প্রাক্তন তৃণমূল সাংসদ সুস্মিতা দেৱৰ বিজেপিত যোগদান

Pc OpIndia

প্রাক্তন তৃণমূল সাংসদ সুস্মিতা দেৱৰ বিজেপিত যোগদান

ৰঙিলী বাৰ্ত্তাসেৱা- তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ বিজেপিত যোগদান ৷ বৃহস্পতিবাৰে  কলকাতাত আনুষ্ঠানিকভাৱে গেৰুৱা দলটোত যোগদান কৰে টিএমচিৰ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদগৰাকীয়ে ৷ সাংসদগৰাকীৰ সৈতে সুখেন্দু শেখৰ ৰায় আৰু প্ৰকাশ চিক বৰাইকেও বিজেপিত যোগদান কৰে । বিজেপিৰ ৰাজ্যিক সভাপতি শমিক ভট্টাচাৰ্যৰ উপস্থিতিত তৃণমূল কংগ্ৰেছৰ এই তিনিওগৰাকী নেতাক দলটোত যোগদান কৰোৱা হয়। দলৰ ছল্টলেকত থকা কার্যালয়ত জ্যেষ্ঠ ৰাজ্যিক নেতৃবৃন্দ উপস্থিত থকা এটা কাৰ্যসূচীৰ সময়ত তিনিওগৰাকী প্রাক্তন সাংসদক বিজেপিৰ পতাকা প্রদান কৰি দললৈ আদৰণি জনায় ভট্টাচার্যই। তেওঁ লগতে কয় যে তিনিওগৰাকী প্রাক্তন সাংসদৰ অভিজ্ঞতাই ৰাজ্যখনত দলটোৰ শক্তি আৰু বৃদ্ধি কৰাত সহায় কৰিব।শেহতীয়াকৈ ২০২৬ ৰ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছ ধৰাশায়ী হোৱাৰ পিছতেই ইজনৰ পাছত সিজনকৈ নেতাই দলত্যাগ কৰা দেখা গৈছে । সেই ধাৰাৰেই আগবাঢ়িল সুস্মিতাও ।ৰাজ্যসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰিয়েই নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল সুস্মিতা দেৱে ৷ অনানুষ্ঠানিক এক আলোচনাত মুখ্যমন্ত্ৰীয়ে ইংগিত দিছিল যে অতি শীঘ্ৰেই সুস্মিতা দেৱে বিজেপি দলত যোগদান কৰিব ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ ইংগিত বাস্তৱত পৰিণত হয় ৷ সুখেন্দু শেখৰ ৰয় আৰু প্ৰকাশ চিক বৰাইকে ৰাজ্যসভা আৰু তৃণমূল কংগ্ৰেছৰ পৰা যোৱা মাহত পদত্যাগ কৰিছিল।