পইতাচোৰা
অৰূপ বড়ো
টংলা,ওদালগুৰি
আন্ধাৰত লুকাই থকা পইতাচোৰাৰ দৰে,
দুৰ্নীতিয়ে আমাৰ সমাজখন খাইছে লাহে লাহে।
ৰাজনীতিৰ নামত চলিছে কেৱল মিছাৰ প্ৰতিশ্ৰুতি,
ভৱিষ্যত আজি অন্ধকাৰৰ গ্ৰাহত।
নতুন যুৱক তুমি সাৰে আছা নে?
সময় এতিয়াও আছে,
পইতাচোৰাৰ চক্ৰ বেহু ভাঙি, আগবাঢ়ি যাবলৈ।
সমাজ সংস্কাৰ কৰিবলৈ,
দুৰ্নীতিৰ বিৰুদ্ধে থিয় হোৱাটোৱেই প্ৰকৃত জয়।
শোষণৰ এই জঞ্জালবোৰ সাৰি পেলোৱা আজি,
নতুন সমাজ এখন গঢ়িবলৈ হ’বই লাগিব ৰাজী।
মিছা প্ৰতিশ্ৰুতিৰ চক্ৰবেহুত নপৰিবা তুমি,
সত্যৰ বাটত খোজ দি সজাই তোলোঁ এই মাতৃভূমি।
পইতাচোৰাৰ দৰে ভয়ত লুকাই নাথাকিবা,
অন্যায়ৰ বিৰুদ্ধে সাহসৰ শলিতা জ্বলাই ৰাখিবা।
নতুন প্ৰজন্মই যদি সলনি কৰে নিজৰ মন,
নিশ্চয় এদিন সলনি হ’ব আমাৰ এই আপোন দেশখন।
