শিশু সুৰক্ষা আৰু POCSO আইন
(শিক্ষকৰ দায়বদ্ধতা, প্ৰতিৰোধ আৰু সামাজিক জাগৰণ)
প্ৰেম বৈষ্ণৱ ,বিহালী, বিশ্বনাথ
শিক্ষা মানৱ জীৱনৰ এক পবিত্ৰ যাত্ৰা। এই যাত্ৰাই মানুহক অন্ধকাৰৰ পৰা পোহৰৰ দিশলৈ লৈ যায়। শিক্ষক কেৱল জ্ঞানৰ বিতৰক নহয়, তেওঁ এগৰাকী নিৰ্ভীক পথপ্ৰদৰ্শক। আজিৰ পৰিৱৰ্তিত সমাজ ব্যৱস্থাত জ্ঞানদানৰ দায়িত্বৰ সমান্তৰালভাৱে শিক্ষকৰ কান্ধত এক অতি গধুৰ দায়িত্ব আহি পৰিছে – সেয়া হৈছে শিশু সুৰক্ষা। বৰ্তমান সময়ত শিশুসকলে বিভিন্ন ধৰণৰ যৌন অপৰাধৰ সন্মুখীন হৈছে। এই ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে POCSO আইন প্ৰৱৰ্তন কৰিলে। প্ৰাথমিক পৰ্যায়ৰ শিক্ষকসকল শিশুৰ আস্থাৰ পাত্ৰ হোৱা বাবে এই আইনৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা অপৰিসীম।
POCSO আইনৰ দৰ্শন আৰু আইনী ভিত্তি কি ? এই প্ৰশ্নৰ উত্তৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকা আৰু সৰ্বসাধাৰণ ৰাইজে জনাটো খুবেই প্ৰয়োজন। ২০১২ চনত কাৰ্যকৰী হোৱা POCSO আইনখন শিশুৰ অধিকাৰ ৰক্ষাৰ সংকল্প। ইয়াৰ মূল লক্ষ্য ১৮ বছৰৰ অনুৰ্ধৰ শিশুক লিংগ ভেদাভেদ নোহোৱাকৈ সুৰক্ষা প্ৰদান কৰা। আইনখনৰ অধীনত প্ৰযুক্তিৰ অপব্যৱহাৰ আৰু প’ৰ্ন’গ্ৰাফীৰ প্ৰভাৱ আদি বিষয়বোৰো সামৰি লোৱা হৈছে। বিশেষকৈ শিক্ষকৰ বাবে এই আইনৰ ধাৰাসমূহ জনাটো নৈতিক দায়িত্ব, কিয়নো অভিযুক্তৰ বিৰুদ্ধে গোচৰ তৰাৰ সময়ত শিশুৰ পৰিচয় গোপন ৰখাটো আইনী বাধ্যবাধকতা।
এই বিষয়ে পৰ্যালোচনা কৰিলে “গুড টাচ” আৰু “বেড টাচ” কি সেয়া ভালকৈ জানিব লাগিব। শিশুৰ সুৰক্ষাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ পাঠ হৈছে নিজৰ শৰীৰৰ সীমা নিৰ্ধাৰণ কৰা। অধিকাংশ শিশুৱে অসংগত স্পৰ্শৰ পাৰ্থক্য বুজি নোপোৱাৰ বাবে বিপথগামী লোকৰ কবলত পৰে। শিক্ষক হিচাপে আমাৰ প্ৰাথমিক দায়িত্ব হৈছে শিশুক শৰীৰৰ প্ৰতিটো অংশৰ পবিত্ৰতাৰ বিষয়ে অৱগত কৰা। ‘গুড টাচ’ হৈছে মৰম আৰু সুৰক্ষাৰ প্ৰতীক। শিশুৱে যেতিয়া মাক-দেউতাকৰ সাৱটি লোৱা অনুভৱ কৰে বা শিক্ষকৰ পৰা পিঠিত স্নেহশীল স্পৰ্শ পায়, তেতিয়া তেওঁলোকৰ মনত নিৰাপত্তাবোধ জন্ম হয়। ইয়াৰ বিপৰীতে, ‘বেড টাচ’ হৈছে সেই আচৰণ যিয়ে শিশুৰ মনত অস্বস্তি, ভয় বা অপৰাধবোধৰ সৃষ্টি কৰে।
