মৰমেৰে এচুমা – মেৰী বৰদলৈ

Pc Pinterest

 মৰমেৰে এচুমা

মেৰী বৰদলৈ,নগাঁও,ফুলগুৰি

মৰমেৰে এচুমা
দিয়াচোন
দুহাতত
বুকুৰ আচঁলত
বান্ধি ৰাখিম
আজীৱন৷

এটি হাঁহি মাৰি
মৰমেৰে এচুমা
আঁকি দিয়াচোন
মোৰ দুচকুত
আনে দেখাকৈ
জিলিকাই ৰাখিম
মোৰ দুচকুৰ পটাত
আজীৱন৷

মৰমেৰে এচুমা
দিয়াচোন
মোৰ উশাহত
কলিজাতে
বান্ধি লৈ ফুৰিম
আজীৱন!