সঁফুৰা
প্ৰভাত বণিয়া
তুমি আহিলে জোনাকে মিতালি পাতে
সঁজাল ধৰে মোৰ ধূসৰিত সপোন
ৰিক্ত হৃদয়খন এবুকু মৰমত উতলা হয়
নভবাকৈ দোলনা লাগে মনত
নিস্পৃহ অসাৰ অস্পৃশ্য মূমূৰ্ষ জীৱন পুনৰ সাৰ পায়
মেৰাই ধৰা তুমি মোক মাধৱীলতাৰ দৰে
ভৰুণ হয় পৃথিৱী,আকাশ,বতাহ
ৰিমঝিম বৰষুণ পৰিছে
আজি প্ৰাণোচ্ছল মোৰ হিয়াৰ
কলনি ।
