নৈতিকতাৰ অৱক্ষয়
প্ৰেম বৈষ্ণৱ,বিহালী, বিশ্বনাথ
বৰ্তমান সময়ত আমাৰ সমাজৰ প্ৰতিটো স্তৰতে নাৰী নিৰ্যাতন তথা ধৰ্ষণৰ দৰে জঘন্য ঘটনাবোৰে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সংবাদ মাধ্যমৰ পৃষ্ঠাত চকু ফুৰালেই বিভিন্ন ঠাইৰ কোনো কিশোৰীৰ ওপৰত চলা পাশৱিক অত্যাচাৰ বা দেশৰ অন্য প্ৰান্তৰ শিহৰণকাৰী খবৰবোৰে আমাক বাৰে বাৰে লজ্জিত কৰি তোলে। অতি শিক্ষিত আৰু আধুনিক বুলি দাবী কৰা সমাজ এখনত নাৰী ইমান অসুৰক্ষিত হৈ পৰাটো আজি গভীৰ চিন্তনীয় বিষয়। এই ভয়াৱহ সমস্যাটো কোনো নিৰ্দিষ্ট ভৌগোলিক পৰিসীমাত আৱদ্ধ হৈ থকা নাই, এই সমস্যা দৰাচলতে সমগ্ৰ মানৱ সমাজৰ বাবে এক কলংক স্বৰূপ হৈ পৰিছে। ঐতিহাসিক প্ৰেক্ষাপটত লক্ষ্য কৰিলে দেখা যায় যে নাৰীৰ প্ৰতি পুৰুষতন্ত্ৰৰ এই দমনমূলক নীতি চিৰাচৰিতভাৱে চলি আহিছে। যদিও সময়ৰ পৰিৱৰ্তনৰ লগে লগে শিক্ষা আৰু সজাগতা বৃদ্ধি পাইছে, তথাপিও মানুহৰ মানসিকতাৰ পৰিৱৰ্তন সিমান দ্ৰুতগতিৰে হোৱা নাই। বৰ্তমানৰ তথাকথিত আধুনিকতাৰ মুখা পিন্ধা একাংশ পুৰুষৰ মানসিকতা এতিয়াও মধ্যযুগীয় অন্ধকাৰত আৱদ্ধ। সিহঁতৰ বাবে নাৰী হ’ল এক ভোগ্য সামগ্ৰী যি নিজৰ লালসা পূৰণৰ বাবে ব্যৱহৃত হয়।
এই মানসিক অৱক্ষয়ৰ মূল কাৰণবোৰ বিচাৰিবলৈ গ’লে আমি প্ৰথমে পৰিয়ালৰ ভূমিকাৰ ওপৰত গুৰুত্ব দিব লাগিব। সমাজৰ ভিত্তি হ’ল পৰিয়াল। শিশু অৱস্থাত এজন ল’ৰাই পৰিয়ালৰ পৰা নাৰীৰ প্ৰতি কেনে দৃষ্টিভংগী গ্ৰহণ কৰিব, সেয়া অতি গুৰুত্বপূৰ্ণ। যিটো পৰিয়ালত কন্যা সন্তানক অৱজ্ঞা কৰা হয় আৰু পুত্ৰ সন্তানক অধিক প্ৰাধান্য দি মৰমৰ নামত প্রশ্ৰয় দিয়া হয়, তেনে পৰিয়ালৰ পৰাই বিকৃত মানসিকতাৰ জন্ম হোৱাৰ সম্ভাৱনা থাকে। ল’ৰা সন্তানক নাৰীৰ প্ৰতি শ্ৰদ্ধা আৰু মৰ্যাদা প্ৰদান কৰিবলৈ শিকাব পৰা নাযায় যদিহে পিতৃ-মাতৃৰ আচৰণত সেই আদৰ্শৰ প্ৰতিফলন নাথাকে।
