ডিব্ৰুগড়ত তাৰাণা সঙ্গীত আৰু নৃত্য বিদ্যালয়ৰ সৌজন্যত সত্ৰীয়া নৃত্য আৰু আধুনিক নৃত্যৰ কৰ্মশালা সম্পন্ন
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা– ডিব্ৰুগড়ৰ মোহনবাৰীত “তাৰাণা” সংগীত আৰু নৃত্য বিদ্যালয়ৰ সৌজন্যত পাঁচ দিনীয়া সত্ৰীয়া নৃত্য আৰু আধুনিক নৃত্যৰ কৰ্মশালা ডিব্ৰুগড় জিলাৰ চাবুৱা -লাহোৱাল সমষ্টিৰ অন্তৰ্গত মোহনবাৰীৰ নিজ মৈদুমীয়া গাঁৱৰ “তাৰাণা” সংগীত নৃত্য বিদ্যালয়ত গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰ ২ জুলাইৰ পৰা ৭ জুলাইলৈকে অনুষ্ঠিত হয়। সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিয়ে ডিব্ৰুগড়ৰ আনমনা শৰ্মাই।আধুনিক নৃত্যৰ প্ৰশিক্ষণ দিয়ে লাহোৱালৰ ৰিয়া দত্ত আৰু সংগীতৰ প্ৰশিক্ষণ দিয়ে লক্ষীমপুৰৰ ৰাতুল বৰা। শেষৰ দিনা বৰ্ণাঢ্য কাৰ্যসূচীৰে গ্ৰীষ্মকালীন প্ৰশিক্ষণৰ শিবিৰৰ সফল সামৰণি পৰে। প্ৰথম কাৰ্যসূচী অনুষ্ঠানৰ শুভাৰম্ভ কৰে বন্তি প্ৰজ্বলনে অনুষ্ঠানৰ স্বতাধিকাৰী লাকি শৰ্মা দলেই।স্নেহা কোঁৱৰে বৰগীত পৰিৱেশন কৰি অনুষ্ঠানৰ শুভাৰাম্ভ কৰে।সংগীত বিদ্যালয়ৰ “কোৰাচ” তাৰাণা পৰিৱেশন কৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে।বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ক্ৰমে আধুনিক নৃত্য ,সত্ৰীয়া নৃত্য ,ৰাভা নৃত্য,বৰগীত,ভাৰত নাট্যম নৃত্য প্ৰদৰ্শন কৰে।পিংকী শৰ্মাই ভজন পৰিৱেশন কৰে।গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকল ক্ৰমে – স্নেহা কোঁৱৰ ,জীয়া কোঁৱৰ,পূৰবী কোঁৱৰ,তনুশ্ৰী গগৈ ,তৃষ্টি তালুকদাৰ,অংকিতা গগৈ, লক্ষ্মীপ্ৰিয়া বৰপাত্ৰ,অৰ্পিতা গগৈ ,আৰাধ্যা কোঁৱৰ,জিয়াঞ্চি শইকীয়া,ভাইন্য গগৈ,বাৰ্বি গোঁহাই,অংকিতা মোড়া, অনায়া, ৰশ্মিতা,আনুস্মিতা,বিনম্বী, বিদিশা,শিৱাংগী,দেৱশ্ৰী,দীপা টাইদ,ইয়াং লিয়াম, অনুপ্ৰিয়া, কুঁহি, ভাৰ্গৱ ,পুৰবী, বংশী তালুকদাৰ আৰু মনীষা। উপস্থিত বিশিষ্ট ব্যক্তি সকলে সাৰুৱা ভাষণেৰে অনুষ্ঠানৰ সৌস্তভ বৃদ্ধি কৰে।অংশগ্ৰহণ কৰা সকলো ছাত্ৰ-ছাত্ৰীকে বিদ্যালয়ৰ পৰা প্ৰমাণ -পত্ৰ বিতৰণ কৰে বিদ্যালয়ৰ স্বতাধিকাৰী লাকী শৰ্মা দলেই।শলাগৰ শৰাই আগবঢ়ায় লাকী শৰ্মা দলে ।
