সপোনৰ শব্দ  – পপী বৰা

Pc Popular Science

সপোনৰ শব্দ 

পপী বৰা
মেলেং গ্ৰাণ্ট,যোৰহাট ,হোলোঙাপাৰ

মোৰ কলমৰ চিঞাহীয়ে আজি
বিচাৰি ফুৰে এটি নতুন গান ,
য’ত যান্তিকতাৰ কোলাহল ফালি
জাগি উঠিব হেৰুৱা মানৱতা প্ৰাণ।
 মই পঢ়িছো কিতাপৰ হালধীয়া পৃষ্ঠাবোৰ,
য’ত লিখা আছে পুৰণি দিনৰ মৰমৰ ঠিকনা,
আৰু আজি কালি খিৰিকীৰে চালেই
দেখো কেৱল কৃত্ৰিম পোহৰৰ অহা যোৱা;
আইতাৰ সাধু কথাত শুনা সেই সৰল সমাজ খন,
আজি হেৰাই গ’ল কাঁচৰ চহৰৰ ভিৰত?
অৰ্থৰ জোখত মানুহৰ হেঁপাহবোৰ জোখোতে
প্ৰেম আৰু শ্ৰদ্ধা আজি থিয় হৈছে কাঠ গড়াত।
তথাপিও মই আশাবাদী, মই যে নবপ্ৰজন্ম ,
অৰণ্যৰ সেউজীয়া মাজত বহি মই সপোন ৰঁচো;