উৎশৃঙ্খল যুৱ মানসিকতা আৰু সামাজিক প্ৰমূল্যবোধৰ অৱক্ষয় – অৰুণা ধৰ বৈষ্ণৱ 

Pc Vecteezy

উৎশৃঙ্খল যুৱ মানসিকতা আৰু সামাজিক প্ৰমূল্যবোধৰ অৱক্ষয়

অৰুণা ধৰ বৈষ্ণৱ 

বৰ্তমান সময়ত আমাৰ সমাজৰ এক জটিল আৰু চিন্তনীয় বিষয় হৈ পৰিছে যুৱ প্ৰজন্মৰ মানসিকতা। প্ৰযুক্তিৰ দ্ৰুত উৎকৰ্ষ আৰু বিশ্বায়নৰ প্ৰভাৱত সমাজৰ পৰম্পৰাগত নীতি-নিয়ম তথা নৈতিকতাৰ ক্ষেত্ৰত এক বিৰূপ পৰিৱৰ্তন পৰিলক্ষিত হৈছে। আজি কালিৰ ল’ৰা-ছোৱালীৰ আচৰণ, সাজ-পোছাক আৰু চিন্তাধাৰাত যি ধৰণৰ প্ৰকাশ দেখা যায়, সেয়া বহুতৰ বাবে তথা সচেতন মহলৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে। পিতৃ-মাতৃ, জ্যেষ্ঠজন আৰু শিক্ষকৰ প্ৰতি থকা পূৰ্বৰ শ্ৰদ্ধা আৰু মৰ্যাদাৰ স্থানত যেন এক ধৰণৰ অৱহেলা বা তুচ্ছজ্ঞান কৰা মানসিকতাই দেখা দিছে।

প্ৰথমতে, আমি সামাজিক প্ৰমূল্যবোধৰ কথা ক’ব লাগিব। এটা সময়ত আমাৰ সমাজত গুৰু-ভক্তি আৰু জ্যেষ্ঠজনক সন্মান প্ৰদৰ্শন কৰাটো এটা অলিখিত নিয়ম আছিল। কিন্তু আজি কালি বহু ল’ৰা-ছোৱালীয়ে ঘৰুৱা উপদেশ বা অনুশাসনক কেৱল নিজৰ ব্যক্তিগত স্বাধীনতাৰ ওপৰত হস্তক্ষেপ বুলি গণ্য কৰে। তেওঁলোকে নিজৰ স্বতন্ত্ৰতাক ইমানেই গুৰুত্ব দিয়ে যে, অভিজ্ঞ জ্যেষ্ঠৰ পৰামৰ্শক বহু সময়ত উপেক্ষা কৰে। ফলত পৰিয়ালৰ ভিতৰত প্ৰজন্মৰ মাজত এক অদৃশ্য দূৰত্ব সৃষ্টি হৈছে, যিটো আমাৰ সামূহিক সামাজিক গাঁথনিৰ বাবে শুভ লক্ষণ নহয়।

পোচাক আৰু মানসিকতাৰ এই প্ৰসংগত আমি গভীৰভাৱে চিন্তা কৰিব পাৰোঁ। পোচাক কেৱল শৰীৰ ঢাকি ৰখা আৱৰণ নহয়, ই ব্যক্তিত্বৰ দৰ্পণ। যেনেকৈ এগৰাকী উকীলৰ বাবে ক’লা কোটটোৱে তেওঁক ন্যায়ৰ প্ৰতিনিধি কৰি তোলে বা এজন আৰক্ষীৰ বাবে ইউনিফৰ্মটোৱে তেওঁক আইন ৰক্ষকৰ দায়িত্ববোধ দিয়ে, ঠিক তেনেকৈ প্ৰতিটো সাজৰ এক মানসিক প্ৰভাৱ থাকে। আজিৰ যুৱ প্ৰজন্মই ফটা জিনছ, কাণত কাণফুলি বা আউলী-বাউলী চুলিৰ যি ষ্টাইল অৱলম্বন কৰিছে, সেয়া তেওঁলোকৰ বাবে আধুনিকতা হ’ব পাৰে। কিন্তু পোচাকে মানুহৰ আচৰণক নিয়ন্ত্ৰণ কৰে বুলি আমি বিশ্বাস কৰোঁ। যেতিয়া কোনোবাই অসংযত সাজ-পোছাক গ্ৰহণ কৰে, তেতিয়া তেওঁৰ মানসিকতাতো তাৰ প্ৰভাৱ পৰা দেখা যায়। বিপৰীতে, আমাৰ অসমৰ জাতীয় উৎসৱসমূহত যেতিয়া আমি আমাৰ জাতীয় সাজ-পাৰ পিন্ধোঁ, তেতিয়া মনত এক অনন্য গৌৰৱ আৰু অনুশাসনৰ সৃষ্টি হয়। সেই পোচাকে আমাক আমাৰ শিপা আৰু ঐতিহ্যৰ লগত সংযোগ কৰে।

