উজনি অসমৰ বানপানীয়ে আমাক বহু কথা শিকাই গ’ল – নাছিৰ আহমেদ

Pc DNA India

উজনি অসমৰ বানপানীয়ে আমাক বহু কথা শিকাই গ’ল

নাছিৰ আহমেদ,শিমলাবাৰী, গোৱালপাৰা

এবাৰ বিহাৰত প্ৰবল বানপানী আৰু ঘনাই ঘনাই ভূমিকম্প হৈ বিস্তৰ ক্ষতি সাধন হোৱাত জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল যে, বিহাৰৰ জনতাৰ মহাপাপৰ ফলস্বৰূপে অভিশাপ ৰূপে বানপানী আৰু ভূমিকম্প হৈ বিহাৰৰ বিস্তৰ ক্ষতি সাধন কৰিলে। তেনেহলে, মহাত্মা গান্ধীৰ অনুসৰি উজনি অসমৰ বিশেষকৈ শিৱসাগৰবাসীৰ মহাপাপৰ ফলস্বৰূপে প্ৰলয়ঙ্কৰী বানপানী হৈ শিৱসাগৰকে আদি কৰি তিনিখন জিলা বিপৰ্য্যস্ত হৈ পৰিছে। কিন্তু, আমি জনা মতে, অসমৰ বিভিন্ন প্ৰান্তত ইয়াৰ আগতেও কেইবাবাৰো প্ৰলয়ঙ্কৰী বানপানী হৈ যথেষ্ট জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হৈছিল। প্ৰতি বছৰেতো সৰু-সুৰা বানপানী হৈয়ে থাকে। গতিকে, মানুহৰ পাপ-পূণ্যৰ লগত বানপানী বা ভূমিকম্পৰ কোনো সম্পৰ্ক নাই। সেই সময়তে জাতিৰ পিতা মহাত্মা গান্ধীৰ যুক্তি খণ্ডন কৰি বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল, বানপানী আৰু ভূমিকম্পবোৰ প্ৰাকৃতিক দুৰ্যোগহে ; ইয়াৰ লগত মানুহৰ পাপ-পূণ্যৰ কোনো সম্পৰ্ক নাই। কিন্তু কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰেও এই প্ৰাকৃতিক দুৰ্যোগসমূহও যে বেছিভাগ ক্ষেত্ৰতে মানৱসৃষ্ট তাক ভালকৈ উপলব্ধি কৰিব পৰা নাছিল। প্ৰতিবেশী পাহাৰীয়া ৰাজ্য যেনে নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ পাহাৰসমূহত সঘনাই কয়লা,বালি আৰু শিল খনন, গছ-গছনি কাটি তহিলং কৰা আৰু শোৱনশিৰিকে আদি কৰি জলবিদ্যুৎ উৎপাদনৰ নামত বৃহৎ বৃহৎ নদী বান্ধ নিৰ্মাণ কৰাৰ বাবেই অসমত ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰ্তমান অসম-বাসীয়ে এই বান পৰিস্থিতিৰ বাবে সদায় সাজু হৈ থাকিব লগা হোৱাৰ বাবে ক্ষয়-ক্ষতিৰ পৰিমাণ হ্ৰাস হোৱা দেখা যায়।

