ৰাজ্যৰ ৭,৯৪৮খন বিদ্যালয়ত শিক্ষার্থী অনুপাতে শিক্ষক নাই
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত ক্রমাগতভাৱে হ্রাস পাইছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা। চলিত অসম বিধানসভাৰ বাজেট অধিৱেশনত বৃহস্পতিবাৰে এই তথ্য সদনত দাঙি ধৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। বিৰোধী বিধায়কৰ এক প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ৩০ গৰাকীতকৈ কম ছাত্ৰ-ছাত্ৰী থকা ৰাজ্যৰ মুঠ শিক্ষানুষ্ঠান হৈছে ৭,৯৪৮খন। অর্থাৎ ৩০ গৰাকীতকৈ কম ছাত্র-ছাত্রী থকা নিম্ন প্রাথমিক বিদ্যালয় আছে ৫,৩০৩খন। আনহাতে উচ্চ প্রাথমিক বিদ্যালয় আছে ১,২৫৩খন, মাধ্যমিক বিদ্যালয় আছে ৮,২১খন, হাইস্কুল আছে ৩,২১৫খন আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে ৫৭১খন। লক্ষণীয়ভাবে ছাত্র-ছাত্ৰীৰ সংখ্যা এনেদৰে হ্ৰাস পোৱাৰ অজুহাততে শিক্ষা বিভাগে আৰম্ভ কৰিছে বিদ্যালয় একত্ৰীকৰণ প্রক্রিয়া। ইয়াৰ বিপৰীতে কিন্তু ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত খালী হৈ আছে ৩০,০৩২টা শিক্ষকৰ পদ। বিধানসভাত শিক্ষামন্ত্রীয়ে বিদ্যালয় একত্ৰীকৰণ সন্দৰ্ভত উল্লেখ কৰে যে শিক্ষা সেতু আৰু ইউ-ডাইছৰ পৰা পোৱা তথ্য অনুসৰিয়ে কোনবোৰ বিদ্যালয় একলগ কৰিব পাৰি আৰু কোনবোৰ বিদ্যালয় একলগ কৰিব নোৱাৰি, সেই বিষয়টো পৰীক্ষা কৰি থকা হৈছে। উপযুক্ত সময়ত সকলোৰে মতামতসাপেক্ষে এইক্ষেত্ৰত গ্ৰহণ কৰা হ’ব সিদ্ধান্ত। ইফালে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পোষ্ট গ্রেজুৱেট শিক্ষক নোহোৱাৰ বিষয়টো সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বিভাগে প্রয়োজনীয়তাৰ ভিত্তিত ৪০৫খন হাইস্কুলক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰিছিল। সেই সময়ত সিদ্ধান্ত লোৱা হৈছিল যে হাইস্কুলসমূহত পোষ্ট গ্রেজুৱেট ডিগ্রী থকা স্নাতক শিক্ষকসকলে উচ্চতৰ মাধ্যমিকত পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ কাম কৰিব। বিষয়টো বিভাগৰ নজৰত আছে আৰু ইয়াৰ বাবে এখন ছার্ভিচ ৰুল অনা হ’ব। এই ছার্ভিচ ৰুল অনুসৰিয়ে বিদ্যালয়সমূহৰ প্রধান শিক্ষকৰ পদ বিলুপ্ত কৰি অধ্যক্ষ নিযুক্তি দিয়া হ’ব আৰু পোষ্ট গ্রেজুৱেট পদ সৃষ্টি কৰা হ’ব। এই ছাৰ্ভিচ ৰূলত পদোন্নতিৰ ব্যৱস্থা হ’ব। শিক্ষামন্ত্রী ডাঃ পেগুৱে ২০১৩ চনত শিক্ষকৰ পদ প্রাদেশিকীকৰণৰ সময়ত কিছু অস্থায়ী প্রধান শিক্ষকৰ পদ প্রাদেশিকীকৰণ নোহোৱাৰ বিষয়টো আঙুলিয়াই কয় যে ইতিমধ্যে কেবিনেটে এই অস্থায়ী প্রধান শিক্ষকৰ পদ স্থায়ী কৰাৰ সিদ্ধান্ত লৈছে। বিধানসভাত শিক্ষা বিভাগৰ বিভিন্ন প্রশ্ন প্রসংগত শিক্ষক নিযুক্তি আৰু টিউটৰৰ দৰমহাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। এই প্রসংগত মন্ত্ৰীগৰাকীয়ে কয় যে এনচিপিৰ নিয়ম অনুসৰি টিউটৰসকলক শিক্ষক হিচাপে নিযুক্তি দিব পৰা নাযায়। টেট বা আন যোগ্যতা অর্জন কৰিলেহে শিক্ষকলৈ উন্নীত কৰিব পৰা যাব। টিউটৰসকলৰ দৰমহা প্ৰসংগত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে টিউটৰসকলৰ দৰমহা প্ৰতিবছৰে ৬ শতাংশকৈ বৃদ্ধি পায়। ২০২৫-২৬ বর্ষতে এই সিদ্ধান্ত গ্রহণ কৰা হৈছিল। ইফালে বিজেপিৰ বিধায়ক শিলাদিত্য দেৱে সংখ্যালঘু অঞ্চলত একাংশ শিক্ষয়িত্রীয়ে সুৰক্ষা অনুভৱ নকৰা বিষয়টো উল্লেখ কৰি তেওঁলোকৰ বদলিকৰণৰ ব্যৱস্থা ল’বলৈ আহ্বান জনায়। বিষয়টো সন্দর্ভত শিক্ষামন্ত্রীয়ে কয় যে দেশৰ ভিতৰতে শিক্ষক বদলিক লৈ অসমত ব্যতিক্রমী আইন অনা হৈছে। অসমত প’ৰ্টেলৰ জৰিয়তে বিগত ৫ বছৰত ৪২ হাজাৰ শিক্ষকৰ বদলিকৰণ কৰা হৈছে। বর্তমান এই প্রক্রিয়া বন্ধ কৰা হৈছে। বহিঃজিলাত ১০ বছৰ চাকৰি কৰা এজন শিক্ষকে বদলিৰ বাবে আবেদন কৰিব পাৰে আৰু ৫ বছৰ কাম কৰা এগৰাকী মহিলাই বদলিৰ বাবে আবেদন কৰিব পাৰে। বিধানসভাত মন্ত্ৰীগৰাকীয়ে বিভিন্ন স্থানত থকা অপ্রাদেশীকৃত বিদ্যালয়সমূহত কৰ্মৰত শিক্ষক-কর্মচাৰীসকলৰ প্রদেশিকীকৰণৰ বাবে আবেদন গ্রহণ প্ৰক্ৰিয়াৰ কথা উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে দিয়া তথ্য অনুসৰি নিম্ন প্রাথমিক পর্যায়ত এই আবেদন ৬,১৬৩খন অহাৰ বিপৰীতে উচ্চ প্রাথমিক বিদ্যালয়ত ১০,১০১খন, হাইস্কুল পর্যায়ত ৫,৭৩৩, ছিনিয়ৰ ছেকেণ্ডাৰীত ১,২২২, উচ্চতৰ মাধ্যমিকত ২০১ আৰু ডিগ্রী কলেজৰ পৰা ১,৬৯৮খন আবেদন আহিছে।
