একুৰিয়াম – শচীন্দ্ৰ কুমাৰ দাস

Pc Britannica

একুৰিয়াম

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

সমুদ্ৰৰ সুবিশাল গৰ্ভত বিলীন হৈ
নিজক পাহৰি
প্ৰৱল ঢৌৰ সৈতে লুকাভাকু খেলি
ভিন্ন ৰঙী ভাজত উখল মাখল হৈ
মুক্ত মনৰ স্বাধীনতাৰ বেষ্টনীত আজি
চঞ্চলা তোমালোক।।
মহা সমুদ্ৰ ই দিছিল জানো জাননী?
কোনোবা দুষ্টৰ ফান্দত বন্দী হৈ
কাৰাৰুদ্ধতাৰে একুৰিয়ামত বন্দীত্ব হবা,
কোনোবা বিলাসী ভৱনৰ‌ চুকত।।
আজি যেন পাহৰিলা মুক্ত গগণৰ

ছাঁয়াত
উন্মুক্ত জলধাৰাত নৃত্যৰ তাল ।

সমুদ্ৰৰ প্ৰমোদৰ বিচিত্ৰ ৰঙী
আভাও যেন আজি নহয় নিৰাপদ।।
নিয়তিৰ ন্যায় জানো ন্যায়িক
কবিতাৰ মালিতাৰ পঙতিবোৰো নহয় যেন কাব্যিক।

আত্ম স্বপ্ন ৰুপায়নত যত্ন প্ৰতিজন ।

দৌৰাত্ম্য আজি বাসনাত , কামনাত ।
অৰ্থ প্ৰাপ্তিত গমিছে ব্যক্তিসত্বা ।
কোনো হয়‌ অকাৰনে বন্দী ।
ব্যভিচাৰ ,ভ্ৰষ্টাচাৰ, অনাচাৰ ,মিথ্যাচাৰী
সুৰুঙা স্ৰজে স্ৰজনে
নিত্য নতুন ন্যায় বন্ধনে
সুৰক্ষা দিয়ে স্ব জ্ঞানে।।
জাতি জাতিয়তাৰ একাত্ম বোধ
সমন্বয়ৰ ভাতৃত্ববোধ ,
পিশাচ ৰক্তবিজৰ‌ কলা তেজে
ত্ৰাহিচে গ্ৰাসিছে ক্ষনে।
আত্ম জাহ , জেহাদী ধাৰা
জাগ্ৰত নিতে।
ঘোৰ কলি মহা কলি
ঘোৰ সৰ্বনাশ
সতৰ্ক হোৱা
নহলে হ’ব নাশ।।।।