মাছহাদৰ ইমাম ৰেজাৰ মছজিদত কবৰস্থ হ’ল আয়াতুল্লা খামেনেই

Pc Hindustan Times

মাছহাদৰ ইমাম ৰেজাৰ মছজিদত কবৰস্থ হ’ল আয়াতুল্লা খামেনেই

ৰঙিলী বাৰ্ত্তাসেৱা- আমেৰিকা-ইজৰাইলৰ আক্ৰমণত নিহত হোৱাৰ প্ৰায় চাৰি মাহৰ পাছত বৃহস্পতিবাৰে ইৰাণে সম্পন্ন কৰে প্ৰাক্তন সৰ্বোচ্চ নেতা আলী খোমেনেইৰ শেষকৃত্য ৷  যোৱা ২৮ ফেব্ৰুৱাৰীত ইৰানৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া বাহিনীয়ে চলোৱা আক্রমণত ধর্মীয় নেতাগৰাকী আৰু তেওঁৰ কেইবাগৰাকীও নিকটাত্মীয়ই প্রাণ হেৰুৱায়। সুদীর্ঘ দিনৰ পিছত প্রয়াত নেতাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে এক ছদিনীয়া বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। তেওঁৰ মৃতদেহ ৰখা কফিনটো বিভিন্ন দেশলৈ শেষ শ্রদ্ধা নিবেদনৰ বাবে লৈ যোৱা হয়। শেষকৃত্য অনুষ্ঠানত ভাগ ল’বলৈ ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ নেতৃবৃন্দক আমন্ত্রণ জনোৱা হয়। এই অনুষ্ঠানত ভাৰতৰ ফালৰ পৰা বিদেশ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাকে ধৰি দুগৰাকী প্রতিনিধিয়ে এই অনুষ্ঠানত ভাগ লয়। ভাৰতৰ এই সদিচ্ছাৰ বাবে দেশখনে ভূয়সী প্রশংসা কৰে ভাৰতক। ছদিনীয়া বিশেষ কাৰ্যসূচীৰ অন্তত বৃহস্পতিবাৰে সর্বোচ্চ ধর্মীয় নেতাগৰাকীৰ কফিনটো উৰুৱাই নিয়া হয় তেওঁৰ জন্মস্থান মাছাদলৈ। আকাশী পথতেই নেতাগৰাকীক স্বাগতম জনায় যুদ্ধ বিমানে। এই দৃশ্যৰ ভিডিঅ’ ইতিমধ্যে প্রকাশ পাইছে।  ভিডিঅ’ত দেখা গৈছে যে বিমানখনৰ ভিতৰত খামেনেই আৰু যোৱা ২৮ ফেব্ৰুৱাৰীত মার্কিন আক্রমণত নিহত হোৱা প্রয়াত সর্বোচ্চ নেতাগৰাকীৰ আন আত্মীয়সকলৰ কফিন ৰখা হৈছে। এই বিমানখনৰ খিৰিকীৰে দেখা গৈছে যে এখন ফাইটাৰ জেটে স্বাগতম জনাইছে খামেনেইৰ কফিনক। অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানৰ শেষৰ দিনা বৃহস্পতিবাৰে দক্ষিণ-পূব ইৰানৰ পৱিত্ৰ চহৰ তথা  খোমেনেইৰ গৃহ চহৰ মাছহাদৰ ইমাম ৰেজাৰ মছজিদলৈ লৈ যোৱা হৈছিল পতাকাৰে আবৃত তেওঁৰ কফিনটো ৷ খোমেনেইৰ পুত্ৰ তথা উত্তৰাধিকাৰী মোজতাবা খোমেনেই ৰাজহুৱাভাৱে উপস্থিত থকা কোনেও দেখা নাপালে এই অনুষ্ঠানত ।যাৱতীয় ৰীতি-নীতি অনুসৰি সেইদিনা সন্ধিয়া কবৰ দিয়া হয় । খামেনেইক শেষ বিদায় জনাবলৈ সেইদিনা মাছাদৰ ৰাজপথত অগণন মানুহ সমৱেত হয়। অন্ত্যেষ্টিক্রিয়াৰ এই অনুষ্ঠানৰ নেতৃত্ব দিয়ে ১০১ বছৰ বয়সীয়া আয়াতুল্লা হোছেইন নুৰী হামেদানীয়ে। তেওঁ ইছলামিক প্রজাতন্ত্র ইৰানৰ অন্যতম ৰক্ষণশীল নেতা হিচাপে পৰিচিত।