হত্যাৰ‌ আৰৰ কাহিনী – শচীন্দ্ৰ কুমাৰ দাস

Pc iPleaders

হত্যাৰ‌ আৰৰ কাহিনী

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

আজিৰ পৰা বহু‌ বছৰ আগতে ৰাম কুমাৰ নামৰ লোক এজন‌ কামৰ সন্ধানত নিজ মাতৃ ভুমি এৰি আহি নয়নপুৰ নামৰ গাওঁ এখনত থাকিব ল’লে।। প্ৰথম অবস্থাত তেওঁ গাঁৱৰ মানুহৰ ঘৰে ঘৰে কাম কৰে,খেতি বাতিৰ কামত গাওঁৰ মানুহক সহায় কৰিব লয়।। খুব নম্ৰ বেছ ভদ্ৰ প্ৰকৃতিৰ লোক তেওঁ। তেওঁৰ ঘৈণীয়েক সীতা দেৱী খুব মৰমিয়াল আৰু ধিৰ গম্ভীৰ হয়।। এনেদৰে সময় পাৰ হৈ গ’ল। বহুতো বসন্ত ভাল বেয়াৰ মাজেৰে পাৰ কৰিলে দুয়োজনে।।

ৰাম কুমাৰৰ‌ দেউতাক পেছাত এজন নাপিত আছিল। চুলি কটা কামটো তেওঁ দেউতাকৰ পৰাই সৰুতে শিকিছিল।

সময় বাগৰিল….. ৰাম সীতাৰ ঔৰষত এটি ল’ৰা সন্তান জন্ম হ’ল।। সিদিনা এটি উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হ’ল নয়নপুৰত।।উলহ মালহেৰে গোটেই নয়নপুৰ ভুমি নাচি উঠিল সিদিনা।মৰমেৰে গাঁৱৰ মানুহে ল’ৰা টিৰ নাম দিলে মণি ।ৰাম কুমাৰেও ল’ৰাটিৰ নাম মণি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

লাহে লাহে সময় পাৰ হ’ল। ল’ৰাটিও দাঙৰ হ’বলৈ ধৰিলে। ওচৰৰে এখন বিদ্যালয়ত তাক নাম লগায় দিলে।। যিহেতু দিনে দিনে খৰছৰ মাত্ৰা বাঢ়ি গৈছে সেয়েহে ৰামকুমাৰে চহৰত এখন চেলুন খুলি চুলি,ডাৰি কটা কামটো আৰম্ভ কৰি দিলে। ৰামকুমাৰৰ ব্যৱহাৰ আৰু যিহেতু তেওঁ চুলি কটাত পাকৈত আছিল সেয়েহে তেওঁৰ চেলুনত গ্ৰাহকে ভিৰ কৰি থাকে।।

সময় বাগৰিল ৰামকুমাৰে চহৰত মাটি অলপ কিনিলে আৰু চহৰতে ঘৰ বান্ধি থকাৰ কথা চিন্তা কৰিলে। চেলুনৰ কামৰ ব্যস্ততাত তেওঁ গাঁৱত থকা পৰিয়ালটিৰ যত্ন ল’ব পৰা নাই। তেওঁ চহৰত ঘৰ বান্ধিলেআৰু এদিন তেওঁ গাওঁ বাসীৰ পৰা বিদায় ল’লে।গাওঁ বাসীয়ে ৰামকুমাৰক হেৰুৱাই চকুলো টুকিলে। গাওঁ এৰিব লগা হোৱাত সীতা দেৱী আৰু ল’ৰাটি ও উচুপি উঠিল। কিন্তু কি কৰিব সময়ৰ আহ্বানক মানিবয় লাগিব।