যদি কোনো ব্যক্তিয়ে শিশুৰ বক্ষস্থল, উৰুৰ মাজভাগ বা নিতম্বৰ দৰে ব্যক্তিগত অংগত স্পৰ্শ কৰে, তেন্তে সেয়া স্পষ্টভাৱে ‘বেড টাচ’। ইয়াৰ উপৰিও, অস্বাভাৱিকভাৱে ঘনিষ্ঠ হোৱা বা অশালীন অংগী-ভংগী প্ৰদৰ্শন কৰাটোও এই পৰিসৰৰ অন্তৰ্ভুক্ত। শিক্ষকসকলে শিশুসকলক বুজাব লাগে যে শৰীৰৰ এই অংশবোৰ তেওঁলোকৰ ব্যক্তিগত সম্পত্তি আৰু কাৰো অধিকাৰ নাই সেয়া স্পৰ্শ কৰাৰ । যদি কোনো অচিনাকি ব্যক্তিয়ে উপহাৰ, মিঠাই বা টকাৰ প্ৰলোভন দি শিশুৰ শৰীৰ স্পৰ্শ কৰিবলৈ চেষ্টা কৰে, তেন্তে শিশুটিয়ে তৎক্ষণাত সেই ব্যক্তিজনক সম্পূৰ্ণৰূপে নাকচ কৰিব লাগে।
আমি শিশুসকলক শিকাব লাগে যে তেওঁলোকৰ শৰীৰৰ মালিক তেওঁলোকে নিজেই। আনকি কোনো পৰিচিত আত্মীয়ৰ আচৰণ যদি অস্বস্তিকৰ হয়, তেন্তে তাকো কেতিয়াও উপেক্ষা কৰিব নালাগে। শিশুক শিকাব লাগে যে যদি কিবা স্পৰ্শত তেওঁলোকে নিজৰ মনত যন্ত্ৰণা অনুভৱ কৰে, তেন্তে সেই কাৰ্যটো লগে লগে পৰিহাৰ কৰিব লাগে। শিক্ষকসকলে শ্ৰেণীকোঠাত এনেদৰে অভিনয় বা চিত্ৰৰ মাধ্যমেৰে এই পাঠটো দিব লাগে যাতে শিশুৰ মনত ভয়ৰ সলনি সতৰ্কতাৰ সৃষ্টি হয়। শিশুৰ মনত এই বিশ্বাসটো সোমোৱাই দিব লাগে যে, ‘বেড টাচ’ কৰা ব্যক্তিজনৰ বিৰুদ্ধে চিঞৰাটো কোনো লাজৰ কথা নহয়, আচলতে সেয়া নিজৰ সুৰক্ষাৰ অধিকাৰহে। তেওঁলোকক শিকাব লাগে – ‘না’ ক’বলৈ শিকাটোৱেই জীৱনৰ আটাইতকৈ ডাঙৰ সাহস। যদি কোনোবাই তেওঁলোকক ভয় দেখুৱায় যে এই কথা কাৰোবাক ক’লে বিপদ হ’ব, তেন্তে শিশুটিয়ে জানিব লাগে যে সেই ধমকটো অপৰাধীৰ নিজৰ বচাবৰ বাবে কৰা প্ৰবঞ্চনা হে। এনে ধৰণৰ প্ৰতিটো সতৰ্কবাণীয়ে শিশুক এক সুৰক্ষিত মানসিক পৰিসৰ প্ৰদান কৰিব।
বিদ্যালয় কেৱল পাঠ্যপুথিৰ শিক্ষাৰ স্থান নহয়, ই সুৰক্ষাৰ প্ৰথম শিক্ষানুষ্ঠান। শ্ৰেণীকোঠাৰ পৰিৱেশ এনে হ’ব লাগে যাতে ছাত্ৰ-ছাত্ৰীয়ে কোনো ভয় অবিহনে নিজৰ কথা প্ৰকাশ কৰিব পাৰে। শিক্ষকৰ সৈতে গঢ়া মৰমৰ সম্পৰ্কই তেওঁলোকক নিৰ্ভীক কৰি তোলে। শ্ৰেণীকোঠাত এনে এক পৰিৱেশ সৃষ্টি কৰিব লাগে য’ত শিশুৱে অনুভৱ কৰিব পাৰে যে শিক্ষক তেওঁলোকৰ সুৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
শিশুৰ স্বভাৱত হোৱা পৰিৱৰ্তনবোৰ গভীৰ কথাৰ ইংগিত দিয়ে। অকাৰণত কান্দি থকা, স্কুললৈ আহিবলৈ ভয় কৰা বা অকলশৰীয়া হৈ পৰা – এইবোৰ লক্ষণে ইংগিত দিয়ে যে শিশুটি হয়তো কোনো মানসিক আঘাতৰ মাজেৰে পাৰ হৈছে। এনে সময়ত শিক্ষকে ধৈৰ্যৰে শিশুটিৰ সৈতে ব্যক্তিগত কথোপকথন কৰিব লাগে। শিক্ষকৰ সূক্ষ্ম নিৰীক্ষণ শক্তিয়ে বিপদত পৰা শিশুৰ বিষাদ ধৰা পেলাবলৈ সক্ষম হয়। প্ৰতিটো অস্বাভাৱিক আচৰণৰ আঁৰত থকা কাহিনীটো বুজি পোৱাৰ দায়িত্ব শিক্ষকৰ।
