যাম এদিন সেই চহৰলৈ – মেৰী বৰদলৈ

Pc Vecteezy

যাম এদিন সেই চহৰলৈ

মেৰী বৰদলৈ
নগাঁও

বুকুত এধানিমান
অব্যক্ত তৃপ্তি লৈ
যাম এদিন
সেই চহৰলৈ
যাম এদিন
সেই চহৰলৈ
যিখন চহৰত কেৱ্ল
মই মোৰ কথা কম
মুকলিকৈ
লগ নেৰা
আপোনৰ সুবাসক
সেই পথতে
এৰি থৈ
যাম এদিন
সেই চহৰলৈ
যাম এদিন
সেই চহৰলৈ
সেইদিনা তোমাৰ
উৰুখা চালিৰ ফুটাৰে
বৰষুণ পৰিব
অনুভৱ অনুভূতিবোৰেও
জুৰিব বিননি
টোপ টোপ টোপকৈ
এই মায়াৰ বান্ধোনৰ পৰা
তোমাক মুক্ত কৰি
যাম এদিন
সেই চহৰলৈ
এৰি এটি কাহিনী
তোমাৰ মোৰ
চিৰদিনলৈ….!