অসম চৰকাৰৰ ২০২৬-২৭ বৰ্ষৰ বাজেটত যুৱ কৰ্মসংস্থান, দক্ষতা বিকাশ আৰু স্বনিয়োজনক অগ্ৰাধিকাৰ দিয়ক – ড° বুলজিৎ বুঢ়াগোহাঁই

অসম চৰকাৰৰ ২০২৬-২৭ বৰ্ষৰ বাজেটত যুৱ কৰ্মসংস্থান, দক্ষতা বিকাশ আৰু স্বনিয়োজনক  অগ্ৰাধিকাৰ দিয়

ড° বুলজিৎ বুঢ়াগোহাঁই
আজাৰা,গুৱাহাটী

অসম চৰকাৰৰ ২০২৬-২৭ বৰ্ষৰ বাজেটত যুৱ কৰ্মসংস্থান, কেৰিয়াৰ পৰামৰ্শ, দক্ষতা বিকাশ, উদ্যমিতা আৰু স্বনিয়োজনৰ ক্ষেত্ৰত বিশেষ অগ্ৰাধিকাৰ দিয়া উচিত। অসমৰ বহু শিক্ষিত যুৱক-যুৱতী আজিও নিবনুৱা আৰু আংশিক নিবনুৱাৰ সমস্যাৰ সন্মুখীন হৈ আছে। সেয়েহে স্বচ্ছ, দ্ৰুত আৰু সময়মতে চৰকাৰী নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ লগতে উদ্যোগ, ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগ, ব্যক্তিগত খণ্ড , সেৱা খণ্ড আদিৰ সম্প্ৰসাৰণৰ জৰিয়তে অধিক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাটো অতি প্ৰয়োজনীয়। ষ্টাৰ্টআপ আৰু স্বনিয়োজনক উৎসাহিত কৰিবলৈ সহজলভ্য ঋণ, চিড ফাণ্ডিং, প্ৰশিক্ষণ, মেণ্টৰশ্বিপ, বজাৰ সংযোগ , কাৰিকৰী সহায় আদি আগবঢ়াব লাগে। বিশেষকৈ তথ্য-প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল মাৰ্কেটিং, পৰ্যটন, স্বাস্থ্যসেৱা, কৃষি-প্ৰযুক্তি, লজিষ্টিকছ ,  উদ্যমিতা আদিৰ দৰে ক্ষেত্ৰসমূহত চাকৰিমুখী দক্ষতা বিকাশৰ কাৰ্যসূচী অধিক শক্তিশালী কৰিব লাগে।

২০০৫ চনৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলক কেৰিয়াৰৰ বিভিন্ন দিশ সম্পৰ্কে প্ৰতি শনিবাৰে সন্ধিয়া ৬ বজাৰ পৰা ৯ বজালৈ ফোনযোগে বিনামূলীয়া কেৰিয়াৰ পৰামৰ্শ আগবঢ়াই আহিছোঁ। এই সময়ছোৱাত ২০০খনতকৈ অধিক কেৰিয়াৰ বিষয়ক কৰ্মশালা আৰু আলোচনা চক্ৰত অংশগ্ৰহণ কৰি শিক্ষাৰ্থীসকলৰ সৈতে মুখামুখিকৈ কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন বিষয় আলোচনা কৰাৰ সুযোগ লাভ কৰিছোঁ। তদুপৰি, ১৫০খনতকৈ অধিক কেৰিয়াৰ বিষয়ক ৱেবিনাৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ বিভিন্ন শিক্ষানুষ্ঠান আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ ৰূপালী, সোণালী আৰু হীৰক জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ, বাৰ্ষিক মুখপত্ৰ, বিভিন্ন আলোচনী আৰু বাতৰিকাকতলৈ কেৰিয়াৰ বিষয়ক লেখা প্ৰেৰণ কৰি আহিছোঁ। এই লেখাসমূহৰ মূল উদ্দেশ্য হৈছে যে ৰাজ্যখনৰ গাঁৱে-ভূঞে আৰু চহৰে-নগৰে বসবাস কৰা শিক্ষাৰ্থীসকলে যাতে কেৰিয়াৰ সম্পৰ্কীয় সঠিক তথ্য, দিহা-পৰামৰ্শ আৰু উপযুক্ত পথ-নিৰ্দেশনা লাভ কৰি উপকৃত হ’ব পাৰে।