কুমাৰৰ ল’ৰা মণি এতিয়া চহৰৰ কলেজত পঢ়ে। দেউতাকৰ চেলুনতো আজৰি সময়ত কাম কৰে।

যদুনাথ ৰামকুমাৰৰ নয়নপুৰ গাঁৱৰ বন্ধু। নিজ ভুমি এৰি যিদিনা ৰাম কুমাৰ নয়নপুৰ‌ গাঁৱত আহিছিল এই যদুনাথে তেওঁ লোকক আশ্ৰয় দিছিল।যদুনাথৰ পত্নী যোৱা দুবছৰ আগত ঢুকাইছে।। তেওঁৰ একমাত্ৰ ছোৱালী মালা। সিদিনা হঠাৎ যদুনাথ চহৰলৈ আহিল কুমাৰ ৰ ওচৰলৈ। তেওঁ কুমাৰক এৰা! বন্ধু ম ই বুঢ়া হৈ আহিছোঁ ,, তুমি ও দেখোন বুঢ়া হলা। তুমি জানাই যে মালাৰ বাহিৰে মোৰ কোনো নাই। সেয়েহে মই মৰি গ’লে মালা ৰ দায়িত্ব তুমিয়েই ল’ব লাগিব।।মনি আৰু মালা সৰু হৈ থাকোঁতে আমি দুয়ো বন্ধুৰ সম্পৰ্ক যাতে আত্মীয়‌হয় তাৰ বাবে যে আমি দুয়ো সিহঁত ডাঙৰ হ’লে বিয়া যে পতাৰ কথা কৈছিলো মনত আছেনে তোমাৰ?

ৰামকুমাৰ- আৰে! যদু তুমি কি কোৱা?মালা অকল তোমাৰ ছোৱালীয়েই নহয়। ,তাই মোৰো ছোৱালী হয়।মালা মোৰ বোৱাৰী হোৱাত মোৰ কিহৰ আপত্তি থাকিব।। তোমাৰ উপকাৰ মই পাহৰিব নোৱাৰো ও যদু।।

যদু- খঙেৰে , অ’ই কুমাৰ বন্ধুত্বৰ মাজত কিহৰ উপকাৰৰ কথা উলিয়াইছ।

কুমাৰ- বাদ দিয়া সেইবোৰ বাদ দিয়া।ঘৰত বোলা ।সীতাক মাত দি যাব।ভাত খাই যাব লাগিব।

যদু- ভাত নাখাওঁ ।সীতাক এবাৰ দেখা কৰি যাওঁ।

কুমাৰ- সীতা ঘৰত কোন আহিছে চোৱা?

যদুক দেখি সীতা উচুপি উঠিল। সিদিনা ভাত নোখোৱাকৈ যদুক আহিব নিদিলে সীতাই।।।

সময় বাগৰিল,,, মণি আৰু মালা দুয়ো .BA pass কৰিলে।মণি সুন্দৰ সুঠাম যুৱক‌ হৈ উঠিল আৰু মালাও স্বৰ্গ অপেশ্বৰী যেন লগা হৈছে।

ৰাজু চহৰৰ মদাহী গুণ্ডা এজন। তাৰ মা বাপেকৰ পৰিচয় নাই।চহৰৰ দোকান বোৰৰ পৰা তেওঁ মাহে দাদাগিৰি কৰি টকা collection কৰে। কুমাৰৰ দোকানত বিনা পইচ্ছাৰে চুলি কাটে আৰু দাবি ধমক দি টকা লৈ যায়।। সহজ সৰল কুমাৰে আনৰ দৰে তেৱোঁ সকলো সহি গৈছে।।

কুমাৰৰ পত্নী সীতা কিবা অচিনাক্ত ৰোগত আক্ৰান্ত হৈ হৈ মৃত্যু হয়। সীতাৰ মৃত্যুত তেওঁ ভাঙি পৰিবলৈ ধৰে । আনফালে নয়নপুৰত যদুনাথো নৰিয়াত পৰে। সেয়েহে কুমাৰে মণি আৰু মালা‌ৰ বিয়া পতাৰ সিদ্ধান্ত লয়। ওচৰৰে মন্দিৰ এটিত বিয়াখন হৈ যায়। বিয়াৰ কিছুদিন পিছত যদুয়েও মাটি বাৰী মালাৰ নামত লিখি দি পৃথিৱীৰ পৰা বিদায় মাগে।।

পত্নীৰ মৃত্যু আনফালে বন্ধু যদুৰ মৃত্যুই কুমাৰক সম্পূৰ্ণ ৰুপে ভাঙি পেলাই। মণি আৰু মালাৰ এটি লৰা সন্তান জন্ম পাইছে। নাম তাৰ ৰাখিলে নয়ন।কুমাৰে নয়নপুৰৰ নামেৰে তেওঁৰ নাতীৰ‌‌ নাম দিলে নয়ন।কাৰন নয়নপুৰতে তেওঁ লাভ কৰিছিল নিস্বাৰ্থ প্ৰেম। বৰ্তমান চেলুনৰ দায়িত্ব সকলো মণিয়ে লৈছে।। কিয়নো ৰাম কুমাৰ আজি আৰু‌ পৃথিৱীত জীয়াই থকা‌ নাই।।

