পুৰুষ তান্ত্ৰিক সমাজত কন্যা সন্তান কিমান সুৰক্ষিত? – ৰিমী হাজৰিকা

Pc The Indian Express

পুৰুষ তান্ত্ৰিক সমাজত কন্যা সন্তান কিমান সুৰক্ষিত?

ৰিমী হাজৰিকা, মাজুলী

সমগ্ৰ সামাজিক মাধ্যম তোলপাৰ লগোৱা এটা বাতৰি – “ৰাজস্থানত ১৩ বছৰীয়া নাবালিকাক ধৰ্ষণ ৩২ জন পুৰুষৰ ” কি এক লজ্জাজনক খবৰ ! পুৱাৰ পৰা সন্ধিয়া লৈকে প্ৰতি দিনাই ধৰ্ষিতা হোৱাৰ খবৰে বৰ্তমান সমাজৰ ফোপোলা স্বৰূপ ক দাঙি ধৰিছে। শিক্ষিত সমাজৰ পৰিচয় দি অহা,সভ্য সমাজৰ বাসিন্দা বুলি চিহ্নিত কৰা এনে এখন আধুনিক সমাজ, য’ত এজনী কণমানি নাবালিকা মুক্ত মনেৰে ওলাই যাব নোৱাৰে । যিটো বয়সত কণমানি শিশুৱে পখিলা খেদি ফুৰে , সমনীয়া ৰ সৈতে একেলগে হাঁহি ধেমালি কৰে, তেনে এক সময়তেই সিহঁতি বলি হৈছে যৌনতাৰ, বদনামী হৈছে ধৰ্ষীতা বুলি। এই বয়সত সিহঁতি যৌনতা কি চিনি নাপায় , ধৰ্ষিতা কাক কয় বুজি নাপায়,এনে এক সৰলতাৰ সময়ত নৰ পিশাচ বোৰৰ কামনাৰ বলি হয়। এই পিশাচ বোৰক কি শাস্তি দিয়া উচিত,, সেইয়া কিন্তু চিন্তা কৰাৰ মানসিকতা নাই আমাৰ সচেতন মহলাৰ,কেৱল দোষ দিব জানে সেই নিৰ্দোষী কণমানি জনীক।এইখনেই আমাৰ পিতৃ তান্ত্ৰিক সমাজ। যিখন সমাজ ত কেৱল নাৰীক দোষ জাপি দিয়ে ,ঘৰৰ ভিতৰত আবদ্ধ থাকিব লাগে বুলি যুক্তি দাঙি ধৰে, কিন্তু নাৰীক যে সন্মান কৰিব লাগে, সেই কথা বুজাৰ মানসিকতা নাই ।

এই অপৰাধত কেৱল পিতৃ তান্ত্ৰিক সমাজ ব্যৱস্থা ই জগৰীয়া নে? ইয়াত দেশৰ আইনী ব্যৱস্থাও নিশ্চিত
ভাৱে জগৰীয়া। চকুৰ সন্মুখত দেখি থকা ধৰ্ষণ কাৰী কেইটা,যাক নেকি আমি নৰ পিশাচ বুলি কঁও
সিহঁত আজিও মুক্ত আকাশৰ তলত মুকলি মনেৰে ঘুৰিছে ।

মৌমিতা দেৱনাথ,নন্দিতা শইকীয়া কে আদি কৰি হাজাৰ হাজাৰ ধৰ্ষিতা আজিও বঞ্চিত ন্যায়ৰ পৰা। যিখন দেশত “বেটি বচাও ,বেটি পঢ়াও ” আঁচনিৰ শ্লোগান দিয়ে, সেইখন দেশতেই কন্যাক ধৰ্ষণ কৰি হত্যা কৰে। টকাৰ অজুহাতত আইনৰ সুৰুঙাৰে সাৰি যোৱা ধৰ্ষণ কাৰী বোৰে পুনৰ বাৰ একেই অপৰাধ কৰাৰ সুযোগ লাভ কৰে।

গতিকে কেৱল আইনী ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিলে আমাৰ এই সমস্যাৰ সমাধান হয়তো কোনো দিনেই নহ’ব। কিয়নো, আমাৰ দেশৰ আইনী ব্যৱস্থা অতীকে দুৰ্বল ।যিখন দেশৰ ৰাষ্ট্ৰৰ মুৰব্বী গৰাকীয়েই নাৰী, সেইখন দেশতেই কন্যা শিশুৰ এনে দুৰাবস্থা, অসহনীয়! আমি আজিৰ নাৰী সমাজ সচেতন হ’ব লাগিব, পুৰুষ তান্ত্ৰিক সমাজৰ শিকলি চিঙি আমি আমাৰ বাবে আইন নিজে প্ৰস্তুত কৰিব লাগিব। তেতিয়াহে আমাৰ কন্যা শিশুক সুৰক্ষা কৰিব পৰা যাব।