদ্ধাশ্ৰমসমূহৰ ভূমিকা এক সহায়কাৰী অনুষ্ঠানৰ দৰে। কিন্তু ইয়াৰ বাবে প্ৰয়োজন এনে এক পৰিৱেশ, য’ত বৃদ্ধসকলে নিজকে পৰিত্যক্ত বুলি অনুভৱ নকৰে।
চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহেও বৃদ্ধসকলৰ কল্যাণৰ বাবে বিশেষ পদক্ষেপ ল’ব লাগে। কেৱল বৃদ্ধাশ্ৰম নিৰ্মাণ কৰাই সমাধান নহয়, বৃদ্ধসকলক নিজৰ ঘৰত থকাৰ বাবে প্ৰয়োজনীয় সুবিধা প্ৰদান কৰা উচিত। যেনে – গাওঁ আৰু নগৰত বৃদ্ধসকলৰ বাবে ডে-কেয়াৰ কেন্দ্ৰ মুকলি কৰা, য’ত তেওঁলোকে দিনৰ ভাগত বিভিন্ন কামত ব্যস্ত থাকিব পাৰে আৰু সন্ধিয়া পুনৰ নিজৰ ঘৰলৈ ঘূৰি যাব পাৰে। এনে ব্যৱস্থাই তেওঁলোকক পৰিয়ালৰ পৰা বিচ্ছিন্ন নকৰাকৈ এক সামাজিক জীৱন প্ৰদান কৰিব।
শেষত ক’ব পাৰি যে বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তা আৰু অভিশাপৰ মাজত থকা পাতল ৰেখাডাল আমি নিজেই নিৰ্ধাৰণ কৰো। আমাৰ প্ৰতিটো কাৰ্যই আমাৰ চৰিত্ৰৰ পৰিচয় দিয়ে। আমি যেন এনে কোনো কাম নকৰোঁ, যাৰ ফলত আমাৰ বৃদ্ধসকলে নিজৰ সন্তানৰ পৰা মৰমৰ সলনি দুখ পাবলগীয়া হয়। জীৱনৰ শেষৰ সময়খিনি তেওঁলোকৰ বাবে শান্তিৰ হ’বলৈ আমি সকলোৱে ঐক্যবদ্ধ হৈ প্ৰয়াস কৰিব লাগিব। আমাৰ আজিৰ এই সংকল্পই অনাগত দিনত এক সুন্দৰ সমাজ গঠনত অৰিহণা যোগাব। বৃদ্ধসকল আমাৰ সমাজৰ শিপা, সেই শিপাক আমি কেতিয়াও শুকাবলৈ দিব নালাগে। তেওঁলোকৰ হাঁহি আৰু আশীবাদৰ মাজতেই আমি আমাৰ ভৱিষ্যতৰ সুখ বিচাৰি পাম। আমি এই সমাজক এখন বৃদ্ধাশ্ৰম বিহীন সমাজ হিচাপে গঢ়িবলৈ অংগীকাৰ লোৱা উচিত, য’ত প্ৰতিজন বৃদ্ধই নিজৰ সন্তানৰ কাষত থাকি আনন্দ আৰু গৌৰৱেৰে জীয়াই থাকিব পাৰে।
