শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰচাৰ শাখাৰ উদ্যোগত প্ৰাৰ্থনা শিবিৰ সম্পন্ন

শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰচাৰ শাখাৰ উদ্যোগত প্ৰাৰ্থনা শিবিৰ সম্পন্ন:: মাহমৰা সমষ্টিৰ বিধায়কসহ বিশিষ্ট ব্যক্তি উপস্থিত 

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত অমৰ গ্ৰন্থ ‘নামঘোষা’ত  ভগৱান শ্ৰীকৃষ্ণৰ বন্দনা, স্তুতি আৰু ভক্তি নিবেদন সম্বলিত ঘোষা সমূহ শিশু-কিশোৰ- কিশোৰী সকলৰ বৌদ্ধিক, মানসিক, সামাজিক প্ৰতিভা বিকাশৰ লগতে গুৰুজনাৰ অমৰ সৃষ্টিসমূহক ন-শিকাৰু সকলে যাতে শুদ্ধৰূপে আকোঁৱালি ল’ব পাৰে, লগতে কলিযুগত  ভগৱানৰ নাম গুণানুকীৰ্তনৰ জৰিয়তে পৰম ভক্তি লাভ কৰিব পাৰে সেই উদ্দেশ্যৰে  শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰচাৰ শাখা সমিতিৰ উদ্যোগত মৰাণ আঞ্চলিক শাখাৰ সহযোগত আৰু কচুমাৰি খনিকৰ আদৰ্শ প্ৰাথমিক শাখাৰ আতিথ্য আৰু ব্যৱস্থাপনাত প্ৰাৰ্থনা শিবিৰ অনুষ্ঠিত হয়। প্ৰচাৰ শাখাৰ সভাপতি যোগেশ লয়িংৰ সঞ্চালনাত অনুষ্ঠিত হোৱা  অনুষ্ঠানত আঁতধৰে প্ৰচাৰ শাখাৰ সম্পাদক ৰন্টু খনিকৰে ।  শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সাহিত্য শাখাৰ সভাপতি ড° মৃণাল কুমাৰ বৰুৱাই সমল ব্যক্তিৰূপে অংশ গ্ৰহণ কৰা অনুষ্ঠানত  মনোজ্ঞ আৰু তাত্বিক বিশ্লেষণ আগবঢ়াই শিবিৰত অংশ গ্ৰহণ কৰা সকলোকে  উদ্বুদ্ধ কৰে। সভাত দুই শতাধিক বাপ-আইৰ লগতে স্থানীয় যুৱক-যুৱতীৰ  উপস্থিতিত এই প্ৰাৰ্থনা শিবিৰৰ পৰিসমাপ্তি ঘটে। প্ৰাৰ্থনা শিবিৰত মাহমৰা বিধানসভা সমষ্টিৰ  বিধায়ক  সূৰজ দিহিঙীয়াৰ লগতে চৰাইদেউ জিলা শাখাৰ সম্পাদক দণ্ডিৰাম বড়া, মৰাণ আঞ্চলিক শাখাৰ সভাপতি প্ৰদীপ খনিকৰ , জিলা আৰু আঞ্চলিক শাখাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাৰ শেষত কচুমাৰি খনিকৰ আদৰ্শ প্ৰাথমিক শাখাৰ সভাপতি ৰাজেন বৰুৱাই  সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।