ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ত ৪ উইকেটত পৰাস্ত টীম ইণ্ডিয়া

Pc India Today

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ত ৪ উইকেটত পৰাস্ত টীম ইণ্ডিয়া

ৰঙিলী বাৰ্ত্তাসেৱা- ঘৰুৱা দল ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া টি-২০ শৃংখলাৰ শনিবাৰে মানচেষ্টাৰত অনুষ্ঠিত দ্বিতীয়খন টি-২০ মেচত ৪ উইকেটত পৰাস্ত হয় টীম ইণ্ডিয়া। মেচখনত ভাৰতে জয়ৰ বাবে বান্ধি দিয়া ১৯১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি প্ৰাৰম্ভিক বিপৰ্যয় সত্ত্বেও জেকব বেথেলৰ অপৰাজিত ৭৬, অধিনায়ক ক্ৰকৰ ৩৯ আৰু বেণ্টনৰ ৩৯ ৰানৰ সহায়ত ইংলেণ্ডে ১৯ অভাৰত ৬টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ অর্শদীপে তিনিটা উইকেট লয়।  প্রথমে বেটিং কৰিব আহি ভাৰতৰ হৈ ঈশান কিষানে সর্বাধিক ৪৯ৰান, অভিষেক শৰ্মাই ৪৩ আৰু অধিনায়ক শ্রেয়াষ আয়াৰে ৩৭ৰান কৰে। ভাৰতৰ হৈ প্রথমখন মেচ খেলা বৈভৱ সূর্যবংশীয়ে ১৪ৰান কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে ১৯ অ’ভাৰত ছটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়।আনহাতে এই মেচখনত ভাৰতীয় দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটে বৈভৱ সূর্যবংশীৰ।  সূৰ্যবংশীৰ অভিষেকে বিশ্ব ক্ৰিকেটত খলকনিৰ সৃষ্টি কৰিছে । কাৰণ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথমটো বল খেলাৰ পূৰ্বেই বৈভৱ সূৰ্যবংশীয়ে ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিছে । ভাৰতৰ ৰাষ্ট্ৰীয় দলত অভিষেক ঘটা তেওঁ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছে । এই অভিলেখ পূৰ্বে শচীন তেণ্ডুলকাৰৰ নামত আছিল । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বৈভৱৰ ১৫ বছৰ ৯৯ দিন বয়সত অভিষেক ঘটিছে । আনহাতে ১৯৮৯ চনত ১৬ বছৰ ২০৫ দিন বয়সত অভিষেক ঘটিছিল তেণ্ডুলকাৰৰ । ইফালে ৱাশ্বিংটন সুন্দৰক অতিক্ৰম কৰি টি২০ ক্ৰিকেটত ভাৰতৰ হৈ আটাইতকৈ কম বয়সয়ত অভিষেক ঘটা খেলুৱৈ হিচাপেও পৰিগণিত হৈছে বৈভৱ । ২০১৭ চনত শ্ৰীলংকাৰ বিৰুদ্ধে ১৮ বছৰ ৮০ দিন বয়সত ৰাষ্ট্ৰীয় দলৰ হৈ অভিষেক ঘটিছিল ৱাশ্বিংটনৰ । ২০১৭ চনত ইংলেণ্ডৰ বিৰুদ্ধে ১৯ বছৰ ১২০ দিন বয়সত টি-২০ত অভিষেক ঘটিছিল ঋষভ পণ্টৰ ।