এয়া এক বাস্তৱ সত্য যে, আমি কি পিন্ধোঁ, তাৰ ওপৰত বহুলাংশে নিৰ্ভৰ কৰে আমি কেনেধৰণৰ আচৰণ কৰিম। উদাহৰণস্বৰূপে, এজন ছাত্ৰই যদি স্কুলৰ ইউনিফৰ্ম পিন্ধি থাকে, তেন্তে সেই পোচাকযোৰে তেওঁক পঢ়া-শুনা আৰু অনুশাসনৰ কথা সোঁৱৰাই দিয়ে। কিন্তু একেজন ছাত্ৰই যদি অত্যাধিক জিলিকি থকা বা অসংযত সাজ-পাৰ পিন্ধি সামাজিক অনুষ্ঠান বা জনবহুল স্থানত ঘূৰি ফুৰে, তেন্তে তেওঁৰ মানসিকতাৰ পৰিৱৰ্তন ঘটাটো স্বাভাৱিক। পোচাকৰ জৰিয়তে নিজক প্ৰদৰ্শন কৰাৰ প্ৰৱণতাই তেওঁলোকক পৰম্পৰাগত শিষ্টাচাৰৰ পৰা আঁতৰাই আনে।

এই মানসিকতাৰ আঁৰত কি কি কাৰণ থাকিব পাৰে? প্ৰধান কাৰণ হ’ল পৰিয়ালৰ পৰা পোৱা নৈতিক শিক্ষাৰ অভাৱ আৰু ডিজিটেল মাধ্যমৰ প্ৰভাৱ। আজিৰ ল’ৰা-ছোৱালীৰ হাতত স্মাৰ্টফোন আছে। তেওঁলোকে বিশ্বৰ যিকোনো প্ৰান্তৰ চেলিব্ৰিটিক অনুসৰণ কৰে। সেইবোৰৰ অন্ধ অনুকৰণে তেওঁলোকক বাস্তৱ জীৱনৰ পৰা আঁতৰাই নিয়া যেন লাগে। আনহাতে, পিতৃ-মাতৃয়ে নিজৰ ব্যস্ত জীৱনৰ বাবে সন্তানৰ ওপৰত দিবলগীয়া সময়খিনি কমাই পেলোৱাৰ ফলত সন্তানৰ মানসিক গঠনত প্ৰভাৱ পৰিছে।

অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে সকলো যুৱ প্ৰজন্মই এনেকুৱা। এতিয়াও বহু ল’ৰা-ছোৱালী আছে যিয়ে নিজৰ সংস্কৃতি আৰু পৰম্পৰাক আজিও মানি চলিছে। সমাজৰ পৰিৱৰ্তন এক স্বাভাৱিক প্ৰক্ৰিয়া। আমি কেৱল বাহ্যিক ৰূপ বা আধুনিকতাক সমালোচনা কৰিলে নহ’ব। আচল প্ৰয়োজন হ’ল তেওঁলোকৰ সৈতে সুস্থ আলোচনা কৰা। আমাৰ দায়িত্ব হ’ল তেওঁলোকক এই কথা বুজোৱা যে আধুনিক হোৱাৰ অৰ্থ নিজৰ শিপাক পাহৰি যোৱা নহয়।

সামৰণিত ক’ব পাৰি যে, যুৱ প্ৰজন্মই আমাৰ সমাজৰ ভৱিষ্যতৰ চালিকা শক্তি। তেওঁলোকক সঠিক দিশত পৰিচালিত কৰাটো কেৱল পিতৃ-মাতৃ বা শিক্ষকৰ দায়িত্ব নহয়, ই আমাৰ সমগ্ৰ সমাজৰ এক সম্মিলিত দায়িত্ব। ধৈৰ্য আৰু মৰমেৰে তেওঁলোকক বুজাই ক’লে নিশ্চয়কৈ এই বিপথগামী প্ৰৱণতা হ্ৰাস পাব। যিদৰে সঠিক পোচাকে মানুহৰ ব্যক্তিত্বক মহীয়ান কৰে, তেনেদৰে সঠিক শিক্ষাই যুৱ প্ৰজন্মক আদৰ্শৱান কৰি তুলিব। এখন সুন্দৰ সমাজ গঢ়িবলৈ হ’লে নৱ প্ৰজন্মৰ শক্তি আৰু আমাৰ ঐতিহ্যৰ সমন্বয় অতি প্ৰয়োজন।