তোমাৰ প্ৰেমত
ৰূপালী গগৈ চুতীয়া
ডিব্ৰুগড়
সপোনবোৰ যদিও সৰু
তথাপিও তোমাকলৈয়ে
দেখোঁ ,
অনুভৱ নকৰোঁ বুলি
যদিও ভাবোঁ
তথাপিও বাৰে বাৰে তোমাৰেই
প্ৰেমত পৰোঁ ,
তুমিয়েই কোৱা
এতিয়া মই
কি কৰোঁ ?
না মই মোৰ হৈ আছোঁ
না তোমাৰ হ’ব পাৰোঁ
তথাপিও ক্ষণে ক্ষণে
তোমাৰ কথাকে ভাবোঁ ।
প্ৰতিটো পুৱা
প্ৰতিটো নিশা
তোমাকেই সপিলো
তোমাকেই সপিলো!