অৱশ্যে ,এইবাৰ উজনি অসমৰ বিশেষকৈ শিৱসাগৰ জিলাৰ বানপানীয়ে আগৰ সকলো ৰেকৰ্ড ভংগ কৰি এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰি ক্ষয়-ক্ষতিৰ পৰিমাণ যথেষ্ট বেছি হোৱা পৰিলক্ষিত হৈছে। তাৰ মূল কাৰণ হ’ল, কোনো আগজাননী নিদিয়াকৈ গুজৰি গুমৰি পাহাৰৰ ওপৰত পৰা ইমান তীব্ৰ গতিত বানপানী নামি আহিছিল যে, চকুৰ পচাৰতে উজনি অসমৰ তিনিখন জিলা বিশেষকৈ শিৱসাগৰ জিলাৰ ঘৰ-বাৰী, সা-সম্পত্তি আৰু শস্য পথাৰ তচনচ কৰি একেটা পৰিয়ালৰ চাৰিজনৰ ওপৰিও প্ৰায় শতাধিক মানুহ- দুনুহ আৰু ঘৰচীয়া জীৱ-জন্তুক কৰুণ ভাৱে অকাল মৃত্যুৰ মুখত ঠেলি দিলে। দ্বিতীয়তে ইয়াৰ আগতে এই অঞ্চলত ইমান প্ৰলংকৰী বানপানী নোহোৱাৰ বাবে শিৱসাগৰবাসীৰ প্ৰত্যক্ষ অভিজ্ঞতা নথকাৰ ফলত ক্ষয়-ক্ষতিৰ পৰিমাণ যথেষ্ট বেছি হ’ল। তৃতীয়তে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীয়ে সময় মতে আহি বন্যাৰ্ত ৰাইজক উদ্ধাৰ কাৰ্য পৰিচালনা নকৰাৰ বাবেই বানপীড়িত ৰাইজৰ কুলাই পাচিয়ে নধৰা দুখ হৈছে। সৌভাগ্যক্ৰমে,ধুবুৰীৰ প্ৰাক্তন সাংসদ তথা হোজাইৰ মৌলানা বদৰুদ্দিন আজমল চাহাবৰ ‘ আজমল ফাউণ্ডেছনে বানপীড়িত অঞ্চলত আহি কেইবা কোটি টকাৰ বান সাহায্য প্ৰদান কৰাৰ উপৰিও তেওঁৰ হাম হাস্পতালৰ এটা ডাক্তৰৰ দলে বানপানী শুকুৱাৰ পিছত ল’ব লগীয়া সাৱধানতাৰ বাবে  ঔষধ-পাতি যোগান দি বন্যাৰ্ত ৰাইজক কিছু পৰিমাণে হ’লেও সকাহ দিবলৈ সক্ষম হৈছে। তাৰ পিছত বানপীড়িত ৰাইজক সাহায্য দিবলৈ আগবাঢ়ি আহিল আনফৰ ফাউণ্ডেছন, ইউ এছ টি এম বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাতা তথা আচাৰ্য মাননীয় মাহবুবুল হক আৰু তেওঁৰ বিশেষজ্ঞ দল, মোম্বাইৰ বিখ্যাত ইউটিউবাৰ আহমেদ মনছুৰি , দিল্লীৰ কাপোৰৰ ব্যৱসায়ী খান ইত্যাদি। লগে লগে এষাৰ কথা প্ৰচাৰ হৈ গ’ল যে, মুছলমান ধনী ব্যক্তিসকলেহে বান সাহায্য প্ৰদান কৰি আছে। কিন্তু, এয়া সম্পূৰ্ণ সত্য নহয়।  এই সংগঠনসমূহৰ দৰে পৰ্যাপ্ত পৰিমাণে সাহায্য প্ৰদান কৰিব নোৱাৰিলেও  শিৱসাগৰৰ ৰাইজৰ দলৰ বিধায়ক তথা কৃষক নেতা মাননীয় অখিল গগৈ, স্থানীয় তিনিজন বিজেপি বিধায়ক, অসমৰ বিখ্যাত ইউটিউবাৰ সময় গগৈ, বিকাশ ছেত্ৰীকে আদি কৰি অসংখ্য ইউটিউবাৰ, ইনফ্লুৱেন্সাৰ আৰু বিভিন্ন দল সংগঠনে দৈনিক শাৰী শাৰীকৈ ট্ৰাক ভৰ্ত্তি সাহায্য সামগ্ৰী লৈ শিৱসাগৰ জিলাৰ বানপীড়িত ৰাইজক উদ্ধাৰ কাৰ্য আৰু সাহায্য প্ৰদান কৰি আছে। এই ক্ষেত্ৰত অসম  চৰকাৰ সম্পূৰ্ণ ৰূপে বিফল হৈছে যেন অনুভৱ হৈছে । প্ৰায় পোন্ধৰ দিনৰ মূৰতহে অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই এতিয়াহে টোপনিৰ পৰা সাৰ পাই বানপীড়িত ৰাইজক যৎসামান্য সাহায্য প্ৰদান কৰা পৰিলক্ষিত হৈছে।  তৎসত্ত্বেও,এতিয়াও ৰাজ্যিক চৰকাৰে বানপানীত মৃত্যু মুখত পৰা মৃতকৰ পৰিয়ালক কোনো আৰ্থিক অনুদান আগবঢ়োৱা দেখা নগ’ল।

 প্ৰবল বানপানীত বন্যাৰ্ত ৰাইজে নাজল-নাথল অৱস্থাত দিন অতিবাহিত কৰিব লগীয়া সত্ত্বেও কেন্দ্ৰীয় চৰকাৰেও এতিয়ালৈকে এক পইচাও অনুদান ঘোষণা কৰা নাই বা কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী শিৱসাগৰ জিলাত গৈ আৰ্ত জনৰ কাষত উপস্থিত হৈ সান্ত্বনাৰ বাণী দিয়া দেখা নগ’ল। খুবেই দেৰিকৈ হ’লেও জিন্দাল পৰিয়ালে পাঁচ কোটি টকা আৰু মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা ডাঙৰীয়ানীয়ে এক কোটি টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত প্ৰদান কৰা দেখা গৈছে। কিন্তু এই টকা কেতিয়াকৈ শিৱসাগৰ জিলাৰ বানপীড়িত ৰাইজে লাভ কৰিব নিশ্চিত নহয়। অসমৰ বুদ্ধিজীৱী, ৰাজনৈতিক নেতা তথা সমাজ-সচেতক ৰাইজে বাৰে বাৰে অনুৰোধ কৰা সত্ত্বেও কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰিবলৈ সন্মতি প্ৰকাশ কৰা নাই।

গতিকে , শিৱসাগৰ জিলাৰ বানপানীয়ে আমাক বিভিন্ন দিশত বহু কথা শিকাই গ’ল। এফালে’ মানুহে মানুহৰ বাবে’ মানৱতাবাদ, আনফালে কিছু ধৰ্মান্ধ ব্যক্তিৰ কটু মন্তব্য, চৰকাৰৰ উদাসীনতা, বিভাগীয় উৰ্ধতন বিষয়াসকলৰ অন্যমনস্কতা, অবিজ্ঞান-সন্মত ভাৱে পাহাৰ খনন, বৃহৎ বৃহৎ নদী বান্ধ নিৰ্মাণ, ৰাইজৰ অসচেতনতা আৰু আগন্তুক বিপদৰ বাবে  সতৰ্কতা গ্ৰহণ নকৰাৰ বিষময় ফল ইত্যাদি ইত্যাদি। আগলৈকে এনে ধৰণৰ ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সকলো অসমবাসীয়ে একত্ৰিত হোৱাৰ প্ৰয়োজন আহি পৰিছে।