প্ৰতি মাহেকত ৰাজু গুণ্ডা আহে চেলুন লৈ। সিদিনা ও আহিছিল।মণিৰ চেলুনত চুলি ডাৰি কাটি ৫০০টকা মণিৰ পৰা বিছাৰিলে। মণি য়ে ৫০০ টকা দিলে কিন্তু মা বাপ ধৰি গালি পৰিব বাধা কৰিলে।

ৰাজু- অই পোৱালি তোৰ ইমান সাহস। মোক জ্ঞান দিব আহিছ। ফালি পেলাম তোক।

মণি- আপুনী ডেকা মানুহ। দোকানে দোকানে টকা কিয় খুজে?কাম কৰিব লাগে।

ৰাজু-  উচ্চ স্বৰে অই তই বেছি কৰিছ বে। মণিক বুকুত খামুচি ধৰি,,, মাৰি পুতি‌ পেলাম।

মণি- আপুনি যাওঁক মোৰ ভুল হৈছে। যিহেতু চেলুনত গ্ৰাহক আছিল মণি শান্ত হ’ল।

ৰাজু চিঞৰি চিঞৰি অশ্লীল ভাষাৰে ওলাই গ’ল। মাহৰ ৩০ তাৰিখ ৰাজু পুনৰ আহিল চেলুনলৈ।ঠিক সেই সময়তে মালাই মণিক দুপৰীয়াৰ আহাৰৰ টিফিন দিব আহিল। মালাৰ সৌন্দৰ্য দেখি তেওঁৰ প্ৰতি বেয়া দৃষ্টিৰে নিৰীক্ষণ কৰিব ধৰিলে সি।মালাই কথাটো অনুভৱ কৰি মুহূৰ্ততে তাৰ পৰা আতৰি গ’ল।

ৰাজু- মণিক উদ্দেশ্যী! অই পোৱালি,‌এইজনী কোন বে,?বৰ ধুনীয়া বে ।

মণি- মোৰ পত্নী তেওঁ।নাৰীক সন্মান কৰিব দাদা।

ৰাজু- জোৰকৈ হাঁহিৰে,,,চালা নাপিতেও ইমান অপেশ্বৰী কইনা পাই বে?

মণি – চিঞৰি,, মই BA passনাপিত কাম কৰো । কৰ্মক লাজ নকৰো। তোৰ দৰে ভিক্ষা নুখুজো।।

ৰাজু- চিঞৰি ,,কাক ভিক্ষাৰী কৈছে বে।

দুয়োৰে মাজত মাৰপিট হয়। ওচৰৰ দোকানী বোৰ আহি মণিক বুজাই কাজিয়া ভাঙি দিয়ে। মণি যিহেতু এজন শিক্ষিত ল’ৰা তেওঁ ওচৰে থানাত এখন এজাহাৰ দিলে।। কিন্তু পুলিচে কোনো ব্যবস্থা গ্ৰহণ নকৰিলে।।কাৰন ৰাজুৰ collection ৰ পৰা পুলিচেও এটা মতা অঙ্ক মাহেকত পাই।। মণি হতাশাত ভোগে।মালাই মণিক বুজাই বঢ়াই শান্ত কৰে।

ৰাজু মাহে চেলুন লৈ আহে । গালি ভৎসৰ্না কৰি টকা লৈ যায়, দাড়ি চুলি কাটি যায়। যিজন মানুহ মানসীক বিকাৰগ্ৰস্ত,যাৰ মা বাবাৰ পৰিচয় নাই তেনে এজন মানুহক স্পৰ্শ কৰি ডাৰি চুলি কটাতো মণিৰ বাবে অসহনীয়।।

