(এক আলোকপাত)
কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু তেওঁৰ দূৰদৰ্শিতা
শংকৰ দেৱ, দেৰগাঁও
আজি বিশ্বৰ মানচিত্ৰত জিলিকি থকা ভাৰতবৰ্ষৰ একো একোজন অমূল্য ৰত্নৰ ক্ষেত্ৰত ১৮৬১ চনত কলকতাত জন্মগ্ৰহণ কৰা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ নাম নোলোৱাকৈ থাকিব নোৱাৰোঁ। শিক্ষা, সংস্কৃতি, সমাজ ব্যৱস্থা, ব্যৱসায়-বানিজ্য , বিজ্ঞানভিত্তিক চিন্তা-চৰ্চা, আধুনিকতা, মানৱীয় মূল্যবোধ আদিৰ বিকাশৰ সৈতে আগবাঢ়ি যোৱা এই বিকসিত ভাৰতবৰ্ষৰ ধাৰণাটোৰ মূল ভেঁটি স্থাপন কৰা ব্যক্তিসকলৰ ভিতৰত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল এজন অন্যতম দূৰদৰ্শীবান সবল ব্যক্তি । তেৱেঁই আছিল প্ৰথমজন ভাৰতীয়, যিজনে ১৯১৩ চনত নিজা কাব্যগ্ৰন্থ ‘ গিতাঞ্জলী ‘ ৰ বাবে বিশ্ব নোবেল বঁটা লাভ কৰি বিশ্বৰ মঞ্চত ভাৰতৰ সন্মান অক্ষুন্ন কৰি জিলিকাই দিছিল। বিভিন্ন ক্ষেত্ৰত থকা তেওঁৰ দূৰদৰ্শিতাৰ বাবে তেওঁক বিশ্বই চিনি পাইছিল।
শিক্ষাৰ ক্ষেত্ৰত তেওঁ বিশ্বাস কৰিছিল যে “শিক্ষা মানে কেৱল পুথিগত জ্ঞানেই নহয়, বৰঞ্চ মানৱ ব্যক্তিত্বৰ সামগ্ৰিক বিকাশ ” । এই চিন্তাধাৰা বাস্তৱায়িত কৰিবলৈ তেওঁ ১৯২১ চনত বিশ্বভাৰতী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ আগতেই ১৯০১ চনত শান্তিনিকেতনত এখন আকাশ মুক্ত বিদ্যালয় স্থাপন কৰিছিল, য’ত গছ-গছনীৰে পূৰ্ণ মুক্ত পৰিৱেশত পাঠদান কৰা হৈছিল, যি সেই সময়ৰ বাবে এক বিপ্লৱী ধাৰণা আছিল। আজিৰ “Interdisciplinary Learning” আৰু “Experiential Education”ৰ দৰে আধুনিক শিক্ষা ব্যৱস্থাৰ ধাৰণা সমূহৰ সৈতে এই চিন্তাধাৰাৰ যথেষ্ট মিল দেখা পোৱা গৈছিল ।
বিজ্ঞান আৰু আধ্যাত্মিকতাৰ ক্ষেত্ৰতো তেওঁৰ দৃষ্টিভংগী আধুনিক আৰু যুক্তিসংগত আছিল। আলবাৰ্ট আইনষ্টাইনৰ সৈতে ১৯৩০ চনত হোৱা তেওঁৰ ঐতিহাসিক আলোচনাত বিজ্ঞান আৰু মানৱ চেতনা সম্পৰ্কে তেওঁ এক গভীৰ দৃষ্টিভংগী আগবঢ়ায়। তেওঁ বিশ্বাস কৰিছিল যে “বিজ্ঞান অবিহনে ধৰ্ম অন্ধ” আৰু ” ধৰ্ম অবিহনে বিজ্ঞান পংগু” । আজিও এনে সমন্বয়মূলক চিন্তাধাৰা অতিকৈ প্ৰাসংগিক পূৰ্ণ হৈ আছে।
তেওঁৰ চিন্তাৰ আন এক উল্লেখযোগ্য দিশ আছিল সংকীৰ্ণ ৰাষ্ট্ৰবাদৰ বিৰোধিতা । বিংশ শতিকাৰ আৰম্ভণিতে বিশ্বজুৰি জাতীয়তাবাদৰ উত্থান ঘটাৰ সময়ত তেওঁ সকলোকে সতৰ্ক কৰি কৈছিল যে অন্ধ ৰাষ্ট্ৰবাদে মানৱ সমাজত বিভেদ আৰু সংঘাতৰ সৃষ্টি কৰিব পাৰে। তেওঁৰ Nationalism গ্ৰন্থত এই বিষয়ে গভীৰ বিশ্লেষণ আগবঢ়োৱা হৈছে। তেওঁ বিশ্বজনীন মানৱতাবাদক অগ্ৰাধিকাৰ দিছিল আৰু ভাৰতক এখন “বিশ্বৰ মিলনভূমি” হিচাপে গঢ়াৰ পৰিকল্পনা কৰিছিল।
গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰতো তেওঁৰ দূৰদৰ্শিতাৰ নিদৰ্শন পোৱা যায়, কাৰণ ১৯২২ চনত তেওঁ শ্ৰীনিকেতন প্ৰতিষ্ঠা কৰি গাঁওসমূহৰ অৰ্থনৈতিক উন্নয়ন, কৃষিৰ আধুনিকীকৰণ, কুটীৰ শিল্প আৰু সমবায় পদ্ধতিৰ বিকাশত গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ এই চিন্তাধাৰা পিছত মহাত্মা গান্ধীৰ গ্ৰাম স্বৰাজ ধাৰণাৰ সৈতেও মিল আছিল ।
সাংস্কৃতিক জাগৰণৰ ক্ষেত্ৰতো তেওঁৰ অৱদান অসাধাৰণ আছিল যিটো বিশ্বৰ প্ৰতি প্ৰান্তত প্ৰকাশ পাইছিল। তেওঁ প্ৰায় ২০০০ ৰো অধিক গীত ৰচনা কৰিছিল, যাক আজিও “ৰবীন্দ্ৰ সংগীত” বুলি জনা যায়। তেওঁৰেই সৃষ্টি ‘জন গণ মন’ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃত আৰু বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতো তেওঁৰেই সৃষ্টি। তেওঁৰ সাহিত্যই ভাৰতীয়সকলৰ মাজত আত্মবিশ্বাস, একতা আৰু সাংস্কৃতিক গৌৰৱ জাগ্ৰত কৰি ৰাখিছিল।
সামাজিক সংস্কাৰ আৰু নাৰী সৱলীকৰণৰ ক্ষেত্ৰতো তেওঁৰ ভূমিকা উল্লেখযোগ্য। তেওঁৰ বঙালী ভাষাৰ উপন্যাসসমূহ যেনেকৈ ‘ঘৰে-বাইৰে’ আৰু “গোৰা” আদিত তেওঁ সামাজিক কুসংস্কাৰ, ধৰ্মীয় গোড়ামী আৰু নাৰীৰ ওপৰত হোৱা বৈষম্যৰ বিৰুদ্ধে সবল যুক্তিৰে মাত মাতিছিল। তেওঁ নাৰীৰ শিক্ষাৰ প্ৰসাৰ আৰু সমাজত সমঅধিকাৰৰ জোৰদাৰ সমৰ্থক আছিল।
পৰিৱেশ সচেতনতা তেওঁৰ চিন্তাৰ আন এক গুৰুত্বপূৰ্ণ দিশ আছিল। তেওঁ শান্তিনিকেতনত “বৃক্ষৰোপণ উৎসৱ” আৰু “হলকৰ্ষণ”ৰ দৰে কাৰ্যসূচী আৰম্ভ কৰিছিল, যাৰ জৰিয়তে প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল। আজিৰ “Sustainable Development”ৰ ধাৰণাৰ সৈতে এই চিন্তাধাৰাৰ যথেষ্ট সাদৃশ্য দেখা পোৱা যায়। তেওঁৰ কবিতাৰ পংক্তিয়ে এখন মুক্ত, প্ৰগতিশীল আৰু মানৱতামূলক সমাজ গঢ়াৰ প্ৰেৰণাৰ উৎস।
সেইয়ে শেষান্তৰত ক’ব পাৰি যে ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল এনে এজন দূৰদৰ্শী চিন্তাবিদ, যাৰ চিন্তা আৰু কৰ্মই ভাৰতক কেৱল ভৌতিক ভাৱেই নহয়, বৌদ্ধিক আৰু আধ্যাত্মিক ভাৱেও আগুৱাই লৈ যাবলৈ সক্ষম হৈছিল। তেওঁৰ দূৰদৰ্শিতা আছিল এক সীমাহীন, মানৱতা পূৰ্ণ আৰু জ্ঞান ভিত্তিক পৃথিৱী গঢ়াৰ সপোন। তেওঁৰ দৰ্শন আজিৰ আধুনিক আৰু ডিজিটেল যুগতো সমানেই প্ৰাসংগিকতা আৰু উৎসাহ পূৰ্ণ বুলি দৃঢ়তাৰে ক’ব পাৰি।