আজিৰ ডিজিটেল যুগত অশ্লীল ভিডিঅ’ৰ সহজলভ্যতা আৰু ইণ্টাৰনেটৰ অপব্যৱহাৰে সমাজৰ নৈতিক ভেটিটো দুৰ্বল কৰি তুলিছে। ইণ্টাৰনেটৰ মাধ্যমত যিধৰণৰ অশ্লীল দৃশ্য আৰু যৌন উত্তেজক সামগ্ৰী অতি সহজে উপলব্ধ, সি উঠি অহা প্ৰজন্মৰ চৰিত্ৰ গঠনত নেতিবাচক প্ৰভাৱ পেলাইছে। বহু সময়ত দেখা যায় যে যিসকল ব্যক্তিৰ নৈতিক সংযম নাই, তেওঁলোকে এনে ধৰণৰ প্ৰভাৱত পৰি নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰা অৱস্থালৈ আহে। আধুনিকতাৰ নামত চলি অহা বহুতো ৱেব ছিৰিজ আৰু সামাজিক মাধ্যমৰ বিষয়বস্তুৱেও পুৰুষৰ মনত নাৰীৰ প্ৰতি এক বিকৃত ধাৰণা জন্মায়। ইয়াৰ পৰিণতিত সৰল আৰু ভদ্ৰ পৰিয়ালৰ নাৰীকো সিহঁতে নিজৰ চিকাৰ হিচাপে বাছি ল’বলৈ কুণ্ঠাবোধ নকৰে।
নাৰী নিৰ্যাতনৰ এই সমস্যাটো সমাধান কৰিবলৈ হ’লে আমি অৰ্থনৈতিক আৰু সামাজিক দিশটোৰ ওপৰতো আলোকপাত কৰিব লাগিব। দৰিদ্ৰতা আৰু নিবনুৱা সমস্যাৰ ফলত বহু পুৰুষে হতাশাৰ মাজত জীৱন অতিবাহিত কৰে। এই হতাশাৰ পৰা মুক্তি পাবলৈ সিহঁতে বহু সময়ত হিংসাত্মক কাৰ্যকলাপৰ পথ বাছি লয়। অৱশ্যে এইটো কোনো যুক্তি নহয় যে দৰিদ্ৰতাই ধৰ্ষণৰ দৰে অপৰাধক প্ৰশ্ৰয় দিয়ে। প্ৰকৃততে সমস্যাটো হ’ল মানসিকতা আৰু চৰিত্ৰৰ অভাৱ। আমি এক এনে সমাজত বাস কৰোঁ য’ত অৰ্থৰ প্ৰতি থকা দৌৰাত্মই মানুহৰ নৈতিকতাক তললৈ নমাই আনিছে। যি সমাজত মানৱীয় মূল্যবোধৰ স্থান ধন-সম্পত্তিৰ তলত, সেই সমাজত নাৰীৰ নিৰাপত্তা নিশ্চিত কৰাটো এক জটিল প্ৰত্যাহ্বান হৈ পৰে।
আমাৰ বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ সীমাবদ্ধতা আৰু নৈতিক শিক্ষাৰ অভাৱ স্পষ্ট হৈ পৰে। শিক্ষাৰ লক্ষ্য কেৱল ডিগ্ৰী লাভ কৰাটো নহয়, মানুহক মানুহ হিচাপে গঢ়ি তোলাহে। কিন্তু দুৰ্ভাগ্যজনকভাৱে, আজিৰ দিনত আমাৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত পুথিগত বিদ্যাৰ ওপৰত যিমান গুৰুত্ব দিয়া হয়, নৈতিক চৰিত্ৰ গঠনৰ ক্ষেত্ৰত সিমান গুৰুত্ব দিয়া নহয়। ল’ৰা-ছোৱালীক সমাজৰ প্ৰতি দায়বদ্ধতা, নাৰীক সন্মান জনোৱা আৰু মানৱীয় গুণাৱলীৰ চৰ্চা কৰিবলৈ পাঠ্যক্ৰমত বিশেষ ব্যৱস্থাৰ প্ৰয়োজন। ইয়াৰ অভাৱতেই একাংশ শিক্ষিত যুৱকেও নিজৰ শিক্ষাৰ অপমান কৰি অসভ্য আচৰণ কৰিবলৈ কুণ্ঠাবোধ নকৰে।
