আপোনাৰ বিয়াৰ পাছত – হেৰম্ব নাথ

Pc Styleinthesway

আপোনাৰ বিয়াৰ পাছত

হেৰম্ব নাথ

আপোনাৰ বিয়াৰ পাছত
পিতৃ-মাতৃৰ স’তে থকা সম্পৰ্কই
দূৰত্বত অৱস্থান কৰে
পিতৃ-মাতৃয়ে আপোনাক কিছু হেয়জ্ঞান কৰে
ভণী-বাইদেউ, ভাই-ককাইহঁতে
আঁৰে আঁৰে বেলেগ চিন্তা কৰে(!)
আপোনাৰ বিয়াৰ পাছত
আপোনাৰ আলহী বাঢ়ি যায়
তাৰ সমান্তৰালকৈ
আপোনাৰ পিতৃ বংশৰ কিছুমান মানুহৰ
হিংসা-ঈৰ্ষাই গজালি মেলে
বিয়াৰ পাছত আপোনাৰ বাজেট বাঢ়ি যায়
কিন্তু উপাৰ্জন সীমিত হৈয়েই থাকে
তাতেই লাগে কেণা
আপুনি ইচ্ছা কৰিলেই পৰিয়ালৰ সদস্যক
দিব নোৱাৰে এযোৰ মন পছন্দৰ পোছাক
এনে হেন পৰিস্থিতিতেই ফাত মেলে
মাতৃ-পুত্ৰৰ পৱিত্ৰ সম্পৰ্কৰ!
আকৌ যেনিবা চকুৰ আগত
কিল্‌বিলাই থাকে মন্থৰাহঁত!
মন্থৰাহঁতৰ মন্ত্ৰণা শুনি
আপোনাৰ পত্নীৰ স’তে কাজিয়া কৰে মাতৃয়ে
অলপো বুজি নাপায়
সঁচা-মিছা বিচাৰ কৰাৰ ক্ষমতা বিলুপ্ত হৈ পৰে
মন্থৰাহঁতৰ মন্ত্ৰণাত!
দুপৰীয়া বাৰ বজাত (আপোনাৰ অনুপস্থিতিত)
ব্ৰেইন ৱাছ কৰে আপোনাৰ মাতৃৰ
মাজে সময়ে ভালৰি লগায় চাহৰ সোৱাদ লয়
বীজগণিতৰ কিবা ফৰ্মূলা আছে নেকি সন্ধান কৰে
ভাইৰ মাজত কাজিয়া লগাবলৈ
আপোনাৰ বিয়াৰ পাছত
মন্থৰাহঁতে চক্ৰবেহু ৰচনা কৰে কিদৰে আপোনাৰ পত্নীক অশান্তিত ৰাখিব পাৰি
কিদৰে ভাই-ককাই-ভণীৰ স’তে
কাজিয়া সৃষ্টি কৰিব পাৰি
আপোনাৰ পদূলিমুখত অশান্তিৰ আধাৰশিলা স্থাপন কৰাটোৱেই হ’ল একাংশৰ বৃহৎ লক্ষ্য
যেন এই লক্ষ্য পূৰ্ণ হ’লেহে টোপনি আহে সিহঁতৰ।
বিয়াৰ পাছত আপুনি সলনি হৈ পৰে
পৰিস্থিতিয়ে বাধ্য কৰায়
কেতিয়াবা আপুনি কাপুৰুষৰ পোছাক পিন্ধে,
নিৰূপায়ত পৰি এনে কিছুমান কথা কয়—
যিবোৰ হয়তো ক’ব নালাগিছিল।
আপুনি সচাঁকৈয়ে অভিনয় কৰে পৰিয়ালৰ সমুখত
সময়ে কয় এয়াই নিষ্ঠুৰ বাস্তৱ
এয়াই জীৱন
জীয়াই থাকিব লাগিব নমৰালৈকে
অভিনয় কৰি কৰি
সংসাৰ নামৰ নাট্য মঞ্চখনত।