চুবুৰীয়া ৰাজ্যৰ দখলত আছে অসমৰ ৮২,৭৫২ হেক্টৰ ভূমি
ৰঙিলী বাৰ্ত্তাসেৱা- কেইবাটাও দশক পুৰণি অসমৰে চুবুৰীয়া ৰাজ্যৰ সীমা বিবাদ নিষ্পত্তি কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে যদিও এই সমস্যাৰ সমাধান এতিয়াও যেন বহু যোজন দূৰৈত । এতিয়াও অসমৰ হাজাৰ হাজাৰ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ দখলত আছে । চুবুৰীয়া ৰাজ্যই অসমৰ ভূমি দখল কৰি ৰখাৰ তথ্য বুধবাৰে অসম বিধানসভাত পুনৰ উন্মোচিত হয় । সদনত এই তথ্য দাখিল কৰে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই ।সোমবাৰৰ পৰা আৰম্ভ হোৱা ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিবেশনৰ বুধবাৰে তৃতীয় দিনা বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অতুল বৰাই সদনত দাখিল কৰা তথ্যত স্পষ্টকৈ উন্মোচিত হৈছে চুবুৰীয়া ৰাজ্যৰে থকা অসমৰ কেইবাদশক পুৰণি সীমা বিবাদৰ জটিলতাৰ ছবিখন। চুবুৰীয়া ৰাজ্যসমূহে অসমৰ মুঠ ৮২,৭৫১.৮৬১৮ হেক্টৰ ভূমি বেদখল কৰি আছে। সদনত মন্ত্ৰী অতুল বৰাই সদৰী কৰা তথ্য অনুসৰি, অসমৰ চুবুৰীয়া অৰুণাচল প্রদেশ, নাগালেণ্ড, মেঘালয় আৰু মিজোৰামে এতিয়াও বেদখল কৰি আছে অসমৰ মুঠ ৮২,৭৫১.৮৬১৮ হেক্টৰ ভূমি। ইয়াৰে অৰুণাচল প্রদেশে শোণিতপুৰ জিলাৰ ১০ হেক্টৰ, বিশ্বনাথ জিলাৰ ৪,৭৫৬ হেক্টৰ, লখিমপুৰ জিলাৰ ২,৪৩৫ হেক্টৰ, ধেমাজি জিলাৰ ৯৯২ হেক্টৰ, তিনিচুকীয়া জিলাৰ ৭,২৩৯ হেক্টৰ, ডিব্ৰুগড় জিলাৰ ১০ হেক্টৰ, চৰাইদেউ জিলাৰ ৬০২.০১১৭ হেক্টৰসহ মুঠ ১৬,১৪৪.০১১৭ হেক্টৰ ভূমি বেদখল কৰি ৰাখিছে। একেদৰে নাগালেণ্ডে যোৰহাট জিলাৰ ১৪,০৭৯.১৪ হেক্টৰ, শিৱসাগৰ জিলাৰ ৮,৮২৯ হেক্টৰ, ঘোলাঘাট জিলাৰ ৩৬,২৯৪.০৭ হেক্টৰ আৰু চৰাইদেউ জিলাৰ ২৮৮ হেক্টৰ, মুঠ ৫৯,৪৯০.২১ হেক্টৰ অসমৰ ভূমি বেদখল কৰি আছে। আনহাতে চু বুৰীয়া মেঘালয়ে গোৱালপাৰা জিলাৰ ৩৩.৮১৫৬ হেক্টৰ, কাছাৰ জিলাৰ ৬২০.০১১৭ হেক্টৰ, কামৰূপ গ্রাম্য জিলাৰ ৮০২.৬৮২৩ হেক্টৰ, দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ ৩৩৫.৫ হেক্টৰ আৰু পশ্চিম কার্বি আংলং জিলাৰ ২,০০০ হেক্টৰসহ মুঠ ৩,৪৪১.৮৬০১ হেক্টৰ অসমৰ ভূমি বেদখল কৰি ৰাখিছে। একেদৰে মিজোৰামে হাইলাকান্দি জিলাৰ ১০২৩.৫০ হেক্টৰ, শ্রীভূমি জিলাৰ ৩৭৭.৫৮ হেক্টৰ আৰু কাছাৰ জিলাৰ ২,২৭৪.৭০ হেক্টৰসহ মুঠ ৩,৬৭৫.৭৮ হেক্টৰ অসমৰ ভূমি আজিও বেদখল কৰি আছে। অর্থাৎ চু বুৰীয়া এই চাৰি ৰাজ্যই অসমৰ মুঠ ৮২,৭৫১.