আইন প্ৰশাসনৰ শিথিলতা আৰু ন্যায়পালিকাৰ দীঘলীয়া প্ৰক্ৰিয়াই অপৰাধীৰ মনত ভয়ৰ সৃষ্টি কৰিব পৰা নাই। যেতিয়া কোনো ধৰ্ষণকাৰীয়ে দণ্ডৰ পৰা মুক্তি পায় বা বহু বছৰলৈকে ন্যায় বিলম্বিত হয়, তেতিয়া সমাজত এক ধৰণৰ নৈৰাজ্যৰ সৃষ্টি হয়। আইনৰ শাসন শক্তিশালী হোৱাটো আজিৰ সময়ৰ আটাইতকৈ ডাঙৰ প্ৰয়োজন। ধৰ্ষণকাৰীক তৎক্ষণাৎ কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰিলেহে ভৱিষ্যতে এনে অপৰাধ কৰিবলৈ আন কোনোবাই সাহস নকৰিব। ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াটো দ্ৰুত আৰু নিৰপেক্ষ হ’লেহে সমাজত এটা সুৰক্ষিত বাৰ্তা যাব। আমি এনে এক ব্যৱস্থাৰ পোষকতা কৰোঁ য’ত কোনো অপৰাধীয়ে ৰাজনৈতিক বা অৰ্থনৈতিক প্ৰভাৱৰ দ্বাৰা যাতে সাৰি যাব নোৱাৰে।
ইয়াৰ উপৰিও, নাৰী নিৰ্যাতনৰ এই সমস্যাটোৰ সৈতে সমাজৰ একাংশ লোকৰ দৃষ্টিভংগীও জড়িত হৈ আছে। সমাজত নাৰীক কেনেদৰে ল’ব লাগে, সেই বিষয়ে এক ভুল ধাৰণা চলি আহিছে। বহু ক্ষেত্ৰত দেখা যায় যে ভুক্তভোগী নাৰীৰ চৰিত্ৰক লৈয়ে প্ৰশ্ন উত্থাপন কৰা হয়। এই মানসিকতাই অপৰাধীক উৎসাহিত কৰে। আমি এনে এখন সমাজ গঢ়িব লাগিব য’ত নিৰ্যাতনৰ বলি হোৱা নাৰীগৰাকীক দোষাৰোপ কৰাৰ পৰিৱৰ্তে, অপৰাধীৰ মানসিকতাক সমালোচনা কৰা হ’ব। পৰিয়ালৰ সদস্যই নিজৰ ঘৰৰ পৰাই এই সজাগতা আৰম্ভ কৰিব লাগিব। নিজৰ কন্যা সন্তানক আত্মৰক্ষাৰ বাবে প্ৰশিক্ষণ দিয়াৰ লগতে পুত্ৰ সন্তানক কেনেদৰে নাৰীক সুৰক্ষা দিব লাগে, সেই শিক্ষা দিয়াটো প্ৰতিজন অভিভাৱকৰ দায়িত্ব।
এইখিনিতে উল্লেখ কৰাটো খুবেই প্ৰাসংগিক হ’ব বুলি অনুভৱ কৰিছোঁ। সাম্প্ৰতিক সময়ত, সামাজিক গণ মাধ্যমৰ জৰিয়তে আধুনিকতাৰ নামত চলি অহা দেহ প্ৰদৰ্শনৰ প্ৰতিযোগিতাই অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। বহু সময়ত দেখা যায় যে একাংশ নাৰীয়ে ভিউজ বা কেইটামান টকাৰ বাবে যৌন উত্তেজনা সৃষ্টিকাৰী পোচাক বা ভিডিঅ’ৰ আশ্ৰয় লৈছে। এই