শত্ৰু মোৰ শ্ৰেষ্ঠ গৱেষক – হৰেন কপ্তাক

Pc Vecteezy

শত্ৰু মোৰ শ্ৰেষ্ঠ গৱেষক

হৰেন কপ্তাক

মই কোনো গৱেষক নহয়
গৱেষণা চলাবলৈ
বিলম্ব প্ৰেম,বিচ্ছেদিত জীৱনৰ
সিহঁত পিছে একো একোজন গৱেষক
সময়ৰ টিকনিডাল ধৰিবলৈ
ৰুটিনো পিছে  সিহঁতৰেই হাতত
সিহঁত হ’ল অদৃশ্য বিধাতা
নিতৌ চলায় গৱেষণা
ক’ত গৈছে,কি কৰিছে
গৱেষণা চলায় দিনে ৰাতিয়ে
সেয়া যে কোনো নহয়,
নাম যাৰ শত্ৰু !