অম্বুবাচীৰ আধ্যাত্মিকতা আৰু মা কামাখ্যাৰ আৰাধনা – কল্পনা দত্ত

Pc DD News

অম্বুবাচীৰ আধ্যাত্মিকতা আৰু মা কামাখ্যাৰ আৰাধনা

কল্পনা দত্ত
লুইত নগৰ ,নুনমাটি, গুৱাহাটী 

প্ৰাচীন প্ৰাগজ্যোতিষপুৰ বা কামৰূপৰ বুকুত অৱস্থিত নীলাচল পাহাৰ কেৱল এক পৰ্যটনস্থলী বা পাহাৰ নহয়, ই হৈছে কোটি কোটি ধৰ্মীয় লোকৰ আস্থা, বিশ্বাস আৰু আধ্যাত্মিক চেতনাৰ প্ৰাণকেন্দ্ৰ। এই নীলাচলৰ শিখৰতে সৰ্বোচ্চ পীঠস্থান শ্ৰীশ্ৰী মা কামাখ্যা দেৱালয়। প্ৰতি বছৰে আহাৰ মাহত অনুষ্ঠিত হোৱা ‘অম্বুবাচী মেলা “কেৱল এক ধৰ্মীয় উৎসৱেই নহয়, ই প্ৰকৃতি, সৃষ্টি আৰু নাৰী শক্তিৰ এক অনন্য আৰু অপূৰ্ব মহামিলনৰ উৎসৱ। অসমৰ ধৰ্মীয়-সাংস্কৃতিক জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এই পৰ্বৰ আধ্যাত্মিকতা অতি গভীৰ আৰু ৰহস্যময়।

অম্বুবাচীৰ পৌৰাণিক আৰু আধ্যাত্মিক পটভূমিৰ মতে আমি সকলোৱে জানো ‘অম্বুবাচী’ শব্দটোৰ আক্ষৰিক অৰ্থ হ’ল ‘পানীৰ জন্ম’ বা ‘পানীৰ বিস্তাৰ’। পুৰাণ বৰ্ণিত কাহিনী অনুসৰি, দক্ষ যজ্ঞত পতি মহাদেৱৰ অপমান সহিব নোৱাৰি সতীয়ে দেহত্যাগ কৰাৰ পিছত, মহাদেৱে সতীৰ মৃতদেহ কান্ধত লৈ তাণ্ডৱ নৃত্য আৰম্ভ কৰিছিল। বিশ্ব ব্ৰহ্মাণ্ডক ধ্বংসৰ পৰা ৰক্ষা কৰিবলৈ ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰৰে সতীৰ দেহ ৫১টা খণ্ডত বিভক্ত কৰিছিল। ইয়াৰে সতীৰ ‘যোনিভাগ’ আহি পৰিছিল নীলাচল পাহাৰত। যি পৰৱৰ্তী সময়ত শক্তি সাধনাৰ সৰ্বপ্ৰধান পীঠ ‘কামাখ্যা’ নামেৰে জনাজাত হয়।

আধ্যাত্মিক দৃষ্টিৰে চালে, অম্বুবাচী হ’ল মহাজাগতিক শক্তিৰ পুনৰ্জাগৰণৰ সময়। বিশ্বাস কৰা হয় যে এই সময়ছোৱাত জগতজননী মাতৃ কামাখ্যা ঋতুমতী হয়। যিদৰে এগৰাকী নাৰীৰ ঋতুস্ৰাৱ সৃষ্টিৰ পাতনি বা নতুন জীৱনৰ সূচনাৰ বাবে অপৰিহাৰ্য, ঠিক তেনেদৰে ধৰিত্ৰী মাৰ এই বাৰ্ষিক ঋতুচক্ৰই পৃথিৱীখনক উৰ্বৰা আৰু শস্য-শ্যামলা কৰি তোলাৰ ইংগিত বহন কৰে। ই হৈছে প্ৰকৃতিৰ সৃষ্টিশীলতাক সন্মান জনোৱাৰ এক অনন্য আধ্যাত্মিক পৰম্পৰা।