প্ৰৱণতাই আমাৰ পৰম্পৰাগত সংস্কৃতি আৰু শালীনতাক আঘাত কৰিছে। আমি বুজি পাব লাগিব যে আধুনিকতাৰ অৰ্থ নিজৰ শাৰীৰিক আকৰ্ষণ দেখুওৱা নহয়, নিজৰ ব্যক্তিত্ব আৰু জ্ঞানৰ দ্বাৰা নিজক প্ৰতিষ্ঠা কৰাহে। শালীনতা আৰু সতর্কতা অৱলম্বন কৰাটো আজিৰ সময়ৰ প্ৰয়োজন, কিয়নো আমাৰ সমাজত সকলো পুৰুষ ভদ্ৰ নহয় আৰু সকলোৰে মানসিকতা সৎ নহয়। আমি আমাৰ সুৰক্ষাৰ দায়িত্ব নিজৰ হাতত লৈ চৰম সতৰ্কতা অৱলম্বন কৰিব লাগিব।
আমি উপলব্ধি কৰিব লাগিব যে আমি এক এনে সময়ৰ মাজেৰে গতি কৰি আছোঁ য’ত নৈতিকতাৰ মানদণ্ড দিনক দিনে নিম্নগামী হৈছে। ছ’চিয়েল মিডিয়াৰ জগতত মানুহৰ পৰিচয় কেৱল কিছুমান লাইক আৰু কমেণ্টৰ মাজত আৱদ্ধ হৈ পৰিছে। এই চৰ্চাৰ দৌৰাত্মই বহু সময়ত আচল মানুহজনক হেৰুৱাই পেলায়। আমাৰ ল’ৰা-ছোৱালীক এই মেৰজালৰ পৰা মুক্ত কৰি সুস্থ চিন্তাধাৰাৰ পিনে লৈ অহাটো আজিৰ সমাজৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। প্ৰশাসন আৰু সমাজৰ মিলনতহে এই প্ৰত্যাহ্বান অতিক্ৰম কৰিব পৰা যাব।
সমাজৰ বৰ্তমানৰ এই ভয়াৱহ পৰিস্থিতিৰ পৰা উত্তৰণ ঘটাৰ বাবে আমাৰ প্ৰতিটো পদক্ষেপ অতি পৰিকল্পিত হ’ব লাগিব। আইনৰ ভয় দেখুৱাই বা প্ৰশাসনক দোষাৰোপ কৰি আমি এই সামাজিক ব্যাধি দূৰ কৰিব নোৱাৰিম। ইয়াৰ বাবে প্ৰয়োজন হ’ব এক সামগ্ৰিক মানসিক বিপ্লৱ। আমাৰ পৰিয়ালৰ ভেটিটো পুনৰ শক্তিশালী কৰা উচিত। পিতৃ-মাতৃয়ে সন্তানৰ সৈতে মুকলি মনেৰে কথা পতাৰ অভ্যাসে বহু সমস্যাৰ সমাধান কৰিব পাৰে। সন্তানৰ মনত কোনো হীনমন্যতা বা বিকৃত চিন্তাৰ বীজ ৰোপণ হোৱাৰ আগতেই তাক প্ৰতিৰোধ কৰিবলৈ আমি সচেষ্ট হ’ব লাগিব। স্কুলৰ পাঠ্যক্ৰমত স্বাস্থ্যসন্মত যৌন শিক্ষা আৰু নৈতিক শিক্ষা অন্তৰ্ভুক্ত কৰাটো আজিৰ সময়ৰ আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তা। উঠি অহা প্ৰজন্মই পৰ্ণগ্ৰাফীৰ ভুল দিশত ধাবমান নহৈ মানৱীয় মূল্যবোধক গুৰুত্ব দিবলৈ শিকিব লাগিব।
