ডিব্ৰুগড়ত পঞ্চম সদৌ অসম মেজৰ ৰেংকিং টেবুল টেনিছ চেম্পিয়নশ্বিপৰ সফল সামৰণি

ডিব্ৰুগড়ত পঞ্চম সদৌ অসম মেজৰ ৰেংকিং টেবুল টেনিছ চেম্পিয়নশ্বিপৰ সফল সামৰণি::

পুৰুষৰ শাখাত অনল কাশ্যপ- মহিলাৰ শাখাত গাৰ্গী শইকীয়া চেম্পিয়ন

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তথা অসম টেবুল টেনিছ সন্থাৰ তত্বাৱধানত ডিব্ৰুগড়ত অনুষ্ঠিত পঞ্চম সদৌ অসম মেজৰ ৰেংকিং টেবুল টেনিছ চেম্পিয়নশ্বিপৰ সফল সামৰণি পৰে। জিলা ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ ৪৮২ গৰাকী পেড্ডলাৰে অংশগ্ৰহণ কৰিছিল। প্ৰতিযোগিতাৰ ফলাফল সমূহ এনেধৰণৰ – পুৰুষৰ শাখাত অনল কাশ্যপ (অইল ইণ্ডিয়া লিমিটেড) চেম্পিয়ন হোৱাৰ বিপৰীতে দিব্যাশ ৰাজখোৱা ৰয় ( গুৱাহাটী) ৰানাৰ্ছ আপ হয়। চহিদুল আলম আহমেদ ( ডিব্ৰুগড়) আৰু আদিত্য আৰয়ান বৰাই তৃতীয় স্থান লাভ কৰে। মহিলা শাখাত গাৰ্গী শইকীয়া ( গুৱাহাটী) চেম্পিয়ন হোৱাৰ বিপৰীতে দেৱীকা বৰ্মন ( গুৱাহাটী) ৰানাৰ্ছ আপ হয়। গুৱাহাটীৰে ভাৱনা কাশ্যপ আৰু অক্ষিতা ৰয় তৃতীয় স্থান লাভ কৰে। ১৯ বছৰৰ অনুৰ্ধ্ব ল’ৰা শাখাত গুৱাহাটীৰ দিব্যাশ ৰাজখোৱা ৰয় চেম্পিয়ন হোৱাৰ বিপৰীতে ডিব্ৰুগড়ৰ সমৰ্থ মোডী ৰানাৰ্ছ আপ হয়। তৃতীয় স্থান লাভ কৰে আদিত্য আৰয়ান বৰা আৰু অভিক কাশ্যপে। ১৯ বছৰৰ অনুৰ্ধ্ব ছোৱালী শাখাত দেৱীকা বৰ্মন চেম্পিয়ন আৰু ইশানী গগৈ ( গুৱাহাটী) ৰানাৰ্ছ আপ হয়।তৃতীয় স্থান লাভ কৰে আক্ষিতা ৰয় আৰু গাৰ্গী শইকীয়াই। ১৭ বছৰৰ অনুৰ্ধ্ব লৰাৰ শাখাত অভিক কাশ্যপ চেম্পিয়ন আৰু বিপ্ৰজিত পল ৰানাৰ্ছ আপ হয়। তৃতীয় স্থানত থাকে আৰোহণ দাস ( শিৱসাগৰ) আৰু অৰ্নেশ বৰুৱা ( যোৰহাট)। ১৭ বছৰৰ অনুৰ্ধ্ব ছোৱালীৰ শাখাত  দেৱীকা বৰ্মন চেম্পিয়ন আৰু প্ৰহৰ্শা কাশ্যপ ( নগাওঁ ) ৰানাৰ্ছ আপ হয়। তৃতীয় স্থান লাভ কৰে অক্ষিতা ৰয় আৰু ৰাহিনী দেৱ ( শিলচৰ)। ১৫ বছৰৰ অনুৰ্ধ্ব ল’ৰা শাখাত বিপ্ৰজীত পল চেম্পিয়ন আৰু আড্ৰিক গগৈ ( ডিব্ৰুগড় ) ৰানাৰ্ছ আপ হয়। সম্পুৰন দত্ত আৰু হৃতাৰ্থ  জৈন তৃতীয় স্থান লাভ কৰে। ১৫ বছৰৰ অনুৰ্ধ্ব ছোৱালীৰ শাখাত ইশানী গগৈ চেম্পিয়ন আৰু ৰাহিনী দেৱ ৰানাৰ্ছ আপ হয়। গুৱাহাটীৰ ইধিকা বৰকটকী আৰু নাফিচা ৰাজিয়াই তৃতীয় স্থান লাভ কৰে। ১৩ বছৰৰ অনুৰ্ধ্ব ল’ৰা শাখাত বিপ্ৰজিত পল চেম্পিয়ন আৰু নিৰ্ভেশ শইকীয়া ৰানাৰ্ছ আপ হয়। তন্ময়ৰাজ মহন্ত আৰু চায়াংক চাংমাই তৃতীয় হয়। ১৩ বছৰৰ অনুৰ্ধ্ব ছোৱালীৰ শাখাত তাশনী গগৈ চেম্পিয়ন আৰু নাফিছা ৰেজীয়া ৰানাৰ্ছ আপ হয়। তৃতীয় হয় আৰোহী নাথ আৰু প্ৰাপ্তি ভৰদ্বাজ । ১১ বছৰৰ অনুৰ্ধ্ব ল’ৰাৰ শাখাত প্ৰতীক ভট্টাচাৰ্য ( গুৱাহাটী) চেম্পিয়ন আৰু নীলোৎপল গোহাঁই ( দুলীয়াজান ) ৰানাৰ্ছ আপ হয়।  ছাবিৰ আহমেদ ( শিৱসাগৰ ) আৰু তুস্য আৰণ্যক দত্ত ( উত্তৰ লক্ষীমপুৰ ) তৃতীয় হয়।  ১১ বছৰৰ অনুৰ্ধ্ব ছোৱালী শাখাত হিয়াস্বী ব্ৰহ্ম ( উত্তৰ লক্ষীমপুৰ) চেম্পিয়ন আৰু দৃষ্টি দে ( দুলীয়াজান ) ৰানাৰ্ছ আপ হয়। আয়ুশি গগৈ আৰু নয়নিকা দত্ত তৃতীয় হয়। ডিব্ৰুগড়ৰ আদিভ দুৱৰা আৰু আদৃতি সোনোৱালে প্ৰতিযোগিতাৰ প্ৰতিভাসম্পন্ন খেলুৱৈৰ সন্মান লাভ কৰে। বঁটা বিতৰণী অনুষ্ঠানত ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া চামী শইকীয়া, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ কাৰ্য্যকৰী সভাপতি মানস জ্যোতি দত্ত,  সাধাৰণ সম্পাদক কামাখ্যা শইকীয়া, কোষধ্যক্ষ প্ৰণৱ কাবুল সোনোৱাল, যুটীয়া সম্পাদকদ্বয় বিশ্বজ্যোতি বৰা আৰু অঞ্জন বৰুৱা, টেবুল টেনিছ বিভাগৰ সম্পাদক প্ৰশান্ত কুমাৰ দত্ত, প্ৰতিযোগিতাৰ মুখ্য ৰেফাৰী বিমান ভাগৱতী উপস্থিত থাকি বঁটা সমূহ প্ৰদান কৰে।