মণিয়ে উপলব্ধি কৰিছে দেউতাকে কেনেকৈ এইবোৰ সহি গৈছিল।কিয় তেওঁৰ গাওঁ খন বেছি আপোন আছিল।
শিক্ষা দিক্ষা নহোৱা এজন গুণ্ডাই পুলিচ প্ৰশাসন নিয়ন্ত্ৰণ কৰে।। যিহেতু ৰাজুই মালাক বেয়া নজৰ দিয়ে সেয়েহে মণিয়ে মালাক চেলুনত অহা মানা কৰিছে। আজি ৰাজু মণিৰ চেলুনত আহিছে। আনফালে মণিৰ ল’ৰাটোৰ ভিষন জ্বৰ।

জ্বৰ বেছি হোৱাত মালাই উপায়হীন হৈ মণিক মাতিবলৈ চেলুন আহিল।ৰাজু ই মালাক দেখি পগলা হৈ গ’ল।সি অকস্মাৎ মালাক সাবোতি ধৰি তেওঁৰ উঠন বুকুত মুখ গুজি মুখে গালে চুমা খাব ধৰিলে।। মণি উত্তেজিত হৈ চেলুনৰ চকী দাঙি তাৰ মুৰত মাৰি দিলে ।তাৰ মুৰ ফাটি তেজ বৈ গল।। তথাপি সি একো উত্তৰ নিদি বিজয় উল্লাসৰ হাঁহি মাৰি আতৰি গ’ল। যিহেতু ল’ৰাটোৰ খুব জ্বৰ দুয়ো হস্পিতাললৈ ল’ৰাটো লৈ গ’ল সিদিনা ৰাতি দুয়োৰে টোপনি নাহিল। মালাই গোটেই ৰাতি কান্দীলে। মণি মৌন হৈ ৰল। মণি পিছদিনা আকৌ থানালৈ গ’ল যদিও কামত নাহিল।।

আজি আকৌ ৩০তাৰিখ ।ৰাজু আহিব,,। মণি সিদিনা প্ৰস্তুত । সিদিনা সি কাৰো চুলি ডাৰি কটা নাই।
গা বেয়া বুলি চেলুনৰ জপনা আধা মেলি থৈছে। চেলুনত কোনো নাই।আকাশতো কৰা মেঘে ছানি ধৰিছে।। হঠাৎ ৰাজু আহিল।

ৰাজু- অই পোৱালি চেলুন আধা খুলা যে?

মণি- বহক দাদা আজি গা বেয়া।

ৰাজু- দাদা কৈছে ,, সন্মান দিছ ভাল কৰিছ।তোৰ বাপেৰে সোনকালে বুজি পাইছিল। তই অলপ দেৰিকে বুজিলি।ঠিক আছে হ’ব বাদ দে

মণি- মালাৰ‌ চকুলো ভাহি আহি,,,,,বহক বহক দাদা‌ সোনকালে বহক , আপোনাৰ ডাৰি কাটি ম ই ঘৰত যাম মোৰ গা বেয়া।

ৰাজু- গা বেয়া নে ঘৈণীয়েৰৰ মনত পৰিছে।

মণি- বাদ দিয়ক হে দাদা আগে ডাৰি কাটি লও।

ৰাজু- উম ভালকে কাট।

মণি ৰাজুৰ গালত চাবোন লেপি খুড় খন ধাৰাই আছে

ৰাজু- অই পোৱালি খুড় খন আগতেই ধাৰাই থব নোৱাৰা নেকি?

মণি -ৰৱ দাদা হৈ গ’ল। নিৰবে সি‌ ডাৰি কাটি গ’ল।

মালাৰ চকুলো , নিৰ্যাতন ভাহি আহিছে তাৰ মনত।অসুৰৰ বলি দিব লাগিব যেন অনুভৱ।।

ৰাজু-  ই পোৱালি!ডাৰি কাট ঘৈণীয়েৰৰ কথা ভাবি আছা নেকি?
হঠাৎ উত্তেজিত হৈ মণিয়ে খুড়েৰে ৰাজুৰ ডিঙি ৰেপি দিলে।।ৰাজু মুহূৰ্ততে চটফটাই নিশ্বাস ত্যাগ কৰে।। মণিয়ে নিৰুপায় হৈ হত্যা কৰিলে অসুৰ ৰুপি ৰাজু গুণ্ডাক।।

মণি আৰু মালা‌ আজিও আছে নয়নপুৰত। তেওঁ লোকৰ সন্তান নয়ন আজি এজন নিষ্ঠাবান পুলিচ বিষয়া।।।।