মুখ্যমন্ত্ৰীৰ ভাষণত বাৰে বাৰে বাধা দিয়াৰ বাবে অখিলক সদনৰ পৰা বহিষ্কাৰ

Pc Wikipedia

মুখ্যমন্ত্ৰীৰ ভাষণত বাৰে বাৰে বাধা দিয়াৰ বাবে অখিলক সদনৰ পৰা বহিষ্কাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  চলিত বাজেট অধিৱেশনৰ অষ্টমটো দিনত অসম বিধানসভাত মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ মাজত তীব্ৰ তৰ্ক বিৰ্তকৰ সূত্ৰপাত হয়। বাজেটক লৈ মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে বাৰে বাৰে বিৰোধিতা কৰে অখিল গগৈয়ে। অধ্যক্ষই কেইবাবাৰো সকিয়নী দিয়াৰ পাছতো অখিল গগৈয়ে পুনৰ মাত মতাৰ সময়তে গগৈক এদিনৰ বাবে বহিষ্কাৰ কৰে অধ্যক্ষই। চলিত বাজেট অধিৱেশনত মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজত কোনো বিধায়কে মাত মাতিব নোৱাৰিব বুলি বিধান সভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে ৰুলিং দিছিল যদিও সেই নিয়ম ভংগ কৰিলে অখিল গগৈয়ে।  শিৱসাগৰৰ বিধায়ক অখিল গগৈক অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে বাৰম্বাৰ সকীয়াই থকাৰ পিছতো সদনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাব ভাষণৰ মাজত মাত মাতি তথা তেওঁৰ বক্তব্যৰ বিৰোধিতা কৰি সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে বিধানসভাৰ বাজেট অধিৱেশনৰ অষ্টমটো দিনত সদনৰ পৰা দিনটোৰ বাবে বহিষ্কৃত হয় অখিল গগৈ। অসম বাজেট ২০২৬-২৭ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে ভাষণ দিয়াৰ সময়ত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈক দিনটোৰ বাবে সদনৰ পৰা বহিষ্কাৰ কৰে অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে। মুখ্যমন্ত্রীৰ ভাষণৰ সময়ত কেইবাবাৰো হস্তক্ষেপ কৰিছিল অখিল গগৈয়ে। মুখ্যমন্ত্রীয়ে অৰুণোদয়, নিযুত মইনা আদি আঁচনিৰ জৰিয়তে কিমান মহিলা আৰু ছাত্রী উপকৃত হৈছে সেই সম্পর্কে উল্লেখ কৰাৰ সময়তেই অখিল গগৈয়ে হস্তক্ষেপ কৰে আৰু মাল্টি ডাইমেনচনেল প্রোভার্টী ইনডেস্কত অসম শেষৰ পৰা ৬ নম্বৰত থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্রীক আক্রমণৰ লক্ষ্য কৰি লয় অখিল গগৈয়ে। মুখ্যমন্ত্রীয়ে ভাষণ আৰম্ভ কৰাৰ কিছু সময় পিছত অখিল গগৈয়ে অধ্যক্ষক উদ্দেশ্যি সোধে ‘ছাৰ মাজত মাতিব পাৰিনে নোবাবি?’ অধ্যক্ষই তেওঁক নোৱাৰি বুলি কয়। কিন্তু তাৰ পাছতো অখিল গগৈয়ে কেইবাবাৰো ভাষণৰ মাজত মাত দি মুখ্যমন্ত্রীৰ ভাষণত হস্তক্ষেপ কৰা দেখা যায়। ইয়াৰ মাজতে মুখ্যমন্ত্রীয়ে ভাষণত উল্লেখ কবে যে অসমত কৰিব লগা বহুতো কাম আছে। সেইবোৰ কামৰ কথা কৈ থাকিলে তিনিদিনৰো অধিক সময় লাগিব। কিন্তু এজন গৌৰবী অসমীয়া হিচাপে কি কাম কৰিছে সেই কথাহে ভাষণত উল্লেখ কৰিব বুলি কয় মুখ্যমন্ত্রীয়ে। তেতিয়াই মাত লগাই অখিল গগৈয়ে কি কি কাম হোৱা নাই অন্ততঃ দহ শতাংশ ক’বলৈ কয়। সেইবাৰ অধ্যক্ষই তেওঁক সকীয়নি দিবলৈ ধৰাৰ সময়তে মুখ্যমন্ত্রীয়ে কয়- ‘অধ্যক্ষ মহোদয় তেওঁ সেই লক্ষ্য লৈয়েই আহিছে। তেওঁ কালি ফেচবুকত কৈছে এনেকৈ হাল্লা কৰিব বুলি। গতিকে, অলপ আমোদৰ খোৰাক দি থাকিব, নহ’লে ডাল হৈ যাব। কিন্তু নির্দিষ্ট সীমা অতিক্রম কৰিলে আপুনি চাব।’ মুখ্যমন্ত্রীয়ে বাজেট সন্দর্ভত মন্তব্য কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীক অসমে ধন্যবাদ দিব লাগে বুলি কয়। মোদী অবিহনে ব্রহ্মপুত্রৰ তলেৰে সুৰংগ, কাজিৰঙা এলিভেটেড কৰিড’ৰ আদি নহ’লহেঁতেন।’ বর্তমান সময়ত অসমত দাৰিদ্রতাৰ স্থিতি সন্দর্ভত মুখ্যমন্ত্রীয়ে উল্লেখ কৰাৰ সময়ত অখিল গগৈয়ে বাবে বাবে দাবী কৰে যে দুখীয়া ৰাজ্যৰ তালিকাত অসম তালিকাত ছয় নম্বৰত আছে। মুখ্যমন্ত্রীয়ে কয় যে আলফা, বান আদি সমস্যাৰ সৈতে যুঁজ দি ছয় নম্বৰ হোৱাটো ডাঙৰ কথা। কংগ্রেছৰ দিনতকৈ অসমৰ অবস্থা উন্নত হৈছে। অসমে মহাৰাষ্ট্র, পশ্চিমবংগৰ লগত প্রতিযোগিতা কৰিব নোৱাৰে বুলি কয় মুখ্যমন্ত্রীয়ে। তেওঁ কয় যে অসমৰ প্রতিযোগিতা নিজৰ লগত। কিন্তু অখিল গগৈয়ে বাৰে বাৰে মুখ্যমন্ত্রীৰ ভাষণত হস্তক্ষেপ কৰাৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষই তেওঁক দিনটোৰ বাবে বহিষ্কাৰ কৰে। ইয়াৰ পূর্বে কৃষি আৰু জলসিঞ্চনব কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে অখিল গগৈক কটাক্ষ কৰা দেখা যায়। তেওঁ কয় যে মন্ত্রীৰ দপ্তৰ বিতৰণৰ সময়ত পীযূষ হাজৰিকাক সোধা হৈছিল যে কৃষি আৰু জলসিঞ্চন পৃথকে চলাব নে একেলগ কৰিলে ভাল হয়, তেতিয়া হাজৰিকাই একলগ কৰিবলৈ সম্মতি জনায়। কিন্তু অখিল গগৈয়ে পূর্বে পীযূষ হাজৰিকাৰ পাখি কটা হ’ল বুলি কৰা কটাক্ষৰ প্রত্যুত্তৰ দি মুখ্যমন্ত্রীয়ে কয় যে এজন বিধায়কে কৃষি আৰু জলসিঞ্চনৰ দবে দপ্তবক পাখি কটা বুলি কোৱাটো দুর্ভাগ্যজনক। উল্লেখ্য যে আজি বিধায়ক অখিল গগৈয়ে সদনৰ শূন্যকালীন ঘণ্টাত গুৱাহাটীৰ কৃত্রিম বানক লৈ এটা সভাস্থগিত প্রস্তাব আনিছিল। কিন্তু অধক্ষ্যই বিধায়ক গৰাকীৰ এই প্রস্তাব নাকচ কৰে।