কমৰেড (Comrade): এটা শব্দ, বহু অৰ্থ – উপাসনা দেৱী

কমৰেড (Comrade): এটা শব্দ, বহু অৰ্থ

উপাসনা দেৱী

যোৱা দুদিন ধৰি অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ এখন ফটোত “কমৰেড” শব্দটো ব্যৱহাৰ হোৱাক কেন্দ্ৰ কৰি সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত ব্যাপক আলোচনা চলি আছে। বিভিন্নজনে বিভিন্ন দৃষ্টিভংগীৰে এই শব্দটোৰ ব্যাখ্যা আগবঢ়াইছে। সেই প্ৰসংগত “কমৰেড” শব্দটোৰ প্ৰকৃত অৰ্থ আৰু ব্যৱহাৰ সম্পৰ্কে কিছু কথা উল্লেখ কৰিব খুজিছোঁ।

আচলতে, “Comrade” শব্দটোৱে এনে এজন ব্যক্তিক বুজায় যিজন আপোনাৰ সংগী, সহযোদ্ধা, সহকৰ্মী অথবা একে আদৰ্শ আৰু লক্ষ্যত বিশ্বাসী। শব্দটোৰ মাজত সমতা, ভাতৃত্ববোধ, সহযোগিতা আৰু পাৰস্পৰিক সন্মানৰ গভীৰ ভাব নিহিত হৈ আছে।

“Comrade” শব্দটোৰ উৎপত্তি স্পেনিছ ভাষাৰ “Camarada” শব্দৰ পৰা হোৱা বুলি জনা যায়। পৰৱৰ্তী সময়ত ফৰাচী আৰু ইংৰাজী ভাষাৰ জৰিয়তে ইয়াৰ ব্যৱহাৰ বিশ্বজুৰি বিস্তাৰ লাভ কৰে। বিশেষকৈ ঊনবিংশ আৰু বিংশ শতিকাত সমাজবাদী আৰু সাম্যবাদী আন্দোলনৰ উত্থানৰ লগে লগে এই সম্বোধন অধিক জনপ্ৰিয় হৈ পৰে। ইয়াৰ মূল উদ্দেশ্য আছিল সমাজত বিদ্যমান ধনী-দুখীয়া, উচ্চ-নীচ বা পদমৰ্যাদাৰ ভেদাভেদ অতিক্ৰম কৰি সকলোকে সমমৰ্যাদা প্ৰদান কৰা।

ৰাজনৈতিক ক্ষেত্ৰত সমাজবাদী, সাম্যবাদী আৰু বাওঁপন্থী সংগঠনসমূহত সদস্যসকলে ইজনে আনজনক “কমৰেড” বুলি সম্বোধন কৰে। আনহাতে, সামৰিক ক্ষেত্ৰতো যুদ্ধক্ষেত্ৰত একেলগে সংগ্ৰাম কৰা সৈনিকসকলৰ মাজৰ গভীৰ বিশ্বাস আৰু বন্ধুত্ব প্ৰকাশ কৰিবলৈ এই শব্দ ব্যৱহাৰ কৰা হয়।

কেৱল ৰাজনীতি বা সামৰিক পৰিসৰতেই নহয়, সামাজিক ক্ষেত্ৰতো “কমৰেড” শব্দটোৱে ঘনিষ্ঠ বন্ধু, সংগী বা সুখ-দুখৰ সহযাত্ৰীক বুজাব পাৰে। সাহিত্যতো এই শব্দই কেৱল ৰাজনৈতিক সংগীক নহয়, আদৰ্শৰ পথৰ সহযাত্ৰী আৰু বিশ্বস্ত বন্ধুকো প্ৰতিনিধিত্ব কৰে।

“কমৰেড” শব্দটোৰ অন্তৰ্নিহিত মূল্যবোধসমূহ হ’ল— সমতা,(Equality)

ভাতৃত্ববোধ (Brotherhood)

একতা(Unity) সহযোগিতা(Cooperation)পাৰস্পৰিক সন্মান (Mutual Respect)

আৰু সংগ্ৰামী মনোভাৱ(Spirit of Struggle)

বিশ্বৰ বহু বাওঁপন্থী নেতাক “কমৰেড” বুলি সম্বোধন  কৰা হৈছিল। তাৰে ভিতৰত কাৰ্ল মাৰ্ক্স, ভ্লাদিমিৰ লেনিন, যোচেফ ষ্টেলিন আৰু মাও জে দঙৰ নাম উল্লেখযোগ্য।

সেয়েহে, “কমৰেড” শব্দটো কেৱল এটা ৰাজনৈতিক সম্বোধন নহয়; ই সমতা, একতা, ভাতৃত্ববোধ আৰু একে লক্ষ্যৰ বাবে একেলগে আগবাঢ়ি যোৱাৰ এক শক্তিশালী প্ৰতীক। অসমীয়াত ইয়াক “সহযোদ্ধা”, “সংগী”, “সহচৰ” অথবা “আদৰ্শগত বন্ধু” বুলি বুজিব পাৰি।