ৰাজ্যত নতুন ১৪টা ৰাজহ চক্র বিষয়াৰ কাৰ্যালয় গঠন হ’বঃমুখ্য়মন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ বহুকেইটা সমষ্টিত নতুন ৰাজহ চক্ৰ আৰু চক্ৰ বিষয়াৰ কাৰ্যালয় শীঘ্ৰে গঠন হ’ব। এই সপ্তাহৰ ভিতৰতে এই কাৰ্য সম্পন্ন হ’ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। চলিত অসম বিধানসভাৰ বাজেট অধিৱেশনত মঙলবাৰে মুখ্যমন্ত্রী ড° শৰ্মাই সদনত এই কথা ঘোষণা কৰে। এই সন্দৰ্ভত মুখ্য়মন্ত্ৰীয়ে বিধানসভাত উল্লেখ কৰা লগতে বিধানসভাত থকা বিশেষ কক্ষত জিলা উপায়ুক্ত আৰু চক্ৰ বিষয়াৰ সৈতে ভিডিঅ’ কনফাৰেন্স মাধ্য়মত আলোচনা কৰে ৷ সদনত সপ্তম দিনা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সদনত এক ঐতিহাসিক ঘোষণা কৰি কয় যে এতিয়া সমষ্টিৰ ভিতৰতে হ’ব একোটা ৰাজহ চক্র। ‘ৰাজ্যত শীঘ্রে গঠন হ’ব ১৪টা নতুন চক্র বিষয়াৰ কাৰ্যালয়’। মুখ্যমন্ত্ৰীয়ে সদৰী কৰা অনুসৰি নতুনকৈ গঠন কৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়কেইটা হ’ল-বৰপেটা জিলাৰ পাকা-বেতবাৰী আৰু চেঙা, বঙাইগাঁও জিলাৰ সৃজনগ্রাম, কাছাৰ জিলাৰ বৰখলা আৰু ধলাই, ধুবুৰী জিলাৰ বীৰছিং জাৰুৱা, ডিব্ৰুগড় জিলাৰ খোৱাং, গোৱালপাৰা জিলাৰ জলেশ্বৰ, কামৰূপ (মহানগৰ) জিলাৰ মধ্য গুৱাহাটী, লখিমপুৰ জিলাৰ নাওবৈচা, তিনিচুকীয়া জিলাৰ মাকুম আৰু ডিগবৈ, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ ক্ৰমে ৰঙাপৰা আৰু বিহালী। মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে যে বৰ্তমানৰ প্ৰশাসনিক গাঁথনিৰ বাবে সাধাৰণ ৰাইজ আৰু জনপ্রতিনিধিসকলে চৰম অসুবিধাৰ সম্মুখীন হৈ আহিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত পঞ্চায়তৰ সীমা সলনি হ’ল যদিও ৰাজহ চক্রসমূহ একেই থাকি গ’ল। ইয়াৰ ফলত সৃষ্টি হোৱা কেইটামান ডাঙৰ খেলিমেলি হ’ল- এটা বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁওসমূহ আন এটা সমষ্টিৰ বা আনকি আন এখন জিলাৰ অধীনস্থ ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত হৈ আছিল। উদাহৰণস্বৰূপে, দুধনৈৰ বালিজানা ৰাজহ চক্ৰৰ গাঁওসমূহ গোৱালপাৰা পূব সমষ্টিৰ সৈতে সংলগ্ন হৈ আছে। বৰক্ষেত্ৰীৰ এখন পঞ্চায়ত এতিয়াও বৰপেটা জিলাৰ সৰ্থেবাৰীৰ সৈতে সাঙোৰ খাই আছে। তিতাবৰ সমষ্টিৰ প্ৰায় ১০খন গাঁও এতিয়া গোলাঘাট বিধানসভা সমষ্টিৰ অংশ হ’ল যদিও পুৰণি প্রশাসনিক নিয়মৰ বাবেই পুৰণি ৰাজহ চক্ৰতে আবদ্ধ হৈ আছে। সদনত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, আমাৰ তাৎক্ষণিক লক্ষ্য হ’ল-এতিয়াৰ পৰা কোনো এজন বিধায়কে নিজৰ সমষ্টিৰ ৰাইজৰ কামৰ বাবে সমষ্টিৰ বাহিৰৰ ৰাজহ চক্রলৈ যাব নালাগে। আমি কোনো ৰাজহ চক্র বিলুপ্ত কৰিবলৈ যোৱা নাই, কেৱল গাঁওসমূহক এনেদৰে সালসলনি কৰিম যাতে ৰাজহ চক্ৰ আৰু বিধানসভা সমষ্টি ‘ক’-টার্মিনাছ’ অর্থাৎ সমসীমাযুক্ত হয়। ৰাজ্যখনৰ প্ৰশাসনিক কাম-কাজ সুচাৰুৰূপে চলাবলৈ চৰকাৰে প্ৰথম পৰ্যায়তে ৰাজহ চক্র নথকা তলত উল্লেখ কৰা ১৪টা নতুন ৰাজহ চক্ৰ গঠন কৰাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি প্ৰশাসনক ৰাইজৰ কাষ চপাই নিবলৈ চৰকাৰে এক সুপৰিকল্পিত ৰেখাচিত্ৰ প্ৰস্তুত কৰিছে। জিলা আয়ুক্তসকলক ইতিমধ্যে দুদিনৰ ভিতৰত প্ৰাৰম্ভিক প্ৰস্তাৱ দাখিল কৰিবলৈ নির্দেশ দিয়া হৈছে। প্রথম পৰ্যায়ত গাঁৱৰ ভৌগোলিক পুনৰ বিন্যাস কৰি সমষ্টিৰ সৈতে সংগতি ৰাখি গাঁৱৰ ৰাজহ চক্ৰ সলনি কৰা হ’ব যাতে কোনো ভৌগোলিক বিভ্রাট নাথাকে। প্রথম পৰ্যায়ৰ পাছত কিছুমান ৰাজহ চক্ৰ বহুত ডাঙৰ আৰু কিছুমান সৰু হৈ পৰিব। গতিকে কৰ্মৰ বোজা সন্তুলিত কৰিবলৈ দ্বিতীয় পৰ্যায়ত গাঁৱৰ সমবিতৰণ কৰা হ’ব। যেনে-গৰৈমাৰী ৰাজহ চক্ৰৰ অধীনত থকা চামৰীয়াৰ বাবে ভৱিষ্যতে এটা সুকীয়া ৰাজহ চক্ৰ গঠন কৰা হ’ব। এই প্রক্রিয়া সফলতাৰে সম্পন্ন হোৱাৰ পিছত ইয়াক বড়োলেও আঞ্চলিক পৰিষদ (BTC) এলেকালৈকো সম্প্ৰসাৰিত কৰা হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সদনত স্পষ্ট কৰি দিয়ে যে এই সংস্কাৰ কেৱল ফাইলৰ কামতে সীমাবদ্ধ নহয়। ইয়াৰ জৰিয়তে অসমৰ আটাইতকৈ ডাঙৰ সমস্যা বান ব্যৱস্থাপনা আৰু সাহায্য বিতৰণ প্ৰক্ৰিয়া অত্যন্ত ক্ষিপ্ৰ আৰু সুশৃংখল হৈ পৰিব। কিয়নো এতিয়াৰে পৰা বানপীড়িত অঞ্চলৰ প্ৰশাসন আৰু সমষ্টিৰ জনপ্ৰতিনিধিৰ মাজত কোনো সমন্বয়হীনতা নাথাকিব। কোনো বিধায়কে দাবী নকৰাকৈয়ে চৰকাৰে স্বতঃস্ফূর্তভাবে গ্ৰহণ কৰা এই বৃহৎ সংস্কাৰে অসমৰ সুশাসনক এক নতুন মাত্রা প্রদান কৰিব বুলি আশা কৰা হৈছে।