অম্বুবাচীৰ নীতি-নিয়ম আৰু নিবৃত্তিৰ গুৰুত্ব অনুসৰি অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ ফালে যোৱাৰ এক উত্তম সময়। অম্বুবাচী প্ৰবৃত্তি (আৰম্ভণি) হোৱাৰে পৰা ধৰিত্ৰীক ঋতুমতী বুলি গণ্য কৰা হয় বাবে এই তিনিটা দিন বিশেষ কিছুমান নিয়ম পালন কৰা হয়:

১/ কৃষি কৰ্ম নিষিদ্ধঃ এই তিনিদিন ধৰিত্ৰী মাক বিশ্ৰাম দিয়া হয়। হাল বোৱা, কোৰ মৰা, গছ ৰোপণ কৰা আদি মাটি খন্দা সকলো কাম বন্ধ থাকে।

২/পূজা-অৰ্চনাৰ বিৰতিঃ অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে মা কামাখ্যাৰ মূল মন্দিৰৰ দুৱাৰ বন্ধ কৰা হয়। এই সময়ত কোনো মূৰ্তি স্পৰ্শ কৰা নহয় আৰু মন্দিৰৰ ভিতৰত থকা দেৱীৰ মূল পীঠখন ৰঙা বস্ত্ৰৰে ঢাকি ৰখা হয়।

৩/কিছু ঘৰুৱা নিয়মঃ সাধাৰণ গৃহস্থী সকলেও এই তিনিদিন নিজৰ ঘৰৰ পূজাঘৰ বন্ধ ৰাখে। বিশেষকৈ সৰ্পভয় নিবাৰণৰ বাবে আৰু মনৰ পবিত্ৰতাৰ বাবে এই সময়ত ফল-মূল বা নিৰামিষ আহাৰ গ্ৰহণ কৰা হয়। বহুতে এই সময়ছোৱাত কেৱল ফলাহাৰ বা ‘ফলাহাৰী ব্ৰত’ পালন কৰে।

এই নিবৃত্তি বা সংযমৰ অৰ্থ হ’ল মানুহে যাতে নিজৰ ইন্দ্ৰিয়সমূহক নিয়ন্ত্ৰণ কৰি অন্তৰ্মুখী হ’ব পাৰে আৰু ভগৱানৰ নামত নিজক বিলীন কৰিব পাৰে।

কামাখ্যা ধামত সাধকৰ সমাগম আৰু তান্ত্ৰিক গুৰুত্ব

অম্বুবাচীৰ সময়ত নীলাচল পাহাৰে এক অপূৰ্ব, ৰহস্যময় আৰু অলৌকিক ৰূপ ধাৰণ কৰে। ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ কপালিকা, অঘোৰী, নাগা সন্ন্যাসী, বাউল আৰু তান্ত্ৰিক সাধকৰ সমাগম ঘটে কামাখ্যা ধামত। যিসকলে সাধাৰণতে লোকচক্ষুৰ আঁতৰত হিমালয়ৰ গুহাত বা শ্মশানত সাধনা কৰে, তেওঁলোকেও এই সময়ত মা কামাখ্যাৰ আশীৰ্বাদ ল’বলৈ আৰু নিজৰ সিদ্ধি লাভৰ বাবে নীলাচললৈ ঢাপলি মেলে।

পাহাৰৰ চুকে-কোণে বহি থকা জঁটধাৰী সাধুসকলৰ ধূপ-ধূনাৰ গোন্ধ, ডম্বৰুৰ শব্দ আৰু ‘জয় মা কামাখ্যা’ ধ্বনিয়ে সমগ্ৰ পৰিৱেশটোত এক তীব্ৰ আধ্যাত্মিক তৰংগৰ সৃষ্টি কৰে। তন্ত্ৰ শাস্ত্ৰৰ মতে, অম্বুবাচীৰ এই তিনিটা দিনত কৰা জপ, তপ আৰু ধ্যানে সাধকক অতি সোনকালে আধ্যাত্মিক শিখৰলৈ লৈ যায়।

