জিএমচিএইচত জ্বৰত আক্ৰান্ত মহিলাক দিলে বৃক্ক ৰোগৰ বেজী

Pc Justdial

জিএমচিএইচত জ্বৰত আক্ৰান্ত মহিলাক দিলে বৃক্ক ৰোগৰ বেজী

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে । ৰোগীৰ চিকিৎসাৰ নামত চৰম গাফিলতিৰ অভিযোগ উত্থাপন হৈছে নাৰ্ছৰ বিৰুদ্ধে । চিকিৎসকৰ অনুমোদিত বেজী প্রকৃত বৃক্ক ৰোগীক দিয়াৰ সলনি জ্বৰত আক্রান্ত মহিলা ৰোগীৰ দেহত নিক্ষেপ কৰি পুনৰ বিতৰ্কলৈ আহিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)।  জানিব পৰা মতে, শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু জ্বৰত আক্ৰান্ত কবিতা ডেকা নামৰ মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে পৰিয়ালে হাস্পতালখনত ভৰ্তি কৰাইছিল। চিকিৎসা চলি থকাৰ মাজতে শনিবাৰে এগৰাকী নাৰ্ছে মহিলাগৰাকীক নির্দিষ্ট বেজী এটা দিয়াৰ পাছতে মহিলাগৰাকীৰ শৰীৰত বিভিন্ন পার্শ্বক্ৰিয়াৰ সৃষ্টি হ’বলৈ ধৰে। সঘনাই প্ৰস্ৰাৱ কৰি একপ্ৰকাৰ হতাশ হৈ পৰা মহিলাগৰাকীৰ শোচনীয় অৱস্থা প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকে হাহাকাৰ কৰাৰ পাছত প্ৰকৃত তথ্য পোহৰলৈ আহে। মহিলাগৰাকীক ভুলবশতঃ নাৰ্ছৰ্গৰাকীয়ে বৃক্ক ৰোগৰ আক্ৰান্ত ৰোগীক দিবলগীয়া তিনিটাকৈ বেজী দিয়া বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে। এই সন্দৰ্ভত জিএমচিএইচৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে সদৰী কৰা মতে নির্দিষ্ট ৱাৰ্ডটোত ওচৰা-উচৰিকৈ দুগৰাকী ৰোগী আছিল। এগৰাকী বৃক্ক ৰোগত আক্ৰান্ত ৰোগীৰ লগতে আনগৰাকী জ্বৰত আক্ৰান্ত ৰোগী আছিল। নাৰ্ছগৰাকীয়ে ভুলবশতঃ বেজীকেইটা কবিতা ডেকা নামৰ ৰোগীগৰাকীক দিয়ে। এই তথ্য পোহৰলৈ অহাৰ পাছত নাৰ্ছৰ্গৰাকীয়ে নিজৰ ভুল স্বীকাৰ কৰিছে। তেওঁ কয় যে ৰোগীগৰাকীক বেজী দিয়া নাৰ্ছৰ্গৰাকী মহানগৰীৰ এখন বেচৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষার্থীহে আছিল। নাৰ্ছিং পাঠ্যক্ৰম গ্ৰহণ কৰাৰ পাছত বাধ্যতামূলক প্রশিক্ষণৰ অংশস্বৰূপে হাস্পতালখনত ইন্টার্নশ্বিপ কৰি আছিল ছাত্ৰীগৰাকীয়ে। উক্ত নাৰ্ছগৰাকী জিএমচিএইচৰ কৰ্মচাৰী নহয়। ইণ্টাৰ্নশ্বিপৰ অংশস্বৰূপে হাস্পতালখনৰ নাৰ্ছ মীনাক্ষি দুৱৰাৰ নেতৃত্বত আন ৰোগীক পৰিচৰ্যাত নাৰ্ছগৰাকী ব্যস্ত আছিল। সম্প্রতি শিক্ষার্থী নাৰ্ছৰ্গৰাকীক ইণ্টাৰ্নশ্বিপৰ পৰা অব্যাহতি দিয়াৰ লগতে জিএমচিএইচৰ নাৰ্ছ মীনাক্ষি দুৱৰাৰ বিৰুদ্ধেও শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰি তৎকালে কাৰ্যকৰী হোৱাকৈ আজি নিলম্বন কৰা হৈছে। আনহাতে ভুল বেজী প্ৰদান কৰা ৰোগী কবিতা ডেকাক চিকিৎসকে আন দৰব দিয়াৰ পাছত বৰ্তমান তেওঁৰ শাৰীৰিক অৱস্থা সুস্থিৰ হোৱাত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে বুলি জানিব পৰা গৈছে। অৱশ্যে ঘটনাটোক লৈ উপযুক্ত তদন্তৰ আশ্বাস দিয়া অধীক্ষক ডাঃ চৌধুৰীয়ে জানিবলৈ দিয়া মতে, এই সমগ্র বিষয়টোক লৈ হাস্পতালখনৰ মেট্রন অর্থাৎ মুৰব্বী নাৰ্ছৰ নেতৃত্বত এখন তদন্ত কমিটী গঠন কৰি বিষয়টো তদন্ত কৰি থকা হৈছে। তদন্তৰ প্ৰতিবেদনত যদিহে নাৰ্ছ মীনাক্ষি দুৱৰাৰ বিৰুদ্ধে উপযুক্ত প্রমাণ লাভ কৰে, তেন্তে কঠোৰ ব্যৱস্থাও গ্রহণ কৰা হ’ব বুলি তেওঁ লগতে কয়।