হিয়াৰ আমঠু জুবিন দা লৈ শ্ৰদ্ধা জনায়
কল্পনা দত্ত ,
লুইত নগৰ ,নুনমাটি গুৱাহাটী
গান গাবলৈ তোমাক লাগে
তুমি বিহীন ছমাহ
তুমি বিহীন এবছৰ
তুমি বিহীন দুবছৰ
তুমি বিহীন
হৈ গৈ থাকিব ……..
গৈ গৈ এদিন
ইতিহাসৰ পাতত
সৰাপাত সৰিব
কুঁহিপাতে হাঁহিব
কুঁহিপাতে নাচিব
ব’হাগ আহিব
কিন্তু —তুমি
তুমি ক’ত?
ৰাজনীতিৰ দালালবোৰে
নিৰ্বাচন খেলিব
পলিটিক্স কৰিব
কোনো জনে
হাতৰ তলুৱাত
পদুম লৈ
অট্টহাস্য কৰিব
পৰিবৰ্তনৰ নাম লৈ
অসমীয়া জাতিৰ
লগত খেলিব
কিন্তু….
পলিটিক্স
নকৰিবলৈ ক’বলৈ ,
তুমি আছাগৈ ক’ত?
তুমি বিহীন
ব’হাগ বিহু
তুমি বিহীন
নাহৰ —
তুমি বিহীন
মায়াবিনী ৰাতি
তুমি বিহীন
অসমীয়া জাতি
সেয়েহে অনুৰোধ তোমালে
“উঠা জাগা
সাৰ পোৱা”
মায়াবিনী ৰাতিৰ বুকুত
“ধুমুহাৰ সতে
নাচিবলৈ তোমাক লাগে”
তোমাৰ হৃদয় চুই যোৱা
সেই কণ্ঠ, সেই আবেগ লাগে
“দিয়া ঘূৰাই দিয়া”
সপোন ৰঙৰ ছবি আঁকিবলৈ
তোমাক লাগে —
“তুমি চুলে চোন বসন্ত
তোমাৰ মাজতে দিগন্ত”
আমিও তোমালৈ ৰৈ থাকিম
“বাটৰে শেষতে বাটচাম তোমালে”
তোমাক কৰযোৰে প্ৰাৰ্থনা
আহিবা তুমি —
“আকৌ এবাৰলে আহানা উভতি
গান গাবলৈ তোমাক লাগে “