৮৬১৮ হেক্টৰ ভূমি বেদখল কৰি আছে। অৱশ্যে চুবুৰীয়া ৰাজ্যৰে অসমৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে অসম চৰকাৰে বিভিন্ন পৰ্যায়ত আলোচনাকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি থকা বুলিও সদনত উল্লেখ কৰে মন্ত্ৰী অতুল বৰাই। সদনত এই সন্দৰ্ভত উল্লেখ কৰি মন্ত্ৰী অতুল বৰাই কয় যে অসমৰ সৈতে চুবুৰীয়া ৰাজ্যৰ সীমা বিবাদৰ ক্ষেত্ৰত অসম চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ উপদেশমৰ্মে মেঘালয় চৰকাৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ লগত দ্বিপাক্ষিক বুজাবুজি চুক্তিৰ জৰিয়তে সীমা বিবাদ নিষ্পত্তি কৰিবলৈ ব্যৱস্থা হাতত লৈছে। অসম-মেঘালয়ৰ মাজত ১২টা এলেকাৰ সীমা বিবাদ আছে। সেই এলেকা কেইটা হ’ল-১) তাৰাবাৰী, ২) গিজাং, ৩) হাহিম, ৪) লাম্পি, ৫) বৰদুৱাৰ, ৬) বকলাপাৰা, ৭) নংৱা-মৌতামূৰ (গড়ভঙা), ৮) খানাপাৰা-পিলিংকাটা, ৯) দেশডুমৰীয়া, ১০) ব্লক-১ আৰু ব্লক-২, ১১) পিচিয়াৰ-খান্দুলী আৰু ১২) ৰাতাচেৰা। এই ১২টা এলেকাৰ প্ৰথম পর্যায়ত ৬টা অঞ্চল ক্রমে তাৰাবাৰী, হাহিম, গিজাং, বকলাপাৰা, খানাপাৰা-পিলিংকাটা, ৰাতাচেৰাৰ বাবে দুয়োখন ৰাজ্যই ৩খনকৈ আঞ্চলিক কমিটী গঠন কৰি দুয়োখন ৰাজ্যৰে পাৰস্পৰিক আঞ্চলিক কমিটীবোৰে সীমান্ত এলেকাসমূহ যুটীয়াভাৱে পৰিদৰ্শন আৰু স্থানীয় লোকৰ সৈতে আলোচনা কৰি কমিটীবোৰৰ পাৰস্পৰিক মত বিনিময়েৰে নিজ নিজ চৰকাৰক প্রতিবেদন দাখিল কৰাৰ পিছত দুয়োখন চৰকাৰৰ যুটীয়া সিদ্ধান্তমর্মে আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তি কৰিবলৈ ব্যৱস্থা লৈছে। সেইমৰ্মে মেঘালয়ে দাবী কৰা ১২টা অঞ্চলৰ ভিতৰত প্ৰপ্রথম পৰ্যায়ত উপৰিউক্ত ৬টা অঞ্চলৰ বাবে ২০২২ চনৰ ২৯ মাৰ্চত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীত বুজাবুজিৰ চুক্তি দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ে স্বাক্ষৰ কৰে। পৰৱৰ্তী সময়ত দুয়ো ৰাজ্যৰ সহমতত ভাৰতীয় জৰীপ বিভাগে দুয়ো ৰাজ্যৰ প্ৰতিনিধিৰ উপস্থিতিত হাহিম এলেকাৰ যুটীয়া জৰীপ আৰু সীমাৰ খুটা পোতাৰ কাম সম্পূৰ্ণ কৰা হৈছে। তেনেকৈ গিজাং এলেকাৰ যুটীয়া জৰীপ আৰু সীমাৰ খুঁটা পোতাৰ কাম বৰ্তমান শেষ পর্যায়ত আছে। তাৰাবাৰী এলেকাৰ বাবে মেঘালয় চৰকাৰে সমন্বয় বিষয়াই হাতত লোৱা যাৱতীয় কাৰ্যৰ প্ৰতিবেদন পৰীক্ষণ কৰাৰ পাছত তাৰাবাৰী এলেকাৰ সীমা নির্ধাৰণ ব্যৱস্থা হাতত লোৱা হ’ব। বকলাপাৰা এলেকাৰ চৰজমিন স্থিতি নিৰূপণৰ বাবে ৰাভা হাছং স্বায়ত্ত পৰিষদক দায়িত্ব দিয়া হৈছে, তেওঁলোকৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰা হৈছে। ৰাতাচেৰা এলেকাৰ বাবে সীমা নিৰ্ধাৰণ কৰি মেঘালয় চৰকাৰৰ সহমতৰ বাবে প্রস্তাৱ পঠিওৱা