মন্দিৰৰ দুৱাৰ মুকলি আৰু ‘ৰক্ত বস্ত্ৰ’ৰ মাহাত্ম্য

তিনিদিনৰ নিবৃত্তিৰ অন্তত চতুৰ্থ দিনা অম্বুবাচীৰ ‘নবৃত্তি’ বা সামৰণি ঘটে। সেইদিনা পুৱা মা কামাখ্যাক স্নান কৰাই বিশেষ পূজা-অৰ্চনা কৰাৰ পিছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে মুকলি কৰি দিয়া হয়।

মা কামাখ্যাৰ অম্বুবাচীৰ আটাইতকৈ ডাঙৰ প্ৰসাদ হ’ল ‘অংগোদক’ (পবিত্ৰ জল) আৰু ‘ৰক্ত বস্ত্ৰ’ বা ‘অম্বুবাচী বস্ত্ৰ’।

দেৱীৰ ঋতুচক্ৰৰ সময়ত পীঠস্থানত যি ৰঙা বস্ত্ৰখণ্ড পাৰি দিয়া হৈছিল, সেই কাপোৰখন সৰু সৰু টুকুৰা কৰি ভক্তসকলৰ মাজত বিতৰণ কৰা হয়। বিশ্বাস কৰা হয় যে এই পবিত্ৰ ৰক্ত বস্ত্ৰ ধাৰণ কৰিলে বা ঘৰত ৰাখিলে সকলো ধৰণৰ নেতিবাচক শক্তি, বাধা-বিঘিনি আৰু ৰোগ-ব্যাধিৰ পৰা মুক্তি পোৱা যায়। এই প্ৰসাদ লাভৰ বাবে লাখ লাখ ভক্তই ঘণ্টাৰ পিছত ঘণ্টা শাৰী পাতি অপেক্ষা কৰে।

আধুনিক সমাজত ইয়াৰ প্ৰাসংগিকতা আমি এনেধৰণে আলোচনা কৰিব পাৰো — আজিকালি বিজ্ঞানৰ যুগত বহুতে অম্বুবাচীক অন্ধবিশ্বাস বুলি ক’ব খোজে, কিন্তু ইয়াৰ আঁৰত থকা বিজ্ঞান আৰু দৰ্শন অতি গভীৰ। অম্বুবাচীয়ে আমাক শিকায় যে নাৰীৰ ঋতুস্ৰাৱ কোনো অপবিত্ৰ কথা নহয়, বৰঞ্চ ই সৃষ্টিৰ আদি কাৰণ। যিখন সমাজত আজিও নাৰীৰ প্ৰাকৃতিক কাৰ্যসমূহক লৈ কুসংস্কাৰ আছে, সেই সমাজত মা কামাখ্যাৰ এই উৎসৱে নাৰীত্বক, মাতৃত্বক সৰ্বোচ্চ আসন প্ৰদান কৰিছে। একেদৰে, ধৰিত্ৰী মাক তিনিদিন জিৰণি দিয়াৰ যি পৰম্পৰা, সিয়ে প্ৰকৃতিৰ সৈতে মানুহৰ সহাৱস্থান আৰু পৰিৱেশ সংৰক্ষণৰ বাৰ্তাকেই বহন কৰি আহিছে।

নীলাচলৰ বুকুৰ পৰা নিগৰি অহা এই আধ্যাত্মিক চেতনা আৰু মাক কৰা আৰাধনাৰ সোঁতে আমাৰ মনৰ কলুষতা দূৰ কৰক। ধৰিত্ৰী আইৰ উৰ্বৰতাৰ দৰেই মানুহৰ মনবোৰো ভক্তি, প্ৰেম আৰু মানৱতাৰে উৰ্বৰ হৈ উঠক— মা কামাখ্যাৰ চৰণত এইয়াই প্ৰাৰ্থনা।

|| জয় মা কামাখ্যা ||