এটা কথা লক্ষ্য কৰিছো যে অসমৰ বহু অঞ্চলত আজিও বহু শিক্ষাৰ্থী আৰু যুৱক-যুৱতীয়ে সঠিক কেৰিয়াৰ পৰামৰ্শ আৰু দিশ-নিৰ্দেশনা লাভ কৰাৰ সুযোগ নাপায়। ফলস্বৰূপে, তেওঁলোকে নিজৰ আগ্ৰহ, যোগ্যতা, দক্ষতা আৰু সম্ভাৱনাৰ সৈতে সামঞ্জস্য থকা উপযুক্ত শিক্ষাগত অথবা পেছাগত পথ বাছি লোৱাত অসুবিধাৰ সন্মুখীন হয়। সেয়েহে অসম চৰকাৰৰ ২০২৬-২৭ বৰ্ষৰ বাজেটত  প্ৰতিটো বিধানসভা সমষ্টিত একোটাকৈ সক্ৰিয় কেৰিয়াৰ পৰামৰ্শ আৰু দক্ষতা বিকাশ কেন্দ্ৰ স্থাপনৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। এই কেন্দ্ৰসমূহৰ জৰিয়তে শিক্ষাৰ্থী আৰু যুৱক-যুৱতীসকলক উচ্চশিক্ষা, বৃত্তি, প্ৰতিযোগিতামূলক পৰীক্ষা, বৃত্তিমূলক প্ৰশিক্ষণ, চাকৰিৰ সুযোগ, স্বনিয়োজন ,উদ্যমিতা আদিৰ ক্ষেত্ৰত বিজ্ঞানসম্মত, সময়োপযোগী আৰু বিশ্বাসযোগ্য দিশ-নিৰ্দেশনা আগবঢ়াব পৰা যাব। ইয়াৰ উপৰিও, এই কেন্দ্ৰসমূহে স্থানীয় উদ্যোগ, কৃষিভিত্তিক উদ্যোগ, ডিজিটেল দক্ষতা, নতুন প্ৰযুক্তি আৰু উদ্যমিতামূলক সম্ভাৱনাৰ সৈতে যুৱসমাজক সংযোগ স্থাপন কৰাত সহায় কৰিব। প্ৰয়োজন অনুসৰি মনোবৈজ্ঞানিক মূল্যায়ন, অভিৰুচি-পৰীক্ষা, ব্যক্তিত্ব মূল্যায়ন, চাকৰিৰ সাক্ষাৎকাৰৰ প্ৰস্তুতি, যোগাযোগ দক্ষতা, ৰিজিউমে প্ৰস্তুতি আৰু ডিজিটেল চাকৰি-সন্ধানৰ প্ৰশিক্ষণো এই কেন্দ্ৰসমূহত অন্তৰ্ভুক্ত কৰিব পাৰি। এই ক্ষেত্ৰসমূহত নিষ্ঠাবান, সুপৰিকল্পিত আৰু ফলপ্ৰসূ বাজেট বিনিয়োগে শক্তিশালী অসমৰ বাবে দক্ষ, আত্মবিশ্বাসী, স্বাৱলম্বী আৰু নিয়োগযোগ্য যুৱসমাজ গঢ়ি তোলাত উল্লেখযোগ্য ভূমিকা পালন কৰিব। অসমৰ উন্নয়নৰ বাবে যুৱশক্তিক সঠিক দিশ, দক্ষতা আৰু সুযোগ প্ৰদান কৰাটো সময়ৰ এক গুৰুত্বপূৰ্ণ দাবী।