অভিনেতা মই
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
মই মত্ত অহঙ্কাৰ
এপলক দৰ্শনত
ব্যকুল প্ৰতিজন
অভিনেতা যে মই ।।
কৃষ্টি, সংস্কৃতিৰ পুজাৰী
অস্তিত্ব মাথোঁ এখন মুখা।।
অৰ্থ প্ৰাপ্তিত লুব্ধ ৰও
অভিনেতা যে মই।।
সহস্ৰ আবেগ
প্ৰণয়ৰ স্পৃহা
স্বপ্নৰ দিঠকতা
খন্তেকতে দিওঁ সমীধান
অভিনেতা যে মই।।
পলকত বৃদ্ধ
নিমীষতে ডেকা
নৰ্তকী,নটৰাজ
অন্ধ খোড়া পঙ্গু হও মই
অভিনেতা যে মই।।
অসিদ্ধি সিদ্ধি
ঐচৰ্য্য বিভুষি
জীৱন্তে ঈশ্বৰৰ প্ৰাপ্তি
সৰ্বে সৰ্বাদি হও
অভিনেতা যে মই।।
দম্ভ দম্ভালি
ৰাজ ৰাজৈশী
আকাশ লম্ভী
প্ৰবল প্ৰতাপী মই
অভিনেতা যে মই।।
