পাৰমাণৱিক চুক্তিত স্বাক্ষৰ ভাৰত-অষ্ট্ৰেলিয়াৰ

পাৰমাণৱিক চুক্তিত স্বাক্ষৰ ভাৰত-অষ্ট্ৰেলিয়াৰ

ৰঙিলী বাৰ্ত্তাসেৱা-ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত সর্বাত্মক ৰণকৌশলগত অংশীদাৰিত্বৰ উল্লেখনীয় সম্প্ৰসাৰণেৰে ভাৰত আৰু অষ্ট্ৰেলিয়াই বৃহস্পতিবাৰে  ৰণকৌশলগত ১৮টা অভিলাষী পেকেজ উন্মোচন কৰে।উন্মোচিত এই পেকেজত আছে প্ৰতিৰক্ষা, সামুদ্রিক সুৰক্ষা, অসামৰিক পাৰমাণৱিক সহযোগিতা, শক্তি নিৰাপত্তা, গুৰুত্বপূৰ্ণ প্রযুক্তি, শিক্ষা, দক্ষতা উন্নয়ন, বৈজ্ঞানিক গৱেষণা আৰু সাংস্কৃতিক ঐতিহ্য। বৃহস্পতিবাৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ইন্ধন নিৰাপত্তা, পাৰৰ্মাণৱিক শক্তি, কৌশলগত সহযোগিতাসহ কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়। মেলব’র্নত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্রী এন্টনী আলবানিজৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয় আৰু সেই বৈঠকতে ইউৰেনিয়াম ৰপ্তানিসহ গুৰুত্বপূৰ্ণ এই চুক্তিসমূহত স্বাক্ষৰ হয়। অষ্ট্ৰেলিয়া চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে ভাৰতত পাৰমাণৱিক বিদ্যুৎ উৎপাদন কার্যসূচীত সহায় কৰাৰ লক্ষ্যৰেই এই পদক্ষেপ। আনহাতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই সন্দর্ভত কয়, ‘আজি আমি পাৰমাণবিক শক্তিক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰিছোঁ। ই অষ্ট্ৰেলিয়াৰ পৰা ভাৰতলৈ ইউৰেনিয়াম সৰবৰাহৰ পথ মুকলি কৰি দিব আৰু আমাৰ পৰিচ্ছন্ন ইন্ধন কাৰ্যসূচীত নতুন গতি আনি দিব।’ প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ একাংশই ধাৰণা কৰিছে যে প্ৰধানমন্ত্ৰীৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ অন্যতম লক্ষ্য হ’ল ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত বেইজিঙৰ আধিপত্যত লেকাম লগোৱা। বেইজিঙক লক্ষ্য কৰি ২০০৭ চনত আমেৰিকাৰ নেতৃত্বত ‘কোৱাড’ (কোৱাড্রিলেটাৰেল ছিকিউৰিটা ডায়লগ) গঠিত হৈছিল। এই সামৰিক জোঁটৰ সদস্য ভাৰত, অষ্ট্ৰেলিয়া আৰু জাপানো। ২০২০ চনত লাডাখত চীনৰ সৈতে হোৱা সংঘাতৰ পিছতে ভাৰত মহাসাগৰত নৌ-যুদ্ধৰ অনুশীলন ‘অপাৰেচন মালাবাৰ’ত অংশ ল’বলৈও নতুন দিল্লীয়ে আমন্ত্রণ জনাইছিল কেনবেৰাক। যোৱা মাহত ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত সমুদ্ৰ সুৰক্ষাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা মজবুত কৰি তুলিবলৈ দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীস্তৰৰ বৈঠকত ‘জইণ্ট মেৰিটাইম ছিকিউৰিটা কলাবৰেচন ৰোডমেপ’ চূড়ান্ত হৈছিল। ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলটো বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্রিক এলেকা। ইয়াৰ গুৰুত্বপূৰ্ণ সামুদ্রিক পথেৰে প্ৰায় ৫০ শতাংশ বিশ্ব বাণিজ্য সম্পন্ন হয় আৰু যিয়ে এছিয়াৰ একাধিক অংশৰ সৈতে বাহিৰৰ অঞ্চলসমূহক সংযুক্ত কৰে।