COMRADES NEVER DIE!
পৰাগ জ্যোতি দাস
স্নাতক চতুৰ্থ ষাণ্মাসিক,
ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)
সেই উকা দেৱালত তুমি ৰং সানিছিলা!
পিছে তুমিতো ৰজাঘৰীয়া চকুৰ তৰা নহয়—
তুমি আছিলা মৰুভূমিৰ বুকুত
এমুঠি পোহৰ বিলোৱা এটি তৰা।
চেৰেপা কলিজাৰ ভয়াতুৰবোৰে নাজানে—
সৃষ্টিৰ ভগ্নাৱশেষ বুটলি
কেনেকৈ সাজিব পাৰি আৱেগৰ এটি তাজমহল।
এখন ছবি আঁতৰালেই জানো সকলো শেষ হৈ যায়?
কাৰ সাহস আছে মচি দিব সেই নাম,
যি নাম খোদিত হৈ আছে
অসমীয়াৰ হিয়াৰ দেৱালে দেৱালে?
তুমি ৰজা—
পিছে কোনো সিংহাসনৰ নহয়;
তুমি মানুহৰ হৃদয়ত শাসন কৰা এজন একক সম্ৰাট।
আজি লুইতৰ পাৰে পাৰে,
বতাহে বতাহে, প্ৰতিধ্বনিত হৈছে এটাই শ্লোগান—
“Comrades never die”
কথা ক’বলৈ বুকুত লাগে বাঘৰ বল;
তুমি হ’লা সেই সাহসৰ আন এটা নাম,
তুমি হ’লা সেই প্ৰতিবাদৰ আন এটা নাম,
তুমি হ’লা সেই বিপ্লৱৰ আন এটা নাম।
য’ত অন্যায়— তাতেই তোমাৰ কণ্ঠৰ গৰ্জন;
য’ত শোষণ— তাতেই তোমাৰ সুৰৰ স্পন্দন।
তুমি ভাঙিলা মৌনতাৰ সকলো কাৰাগাৰ,
এৰি থৈ গ’লা মুক্ত আকাশৰ দুৱাৰ,
নতুন পোহৰৰ জোৱাৰ।
তোমাৰ কণ্ঠত জাগিছিল নিদ্ৰামগ্ন সময়ৰ বিবেক,
তোমাৰ সুৰত সাৰ পাইছিল অসংখ্য নীৰৱ স্বপ্ন।
মৃত্যুৱে নোৱাৰে মচিব তোমাৰ তেজস্বী খোজ;
তোমাৰ সৃষ্টিৰ মাজত জীয়াই থাকিব হাজাৰ সপোন,
হাজাৰ প্ৰতিজ্ঞা, হাজাৰ বিদ্ৰোহী হৃদস্পন্দন।
মিছা যুদ্ধৰ অহংকাৰ এদিন ধোঁৱা হৈ উৰি যাব,
ক্ষমতাৰ উন্মাদনাও এদিন হেৰাই যাব
ইতিহাসৰ ধূলিত….
কিন্তু—
কমৰেড জুবিন ৰৈ যাব…
যিমান দিন লুইত বৈ থাকিব,
যিমান দিন অসমীয়াৰ হৃদয়ত প্ৰেম, প্ৰতিবাদ
আৰু স্বপ্ন থাকিব জীয়াই—
সিমান দিন !
সিমান দিন বতাহে কঢ়িয়াই নিব এটাই নাম
“জুবিন গাৰ্গ”…!