আইনৰ ধাৰা ২১ অনুযায়ী, নিৰ্যাতনৰ কথা অৱগত হোৱাৰ পাছত সেয়া আৰক্ষীক নজনোৱাটো দণ্ডনীয় অপৰাধ। বহু সময়ত শিক্ষকসকলে সমাজৰ ভয়ত ঘটনা লুকুৱাবলৈ চেষ্টা কৰে। আমাৰ কৰ্তব্য নিৰ্ভয়ে আৰক্ষী বা শিশু কল্যাণ সমিতিক অৱগত কৰা। শিক্ষক হিচাপে আমাৰ দায়বদ্ধতা সুৰক্ষাৰ প্ৰহৰী হোৱা। যদি আমি পদক্ষেপ নলওঁ, তেন্তে অপৰাধীৰ সৈতে সাঙোৰ খাই পৰিম।
ইণ্টাৰনেটৰ যুগত চাইবাৰ নিৰ্যাতন এক জটিল প্ৰত্যাহ্বান। অনলাইন গেম বা চছিয়েল মিডিয়াৰ জৰিয়তে শিশুসকলক যৌন নিৰ্যাতনৰ জালত পেলোৱাৰ চেষ্টা চলোৱা হয়। শিক্ষকসকলে অভিভাৱকৰ সৈতে মিলি মোবাইল ফোনৰ সঠিক ব্যৱহাৰৰ বিষয়ে সজাগ কৰিব লাগে। ‘প্ৰাইভেচী’ কি, কিমানখিনি তথ্য ইণ্টাৰনেটত দিব লাগে – এই সকলোবোৰ বিষয় শিক্ষকসকলে ক্লাছত মুকলি ভাবে আলোচনা কৰিব লাগে। অভিভাৱক সভাৰ জৰিয়তে গাওঁ বা নগৰৰ প্ৰতিটো পৰিয়ালৰ লগত সংযোগ স্থাপন কৰা সম্ভৱ। অভিভাৱক সভাত POCSO আইনৰ ওপৰত আলোচনা কৰি সমাজত থকা ভুল ধাৰণাবোৰ আঁতৰাব লাগে। শিক্ষকৰ নেতৃত্বত সামাজিক বিপ্লৱ গঢ়ি তুলিব পাৰি, য’ত শিশুৰ সুৰক্ষাক সকলোতকৈ ওপৰত স্থান দিয়া হ’ব।
শিক্ষক হোৱাটো বিশাল দায়িত্ব। সমাজৰ আৱৰ্জনাৰ পৰা শিশুক বচাই ৰখাৰ ঢাল হৈছে শিক্ষক। শিক্ষকৰ নিজৰ আচৰণ স্বচ্ছ আৰু আৰ্হি স্বৰূপ হ’ব লাগিব। আদৰ্শ শিক্ষক তেৱেঁই, যি নিজৰ ব্যক্তিত্বৰে শিশুৰ বাবে সুৰক্ষিত পৰিৱেশ সৃষ্টি কৰিব পাৰে।শিক্ষকসকলে নিয়মিতভাৱে কৰ্মশালাৰ জৰিয়তে নিজক আপ-টু-ডেট কৰি ৰাখিব লাগে। বিদ্যালয়ত নিয়মিতভাৱে সুৰক্ষা বিষয়ক আলোচনা চক্ৰ অনুষ্ঠিত কৰিব লাগে, য’ত আইন বিশেষজ্ঞক আমন্ত্ৰণ কৰি আনি সজাগতা বৃদ্ধি কৰিব পাৰি। এনে ধৰণৰ প্ৰচেষ্টাই শিক্ষকৰ মনত আত্মবিশ্বাস যোগায়।
শিশু সকল হ’ল আমাৰ দেশৰ ভৱিষ্যত। তেওঁলোকৰ হাঁহি আৰু নিৰ্ভীক শৈশৱক সুৰক্ষিত কৰাটো আমাৰ নৈতিক কৰ্তব্য। POCSO আইনখনে আমাক সেই ক্ষমতা প্ৰদান কৰিছে। আমাৰ এই প্ৰচেষ্টা কেৱল আইনী প্ৰবন্ধ বা সভাতে সীমাবদ্ধ নাথাকিব লাগে। ই প্ৰতিদিনৰ শ্ৰেণীকোঠাৰ অবিচ্ছেদ্য অংগ হ’ব লাগে। যেতিয়া প্ৰতিজন শিক্ষকে নিজকে শিশুৰ সজাগ প্ৰহৰী বুলি অনুভৱ কৰিব, তেতিয়াই এখন সুৰক্ষিত সমাজৰ সপোন বাস্তৱায়িত হ’ব।
