৪,৮০০ কিঃমিঃ মথাউৰিৰ নিৰ্মাণ কৰিছে ৰাজ্য চৰকাৰে
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ বান পৰিস্থিতি তথা গৰাখহনীয়া ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে মথাউৰিসমূহ নিৰ্মাণ তথা সবলীকৰণৰ কাম হাতত লৈছে যদিও এতিয়াও মথাউৰিসমূহৰ মেৰামতি বা পুনৰ নিৰ্মাণ কৰিবলৈ তিনি হাজাৰ কিলোমিটাৰ বাকী থকাত আগন্তুক দিনত হ’ব পৰা বান-গৰাখহনীয়াক লৈ উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। অসম চৰকাৰৰ জলসম্পদ বিভাগে বর্তমানলৈ ৪,৮০০ কিঃমিঃ নতুনকৈ মথাউৰি নিৰ্মাণ কৰিছে। এই ৪,৮০০ কিঃ মিঃ মথাউৰিৰ বৰ্তমানলৈ প্রায় ১,৮০০ কিঃমিঃ ওখবা সৱলীকৰণ কৰা হৈছে। বাকী ৩,০০০ কিঃমিঃ মথাউৰিৰ বহন ক্ষমতা বা বান প্ৰতিৰোধ ক্ষমতা কমি গৈছে বুলি ক’ব পাৰি। অসম বিধানসভাত জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩ হাজাৰ কিলোমিটাৰ মথাউৰি মেৰামতি বা পুনৰ নিৰ্মাণ কৰিবলৈ বাকী আছে বুলি প্ৰকাশ কৰা তথ্যই স্বাভাৱিকতে চিন্তাত পেলাইছে ৰাজ্যৰ সৰ্বসাধাৰণক। যোৱা ৫ বছৰীয়া কাৰ্যকালত অসম চৰকাৰৰ জলসম্পদ বিভাগে প্রায় ৮৬৩ কিলোমিটাৰ মথাউৰিহে ওখ আৰু সবলীকৰণৰ কাম হাতত লৈছে যদিও এই কামসমূহ ৰূপায়ণো অন্তিম পর্যায়তহে আছে। এতিয়াও ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ বৰ্তমানলৈ প্ৰায় ১,৮০০ কিলোমিটাৰহে ওখ আৰু সবলীকৰণ কৰা হৈছে। এই তথ্য প্রকাশ কৰি মন্ত্রী সুশান্ত বৰগোহাঁয়ে বিধায়ক ভূপেন ৰায়ৰ এক প্ৰশ্নৰ উত্তৰ দি কয় যে ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ বাকী ৩ হাজাৰ কিলোমিটাৰ মথাউৰিৰ বহনক্ষমতা বা প্ৰতিৰোধ ক্ষমতা কমি গৈছে। অৱশ্যে জলসম্পদ বিভাগে মাজে-সময়ে মথাউৰিসমূহৰ মেৰামতি কৰি বান প্ৰতিৰোধ কৰাৰ কাৰণে কার্যক্ষম কৰি ৰাখিছে বুলিও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা ৫ বছৰীয়া কাৰ্যকালত অসম চৰকাৰৰ জলসম্পদ বিভাগে প্রায় ৮৬৩ কিলোমিটাৰ মথাউৰি ওখ আৰু সবলীকৰণৰ কাম হাতত লোৱা হয় আৰু কামসমূহ ৰূপায়ণৰ অন্তিম পৰ্যায়ত আছে। মন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে জলসম্পদ বিভাগে মথাউৰি পথ পকীকৰণৰ উদ্দেশ্যে ইতিমধ্যে এহাজাৰ কিলোমিটাৰ মথাউৰিৰ তালিকা গড়কাপ্টানী (পথ) বিভাগক প্ৰেৰণ কৰিছে।
