সঁফুৰা – প্ৰভাত বণিয়া

Pc Wallpapers.com

সঁফুৰা

প্ৰভাত বণিয়া

তুমি আহিলে জোনাকে মিতালি পাতে
সঁজাল ধৰে মোৰ ধূসৰিত সপোন
ৰিক্ত হৃদয়খন এবুকু মৰমত উতলা হয়
নভবাকৈ দোলনা লাগে মনত
নিস্পৃহ অসাৰ অস্পৃশ্য মূমূৰ্ষ জীৱন পুনৰ সাৰ পায়

মেৰাই ধৰা তুমি মোক মাধৱীলতাৰ দৰে

ভৰুণ হয় পৃথিৱী,আকাশ,বতাহ
ৰিমঝিম বৰষুণ পৰিছে

আজি প্ৰাণোচ্ছল মোৰ হিয়াৰ
কলনি ।