বৃন্দাবনৰ নগৰ
(মৰিয়নি মহাবিদ্যালয়)
পপী বৰা
কাকজান মহাবিদ্যালয় ছাত্ৰী
হোলোঙাপাৰ গিবন,যোৰহাট
মহাবিদ্যালয়ৰ চৌহদত থকা বৃন্দাবনৰ দেশত
নাঁচি উঠিছে কৃষ্ণচূড়াৰ ফুলৰ পাহি বোৰ ,
নাঁচি উঠিছে কৃষ্ণচূড়াৰ ফুলৰ পাহি বোৰ ,
এই মহাবিদ্যালয় বুকুৰ আঁৰত লুকাই থাকে
বিৰহৰ চকুলোৰ তাৰ মাজতেই এজাক সপোন,
বিৰহৰ চকুলোৰ তাৰ মাজতেই এজাক সপোন,
মহাবিদ্যালয়ৰ ৰঙীন হাঁহিত বাগৰি
আহে কিছু আবেগ, অনুভৱ;
আহে কিছু আবেগ, অনুভৱ;
যেতিয়া বৰষুনে কথা পাতে
তেতিয়া মহাবিদ্যালয়ৰ বৃন্দাবনৰ
চহৰৰ পৰা হৰ্থাত কোনোবাই মাত লগাই;
চহৰৰ পৰা হৰ্থাত কোনোবাই মাত লগাই;
নিস্তব্ধ হৈ মইও শুনি ৰও
বৰষুনৰ কথা বোৰ;
কিবা অনুভৱ লুকাই আছে হেজাৰ হেজাৰ সপোন..
হয়তো এটা এটা কাহিনী ;
হয়তো এটা এটা কাহিনী ;
ঠিক উপন্যাস ৰ দৰে!
এনে মহাবিদ্যালয়ে কাহিনী ৰচে হেজাৰ শব্দৰে
নহলেও অন্তত অলপ অনুভৱে চুই যাব পৰাকে ।
নহলেও অন্তত অলপ অনুভৱে চুই যাব পৰাকে ।