হৈছে। মেঘালয় চৰকাৰৰ উত্তৰৰ বাবে অপেক্ষাৰত। খানাপাৰা-পিলিংকাটা এলেকাৰ সহমতৰ সীমা নির্ধাৰণৰ বাবে দুয়োৰাজ্যৰ প্ৰতিনিধিৰ উপস্থিতিত এছ অ’ আই-ৰ দ্বাৰা যুটীয়া জৰীপ কৰি থকা হৈছে। বাকী থকা ৬টা বিবাদমান অঞ্চল লামপী, দেশডুমৰীয়া, বৰদুৱাৰ, নংৱা-মৌতামূৰ (গড়ভঙা), ব্লক-১ আৰু ব্লক-২ আৰু পিচিয়াৰ-খান্দুলীৰ বাবেও ৩খনকৈ আঞ্চলিক কমিটী দুয়োখন ৰাজ্যই গঠন কৰিছে। এই আঞ্চলিক কমিটীসমূহে পাৰস্পৰিক ভাৱে আলোচনা কৰি আৰু স্থানসমূহ যুটীয়াভাৱে পৰিদৰ্শন কৰি স্থানীয় লোকৰ লগত আলোচনামর্মে সীমা সমস্যা সমাধান কৰিবলৈ ব্যৱস্থা লোৱা হৈছে। সেইদৰে অসম-অৰুণাচল প্ৰদেশৰ মুঠ ৮০৪.১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমা বিবাদ নিষ্পত্তি কৰিবলৈ দুয়োখন ৰাজ্যৰ চৰকাৰে ১২খনকৈ আঞ্চলিক কমিটী গঠন কৰে। দুয়োখন ৰাজ্যৰে পাৰস্পৰিক আঞ্চলিক কমিটীবোৰে সীমান্ত এলেকাসমূহ যুটীয়াভাৱে পৰিদৰ্শন আৰু স্থানীয় লোকৰ লগত আলোচনাৰ লগতে কমিটীবোৰৰ পাৰস্পৰিক মত বিনিময়ৰ দ্বাৰা আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তি কৰিবলৈ ব্যৱস্থা লোৱা হৈছে। সেইমৰ্মে অৰুণাচল প্রদেশে দাবী কৰা ১২৩খন গাঁৱৰ ওপৰত যোৱা ২০২৩ চনৰ ২০ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীত বুজাবুজিৰ চুক্তি কৰা হয়। তদুপৰি উল্লিখিত ১২৩খন গাঁৱৰ উপৰি আগতে জৰীপ নোহোৱা এলেকাসমূহৰ যুটীয়া সীমা জৰীপ কৰিবলৈ ব্যৱস্থা লোৱা হৈছে। সেইমর্মে সীমা বিবাদ নিষ্পত্তি কৰিবলৈ খণ্ড খণ্ডকৈ আন্তঃৰাজ্যিক সীমাৰ মুঠ ২৯১.০৮ কিঃমিঃ অংশ দুয়োখন ৰাজ্যৰ সহমতত নিশ্চিত কৰা হৈছে। ইয়াৰে মুঠ ১৪৯.৬১ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমা দুয়ো ৰাজ্যৰ প্ৰতিনিধিৰ উপস্থিতিত চলিত বৰ্ষৰ ৯ ফেব্ৰুৱাৰীৰ পৰা ১০ জুনলৈ যুটীয়াভাৱে ভাৰতীয় জৰীপ বিভাগ (এছ অ’ আই)ৰ দ্বাৰা নিৰ্ধাৰণ কৰা হৈছে। বাকী থকা অংশৰ জৰীপৰ কাৰ্য বৰ্ষা ঋতুৰ পিছত কৰা হ’ব। মন্ত্ৰী অতুল বৰাই লগতে অসম আৰু মিজোৰাম ৰাজ্যৰ ক্ষেত্ৰত মিজোৰামে দাবী কৰা ভূমি এলেকাৰ সীমা সমস্যা নিষ্পত্তি কৰিবলৈ দুয়োখন ৰাজ্যৰ মাজত ভিন্ন পৰ্যায়ত আলোচনা চলি আছে বুলিও সদনত সদৰী কৰে। একেদৰে অসম আৰু নাগালেণ্ড ৰাজ্যৰ ক্ষেত্ৰত সীমা সমস্যা নিষ্পত্তি কৰিবলৈ উচ্চতম ন্যায়ালয়ত অসম চৰকাৰে নথিভুক্ত কৰা গোচৰ বৰ্তমান O.S. No. 02 of 1988 বিচাৰাধীন হৈ আছে। তদুপৰি দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ৰ মাজত সৌহার্দ্যমূলক আলোচনা চলি আছে বুলিও উল্লেখ কৰে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই।
