দামৰ জুইত দগ্ধ সাধাৰণ জনতা – কুণ্ডিল হাজৰিকা

Pc Sach - The Reality

দামৰ জুইত দগ্ধ সাধাৰণ জনতা

 কুণ্ডিল হাজৰিকা,
যোৰহাট (ভগামুখ)

ৰাজ্যৰ সাম্প্ৰতিক খুচুৰা বজাৰসমূহত অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ গ্ৰাহকৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। দিনক-দিনে অপ্ৰতিৰোধ্যভাৱে বৃদ্ধি পোৱা দৰৰ বাবে বিশেষকৈ সমাজৰ নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীৰ উপভোক্তাসকল চৰম আৰ্থিক সংকট আৰু দুশ্চিন্তাৰ মুখামুখি হ’বলগীয়া হৈছে।

শেহতীয়াভাৱে চাউল, মিঠাতেল, চেনি তথা পিয়াজৰ দৰে দৈনিক প্ৰয়োজনীয় অপৰিহাৰ্য সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যে প্ৰতিটো পৰিয়ালৰে মাহেকীয়া বাজেট সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছে।

বজাৰৰ শেহতীয়া পৰিস্থিতি অনুসৰি, সচৰাচৰ ব্যৱহাৰ কৰা প্ৰায় প্ৰতিটো মানদণ্ডৰ চাউলৰ প্ৰতি বস্তাতে পূৰ্বতকৈ ১৫০ টকাৰ পৰা ৩০০ টকা পৰ্যন্ত অতিৰিক্ত দৰ বৃদ্ধি পাইছে। একেদৰে, ৰান্ধনীশালৰ অপৰিহাৰ্য উপাদান মিঠাতেলৰ খুচুৰা মূল্যও কোম্পানীভেদে প্ৰতি লিটাৰত ১০ টকাৰ পৰা ২৫ টকা পৰ্যন্ত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইয়াৰ ফলত গ্ৰাম্য তথা চহৰীয়া মধ্যবিত্ত গৃহস্থৰ মূৰত এক তীব্ৰ বিত্তীয় চাপ পৰিছে। ইয়াৰ সমান্তৰালভাৱে, চেনিৰ বৰ্ধিত দৰ আৰু অতি চুটি সময়ৰ ভিতৰতে পিয়াজৰ বজাৰ মূল্য প্ৰায় দুগুণলৈ বৃদ্ধি পোৱাত সাধাৰণ জনতাই তীব্ৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

সচেতন মহলৰ মতে, ৰাজ্যৰ বজাৰসমূহত সামগ্ৰীৰ এনে অনিয়ন্ত্ৰিত দৰবৃদ্ধিৰ ফলত সৃষ্টি হোৱা সংকটৰ পৰা সৰ্বসাধাৰণক সকাহ দিবলৈ যোগান বিভাগ আৰু প্ৰশাসনৰ তৰফৰ পৰা ক্ষিপ্ৰ তথা ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে। অন্যথা, ক্ৰমবৰ্ধিত এই মূল্যবৃদ্ধিৰ গ্ৰাসে অনাগত দিনত সাধাৰণ নাগৰিকৰ জীৱন যাত্ৰা অধিক দুৰ্বিষহ কৰি তুলিব।