নাৰী সমাজকো সজাগ আৰু আত্মবিশ্বাসী হোৱাৰ প্ৰয়োজন আছে। আধুনিকতাৰ অৰ্থ দেহ প্ৰদৰ্শন নহয়, ইয়াৰ প্ৰকৃত অৰ্থ হ’ল নিজৰ মেধা আৰু ব্যক্তিত্বৰ দ্বাৰা সমাজত নিৰ্ভীকভাৱে থিয় দিয়া। সমাজৰ একাংশ দানৱীয় মানসিকতাৰ পুৰুষৰ পৰা নিজক বচাবলৈ শালীনতা আৰু সতর্কতা অৱলম্বন কৰাটো অতি জৰুৰী। আমি সদায় স্মৰণ কৰিব লাগিব যে সকলো পুৰুষ ভদ্ৰ নহয়। সেয়ে নিজৰ সুৰক্ষাৰ দায়িত্ব পৰিয়ালৰ লগতে নাৰীগৰাকীয়েও গ্ৰহণ কৰিব লাগিব। আত্মৰক্ষাৰ প্ৰশিক্ষণ ল’বলৈ শিকিব লাগিব আৰু কোনো অপ্ৰীতিকৰ পৰিস্থিতিত মুকলিকৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাহস গোটাব লাগিব।
প্ৰশাসনৰ ভূমিকা এই ক্ষেত্ৰত এক প্ৰধান খুঁটি। ধৰ্ষণকাৰীক তৎক্ষণাৎ কঠোৰ শাস্তি প্ৰদান কৰাটো সামাজিক সুৰক্ষাৰ বাবে অপৰিহাৰ্য। আমি এক এনে সমাজ গঢ়িব বিচাৰোঁ য’ত নাৰীয়ে নিশাৰ অন্ধকাৰতো ভয়মুক্ত হৈ নিজৰ কামত আগবাঢ়ি যাব পাৰিব। ইয়াৰ বাবে ৰাজপথত আৰক্ষীৰ উপস্থিতি, চৰকাৰী পৰিবহণৰ সুৰক্ষা আৰু কৰ্মক্ষেত্ৰত নিৰাপদ পৰিৱেশ নিশ্চিত কৰিব লাগিব। আমি সকলোৱে লগ লাগি মানসিকতাৰ পৰিৱৰ্তন আনিব পাৰিলেহে এই সমাজখনক সুৰক্ষিত কৰিব পৰা যাব।
পৰিশেষত, এই যুঁজখন চৰকাৰী বিভাগৰ নহয়, এইয়া আমাৰ প্ৰতিজন সচেতন নাগৰিকৰ নৈতিক দায়িত্ব। আমি যদি আজি নিজৰ পুত্ৰ সন্তানক নাৰীৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰিবলৈ নিশিকাও, তেন্তে কাইলৈ আমি নিজৰ সুৰক্ষা নিশ্চিত কৰিব নোৱাৰিম। প্ৰতিটো পৰিয়ালে এক সুস্থ পৰিৱেশ গঢ়ি তুলিব লাগিব য’ত ল’ৰা আৰু ছোৱালীক সমান মৰ্যাদা আৰু সুৰক্ষাৰ জ্ঞান দিয়া হয়। ঘৃণাৰ পৰিৱৰ্তে মৰম আৰু ভয়ৰ পৰিৱৰ্তে সন্মানৰ ভেটিত আমি আমাৰ ভৱিষ্যৎ প্ৰজন্মক গঢ় দিব লাগিব। আমি বিশ্বাস কৰোঁ যে মানৱীয়তাৰ পোহৰ যদি মানুহৰ মনৰ আন্ধাৰখিনি দূৰ কৰিব পাৰে, তেন্তে নাৰী নিৰ্যাতনৰ এই ভয়াৱহ পৰিস্থিতি এদিন ইতিহাসৰ পাততহে সীমাবদ্ধ হৈ ৰ’ব। আমাৰ ঐক্যবদ্ধ প্ৰচেষ্টাই এদিন এনে এক সমাজৰ জন্ম দিব য’ত নাৰীৰ সুৰক্ষা সুনিশ্চিত হ’ব আৰু সমগ্ৰ বিশ্বই এক শান্তিময় ভৱিষ্যৎ লাভ কৰিব।
