প্ৰেমৰ বৰষুণ
ৰূপালী গগৈ চুতীয়া,ডিব্ৰুগড়
এজাৰ ফুলীয়া হাঁহিত
কি ৰং সানি
ৰঙীন কৰিছা
আছুতীয়া খবৰ
আছে নেকি ?
নে হিয়াত আপুৰুগীয়া
প্ৰেম সাঁচি
গোপনে গোপনে
চকুলো টুকি
নিজতে সামৰি
ৰাখিছা৷
নুবুজাৰ সাঁথৰ এটি সুকীয়া
পিছে তুমিতো
মোৰ প্রেমৰ কবিতা
ছন্দ বোৰও নাছিল সুকীয়া
পানী নোখোৱা ঘাটত
কিয় নাওঁ বান্ধিছা?
তুমি মোৰ হৃদয়ত
আজিও আছা
তাহানিও আছিলা৷
আজিও বুকুৰ মাজত
তুমিয়েই জীয়াই আছা,
প্ৰতিটো উশাহত
বিচাৰি চোৱা৷
হৃদয়ৰ স্পন্দনত
বিয়পি পৰা
এটি মিঠা অনুভৱ হৈ
প্ৰেমৰ এজাক চিপচিপীয়া
বৰষুণ হৈ
বৰষুণ হৈ!
